• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয়কৃত বীমা কোম্পানীৰ ব্যক্তিগতকৰণৰ তীব্র বিৰোধিতা কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2021 2:28 pm
congressfla
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ কয় যে ২০১৪ চনৰ পৰা আমাৰ দেশত পৰিকল্পিতভাৱে গণতন্ত্ৰক হত্যা কৰাৰ অভিযান আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো গণতান্ত্ৰিক অনুষ্ঠানৰ কৰ্তৃত্ব বিনষ্ট কৰি একনায়কত্ববাদী শাসন চলাইছে।  এই মন্তব্য কৰিছে কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দেশৰ জনসাধাৰণৰ স্বাৰ্থত সাধাৰণ বীমা কোম্পানীক ৰাষ্ট্ৰীয়কৃত কৰিছিল যাতে জনগণৰ স্বাৰ্থ সুৰক্ষিত হয়। কিন্তু যোৱা পৰহি বিজেপি চৰকাৰে দেশৰ পবিত্ৰ সংসদক দুৰ্গস্বৰূপ কৰি, সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ “সাধাৰণ বীমা কোম্পানী“ সমূহক  চৰকাৰী তালিকাৰ পৰা আতঁৰাই বন্ধু উদ্যোগপতি সকলৰ স্বাৰ্থত “ব্যক্তিগতকৰণ“ অভিযানৰ বন্দোৱস্ত কৰিলে। ৰাজ্যসভাত বিৰোধীপক্ষক বক্তব্য ৰখাৰ সুযোগ নিদি মাৰ্শ্বাল লগাই “ব্যক্তিগতকৰণ বিধেয়ক“ গৃহীত কৰিলে।

Apply Now

আজিৰ পৰা সাধাৰণ বীমা কোম্পানী সমূহে প্ৰদান কৰা সুবিধাৰ পৰা দেশবাসী বঞ্চিত হব। “সাধাৰণ বীমা  ব্যৱসায় (ৰাষ্ট্ৰীয়কৰণ) আইন  সংশোধনী বিধেয়ক অনুসৰি, ৰাষ্ট্ৰীয়কৃত বীমা কোম্পানীত বাধ্যতামূলক ভাৱে থাকিবলগীয়া চৰকাৰৰ ৫১ শতাংশ কৰ্তৃত্বৰ বিলোপ ঘটিল। যাৰ পৰিণতিত দেশী বা বিদেশী যিকোনো পুঁজিপতিৰ স্বাৰ্থত গৃহীত এই আইনক বাধা দিয়া ক্ষমতা আৰু কাৰো নাথাকিব।

ইয়াৰ পূৰ্বে, মোডী চৰকাৰে কয়লা খনন, প্ৰতিৰক্ষা, মহাকাশ, পৰমাণু ক্ষেত্ৰতো  ব্যক্তিগত মালিকানাৰ স্বাৰ্থত সংস্কাৰ সাধন কৰি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰতো বিদেশী ৰাষ্ট্ৰক বিনিয়োগ কৰাৰ সুবিধা প্ৰদান কৰিছে। অতিমাৰীৰসময়ত জনসাধাৰণক মৃত্যুৰ মুখলৈ ঠেলি দি মোডী চৰকাৰে নিজস্ব বিশ্বাসৰ পৰা এই সংস্কাৰ সাধন কৰিছে।

এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিলগ্নিকৰণ বিভাগৰ সচিব তুহিন পাণ্ডেই চিআইআইৰ সভাত জনাইছে যে, বিজেপি চৰকাৰে চৰকাৰী সম্পত্তি সমূহ ব্যক্তিগতখণ্ডৰ হাতত তুলি দি ৬ লক্ষ কোটি টকা নিজৰ হাতলৈ অনাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত পাৱাৰ গ্ৰীড্ কৰ্পোৰেচনৰ আন্ত:গাঠনি, ৰাষ্ট্ৰীয় ঘাইপথ । চলিত বছৰতেই এয়াৰ ইণ্ডিয়া, ভাৰত পেট্ৰলিয়াম, শ্বিপিং  কৰ্পোৰেচন, পৱনহংস, বিইএমএল ৰ দৰে সংস্হাৰ ব্যক্তিগতকৰণ হব। ইয়াৰ পিছত “জীৱন বীমা নিগম“ ৰ শ্বেয়াৰ বজাৰত বিক্ৰী হব। এইয়াই বিজেপিৰ “সবকা সাথ সবকা বিকাশ“ নে, সবকা বিনাশ আউৰ আদানী – আম্বানী কা বিকাশ।

ভট্টাচাৰ্যই লগতে কয় যে কভিড অতিমাৰীৰ ৰোধত ব্যৰ্থ অসম চৰকাৰ আৰু বিজেপি দললৈ আহবান – সস্তীয়া ৰাজনীতিৰ নামত “আশীৰ্বাদ যাত্ৰা“ ৰূপায়িত কৰি ৰাজ্যবাসীক আৰু মৃত্যুমুখলৈ ঠেলি নিদিব নহলে “আশীৰ্বাদ যাত্ৰা –“ অভিশাপ যাত্ৰা“  হব।

ইপিনে  অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও বছৰজোৰা কাৰ্য্যসূচীৰে ৭৫ তম্  স্বাধীনতা বৰ্ষটি  পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে দলৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী ডাঙৰীয়াক অধ্যক্ষ, প্ৰাক্তন সাংসদ বলীন কুলীক উপাধ্যক্ষ আৰু নৃপেন ঠাকুৰীয়াক আহবায়ক হিচাপে লৈ এখনি ৰাজ্যিক পৰ্য্যায়ৰ সমিতি গঠন কৰি দিছে। অনুৰূপ ধৰণে জিলা পৰ্য্যায়তো একোখন সমিতি গঠন কৰা হব।

বৰ্ষজোৰা কাৰ্য্যসূচীৰ অংশ হিচাবে অহা ১৪ আগষ্টত বিয়লিৰ ভাগত জিলাস্হ শ্বহীদ পৰিয়াল, মুক্তিযোদ্ধাৰ পৰিয়ালক কভিড বিধি মানিয়েই দলৰ জিলা সমিতিসমূহে প্ৰদেশ কংগ্ৰেছৰ দ্বাৰা নিযুক্ত তত্বাৱধায়ক সকলক লৈ “শ্বহীদ সন্মান দিৱস“ৰ  কাৰ্য্যসূচী পালন কৰিব।

১৫ আগষ্টত পতাকা উত্তোলনৰ লগতে “স্বতন্ত্ৰতা যাত্ৰা“ৰ কাৰ্য্যসূচী পালন কৰা হব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm
দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

September 12, 2026 10:39 am
শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm
দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

September 12, 2026 10:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd