নিৰ্বাচনী আচৰণবিধি উলংঘা : মৰিয়নিত জব্দ হিতাধিকাৰীৰ মাজত বিতৰণৰ বাবে নিয়া চাইকেল

নিৰ্বাচনী আচৰণবিধি চলি থকাৰ মাজতে বৃহস্পতিবাৰে মৰিয়নিত জব্দ হয় হিতাধিকাৰীৰ মাজত বিতৰণৰ বাবে নিয়া কেইবাখনো চাইকেল। একাংশ স্থানীয় লোকে জব্দ কৰে চাইকেল কেইখন।

এখন বলেৰ’ পিক আপ বাহনেৰে নি থকা অৱস্থাত ধোদৰ আলিত একাংশ লোকে দেখি গাড়ীখন অনুসৰণ কৰে। পাছত মৰিয়নিৰ হেমলাই চামতলত বাহনখন ধৰা পেলাবলৈ সক্ষম হয়।

বাহনখনৰ চালকজনে প্ৰকাশ কৰা মতে তেওঁ চাইকেল কেইখন টিয়কলৈ নি আছিল। কিন্তু মূল পথেৰে নগৈ ভিতৰুৱা এটা ৰাষ্টাৰে গাড়ীখন যাবলৈ লোৱাত ৰাইজৰ মাজত সন্দেহ উপজে।

পাছত উক্ত স্থানত মৰিয়নি সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। বিধায়ক কুৰ্মীয়ে চাইকেল কেইখন বিজেপিয়ে নিৰ্বাচনৰ সময়ত ভোটৰ স্বাৰ্থত ৰাইজক প্ৰলোভন দিয়াৰ উদ্দেশ্যে নিয়া বুলি সন্দেহ প্ৰকাশ কৰে।

তেওঁ কয়, ‘বিজেপিয়ে ভোটৰ অংকত নিৰ্বাচনী বিধি উলংঘা কৰি এই চাইকেল সমূহ বিলাবলৈ নিয়া বুলি আমাৰ সন্দেহ হৈছে। ইয়াৰ পূৰ্বে মাকুমতো বিজেপিৰ ডাঙৰ নেতাই ট্ৰেক্টৰ বিতৰণৰ চেষ্টা চলাইছিল। বিজেপিয়ে এইদৰে বিভিন্ন সামগ্ৰী বিতৰণৰে ভোটাৰৰ মন জয় কৰি নিৰ্বাচন জিকিব বিচাৰিছে বুলি আমাৰ সন্দেহ হয়।’

গাড়ীখনৰ চালকজনে প্ৰতিবাৰে পথ সলনি কৰি পাছত আমগুৰিৰ ৰাষ্টাৰে চাইকেল কেইখন নি আছিল বুলি কৈ যি ৰাষ্টাৰে যাব লাগে সেই ৰাষ্টাৰে নোযোৱাত সন্দেহ ওপজা বুলিও বিধায়কজনে জানিবলৈ দিয়ে।

আনহাতে বাহনখনৰ চালকজনে প্ৰকাশ কৰা মতে টিয়কৰ এটা বেংকলৈহে এই চাইকেলকেইখন নি আছিল। কিন্তু কি উদ্দেশ্যত নিৰ্বাচনৰ বতৰত এইদৰে চাইকেল লৈ যোৱা হৈছে সেয়া জানিব পৰা হোৱা নাই।

ইপিনে জব্দ কৰা চাইকেল কেইখন স্থানীয় ৰাইজে পাছত আৰক্ষীক গতাই দিয়ে।