• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংবাদমেলত সাংসদ প্ৰদ্যুৎ বৰদলৈ : ভাৰতৰ অৰ্থনীতি নিম্নগামী হৈছে; জুইক ফটাকানিৰে ঢাকিব পৰা নাযায়

হিন্দু, মুছলমান, জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এন আৰ চিৰ পৰা নাম বাদ পৰা ভাৰতীয়ক সহায় কৰিব কংগ্ৰেছে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 30, 2019 5:13 pm
ৰাজীৱ ভৱনত সংবাদমেলত সাংসদ প্ৰদ্যুৎ বৰদলৈ। ৩০ আগষ্টত।

ৰাজীৱ ভৱনত সংবাদমেলত সাংসদ প্ৰদ্যুৎ বৰদলৈ। ৩০ আগষ্টত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্মলা সীতাৰমণ মিছা কথা কোৱাত পাকৈত বুলি মন্তব্য কৰি ভাৰতৰ সাম্প্ৰতিক অৰ্থনীতিক লৈ বিত্ত মন্ত্ৰীগৰাকীয়ে কৰা দাবীক আজি মিথ্যা আখ্যা দিয়ে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সাংসদজনে আজি জি এছ ৰোডস্থিত ৰাজীৱ ভৱনত এখন সংবাদমেল দিয়ে।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে ২৯ আগষ্টত ভাৰতৰ অৰ্থনীতি পৃথিৱীৰ ভিতৰতে দ্ৰুত বিকাশশীল আখ্যা দিছিল।

Apply Now

“সীতাৰমণ মিছা কথা কোৱাত পাকৈত। ভাৰতৰ অৰ্থনীতি যদি ২.৩ ত্ৰিলিয়ন ডলাৰৰ পৰা ৫ ত্ৰিলিয়ন ডলাৰলৈ যায় তেন্তে বিজেপিৰ মুখত ফুল চন্দন পৰক”, কটাক্ষ বৰদলৈৰ।

তেওঁ ১৯৫১ চনৰ পিছত ভাৰতৰ অৰ্থনীতি অলপ অলপকৈ বৃদ্ধি হৈছিল। কিন্তু যোৱা দুই বছৰত ভাৰতৰ অৰ্থনীতি নিম্নগামী হৈছে বুলি দাবী কৰে। আৰু এইদৰে যদি অৰ্থনীতিৰ বিকাশ নহয় তেন্তে সংকট আহি পৰিব বুলিও মন্তব্য কৰে।

“জুইক ফটাকানিৰে ঢাকি ৰাখিব পৰা নাযায়”, কংগ্ৰেছ সাংসদগৰাকীয়ে কয়।

তাৰোপৰি সংবাদমেলত তেওঁ দেশত কৰ্মসংস্থানৰ ক্ষেত্ৰখনত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি কয়, “৩ লাখ মানুহে কৰ্ম সংস্থাপন হেৰুৱাইছে অটোমোবাইল ছেক্টৰত। ৩১০টা ডীলাৰ বন্ধ হৈ গৈছে। ছফ্টৱেৰৰ ছেক্টৰত ৭০০ কৰ্মচাৰীক চাটাই কৰা হৈছে আৰু এই পদ্ধতিৰে চলি থাকিলে বস্ত্ৰ উদ্যোগত ৩ কোটি লোকৰ চাকৰি নাইকিয়া হ’ব”।

আম্বানি, আদানিৰ জি টিভি, টাইমছ অব ইণ্ডিয়া, ৰিপাব্লিক টিভিকে ধৰি কিছুমান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ বিষয়ে বাতৰি প্ৰকাশ নকৰে বুলিও অভিযোগ বৰদলৈৰ।

বিজেপি চৰকাৰে ৰিজাৰ্ভ বেংকৰ সাঁচতীয়া ভাণ্ডাৰৰ পৰা ১.৭৬ লাখ কোটি টকা উলিয়াই নিব বিচাৰিছে বুলি কৈ সেই টকা ক’ত খৰচ কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ পৰা উত্তৰ বিচাৰে।

আনহাতে ৰাজ্যৰো অৰ্থনৈতিক স্থিতিত প্ৰশ্ন তুলি সাংসদজনে কয়, “সৰ্বানন্দ সোণোৱালক সুধিছো, ডেৰ বছৰ আগতে এডভাণ্টেইজ আছাম পাতিলে, এবছৰত এক লাখ কোটি টকা বিনিয়োগ হ’ব বুলি কৈছিল। কিন্তু ক’ত গ’ল সেই প্ৰতিশ্ৰুতি? ক’ত বিনিয়োগ হৈছে জনাওক। মই জনাত উদ্যোগৰ পৰিসৰ সংকুচিত হৈহে গৈ আছে। কিমানক কৰ্মসংস্থাপন দিলে? কিমান উদ্যোগত ধন বিনিয়োগ কৰিলে? ইমান ডাঙৰ চলনা কেতিয়াও আগতে হোৱা নাছিল।”

সংবাদমেলত এন আৰ চি বিষয়ত দলৰ স্থিতি দাঙি ধৰে সাংসদজনে। তেওঁ কয় কংগ্ৰেছ দলে শুদ্ধ এন আৰ চি প্ৰকাশ হোৱাটো বিচাৰে।

“বিজেপি দলে কেইদিনমান আগৰ পৰা পশ্চাদমুখী কাম-কাজ কৰিবলৈ চেষ্টা কৰিছে। শেহতীয়াকৈ প্ৰতীক হাজেলাক আক্ৰমণ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ ভূমিকাতো প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছে”, শাসকীয় দলটোৰ বিৰুদ্ধে বৰদলৈৰ অভিযোগ।

তেওঁ প্ৰদেশ কংগ্ৰেছে এন আৰ চিৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয় মানুহক আইনী সাহায্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

“নাম বাদ পৰা দুখীয়া ভাৰতীয়ক বিনা পইচাত সহায় কৰাৰ বাবে ব্যৱস্থা হাতত লৈছো। বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে এটা বিশেষ সম্প্ৰদায়ৰ মানুহক সহায় কৰিব বিচাৰিছে। কংগ্ৰেছে হিন্দু-মুছলমানকে ধৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে নাম বাদ পৰা ভাৰতীয়ক সহায়ৰ হাত আগ বঢ়াম।” বৰদলৈয়ে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

August 2, 2026 4:37 pm
বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

August 2, 2026 3:09 pm
ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

August 2, 2026 2:29 pm
চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

August 2, 2026 12:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

August 2, 2026 4:37 pm
বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

August 2, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd