• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেজেৰে চিঠি লিখি কৰা প্ৰতিবাদৰ ধৰণটো ভুল বুলি স্বীকাৰ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 3, 2019 5:35 pm

2 min read

Rupjyoti Kurmi File
7k
VIEWS
Share on FacebookShare on Twitter

সততে অভিনৱ ধৰণে প্ৰতিবাদ কৰি অহা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি বিধানসভাৰ চৌহদতে নিজৰ হাত কাটি তেজেৰে চিঠি লিখাৰ পিছতে নিজৰ এই কামক ভুল বুলি স্বীকাৰ কৰিছে।

তেওঁ নিজৰ ভুল স্বীকাৰেৰে বিধানসভাৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰি “প্ৰতিবাদৰ অন্য পথ ল’ব পৰা গ’ল হেঁতেন” বুলি মন্তব্য কৰে।

আজি কংগ্ৰেছৰ বিধায়কজনে বিধানসভাৰ চৌহদতে নিজৰ হাত কাটি তেজেৰে এখন চিঠি চৰকাৰলৈ লিখিছিল, য’ত পেপাৰ মিলকে ধৰি অসমৰ উদ্যোগবোৰ অসমৰ সম্পদ বুলি কৈ এইবোৰৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰাৰ উপৰি অসমীয়াৰ সন্মান বিক্ৰী কৰিবলৈ দিয়া নহ’ব বুলি কয়। চিঠিখন বিধায়ক কুৰ্মীয়ে বিধানসভাৰ চৌহদতে আঁৰি দিয়ে।

ব্লেডেৰে নিজৰ হাত কাটি এইদৰে চিঠি লিখাৰ পিছতে বিধায়কজনক তাৎক্ষণিকভাৱে বিধানসভাৰ চৌহদতে থকা চিকিৎসালয়ত ভৰ্তি কৰা হয়।

আনহাতে এই অভিনৱ প্ৰতিবাদৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় আৰু বিধানসভাৰ অধ্যক্ষই বিধায়কজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত দিয়ে।

পৰৱৰ্তী সময়ত মৰিয়নি সমষ্টিৰ বিধায়কজনে নিজৰ কামক ভুল পদক্ষেপ হিচাপে দেখা পায় আৰু অধ্যক্ষলৈ ক্ষমাপত্ৰ লিখে।

“মই ভাবো প্ৰতিবাদৰ মই লোৱা পথটো ভুল। মই প্ৰতিবাদ কৰিবলৈ অন্য পদক্ষেপ ল’ব পাৰিলো হেঁতেন”, বিধায়কজনে ক্ষমাপত্ৰখনত লিখে।

তেওঁ ভৱিষ্যতে তেনেকুৱা ভুল নকৰে বুলিও প্ৰতিশ্ৰুতি দিয়ে।

বিধায়কজনক চাৰিদিন পূৰ্বে বিধানসভাৰ অধিৱেশনৰ কাৰ্য্যসূচীৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

 

 

 

Recent News

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰিৰীক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd