ৰাষ্ট্ৰীয়কৃত বীমা কোম্পানীৰ ব্যক্তিগতকৰণৰ তীব্র বিৰোধিতা কংগ্ৰেছৰ

congressfla

তেওঁ কয় যে ২০১৪ চনৰ পৰা আমাৰ দেশত পৰিকল্পিতভাৱে গণতন্ত্ৰক হত্যা কৰাৰ অভিযান আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো গণতান্ত্ৰিক অনুষ্ঠানৰ কৰ্তৃত্ব বিনষ্ট কৰি একনায়কত্ববাদী শাসন চলাইছে।  এই মন্তব্য কৰিছে কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দেশৰ জনসাধাৰণৰ স্বাৰ্থত সাধাৰণ বীমা কোম্পানীক ৰাষ্ট্ৰীয়কৃত কৰিছিল যাতে জনগণৰ স্বাৰ্থ সুৰক্ষিত হয়। কিন্তু যোৱা পৰহি বিজেপি চৰকাৰে দেশৰ পবিত্ৰ সংসদক দুৰ্গস্বৰূপ কৰি, সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ “সাধাৰণ বীমা কোম্পানী“ সমূহক  চৰকাৰী তালিকাৰ পৰা আতঁৰাই বন্ধু উদ্যোগপতি সকলৰ স্বাৰ্থত “ব্যক্তিগতকৰণ“ অভিযানৰ বন্দোৱস্ত কৰিলে। ৰাজ্যসভাত বিৰোধীপক্ষক বক্তব্য ৰখাৰ সুযোগ নিদি মাৰ্শ্বাল লগাই “ব্যক্তিগতকৰণ বিধেয়ক“ গৃহীত কৰিলে।

আজিৰ পৰা সাধাৰণ বীমা কোম্পানী সমূহে প্ৰদান কৰা সুবিধাৰ পৰা দেশবাসী বঞ্চিত হব। “সাধাৰণ বীমা  ব্যৱসায় (ৰাষ্ট্ৰীয়কৰণ) আইন  সংশোধনী বিধেয়ক অনুসৰি, ৰাষ্ট্ৰীয়কৃত বীমা কোম্পানীত বাধ্যতামূলক ভাৱে থাকিবলগীয়া চৰকাৰৰ ৫১ শতাংশ কৰ্তৃত্বৰ বিলোপ ঘটিল। যাৰ পৰিণতিত দেশী বা বিদেশী যিকোনো পুঁজিপতিৰ স্বাৰ্থত গৃহীত এই আইনক বাধা দিয়া ক্ষমতা আৰু কাৰো নাথাকিব।

ইয়াৰ পূৰ্বে, মোডী চৰকাৰে কয়লা খনন, প্ৰতিৰক্ষা, মহাকাশ, পৰমাণু ক্ষেত্ৰতো  ব্যক্তিগত মালিকানাৰ স্বাৰ্থত সংস্কাৰ সাধন কৰি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰতো বিদেশী ৰাষ্ট্ৰক বিনিয়োগ কৰাৰ সুবিধা প্ৰদান কৰিছে। অতিমাৰীৰসময়ত জনসাধাৰণক মৃত্যুৰ মুখলৈ ঠেলি দি মোডী চৰকাৰে নিজস্ব বিশ্বাসৰ পৰা এই সংস্কাৰ সাধন কৰিছে।

এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিলগ্নিকৰণ বিভাগৰ সচিব তুহিন পাণ্ডেই চিআইআইৰ সভাত জনাইছে যে, বিজেপি চৰকাৰে চৰকাৰী সম্পত্তি সমূহ ব্যক্তিগতখণ্ডৰ হাতত তুলি দি ৬ লক্ষ কোটি টকা নিজৰ হাতলৈ অনাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত পাৱাৰ গ্ৰীড্ কৰ্পোৰেচনৰ আন্ত:গাঠনি, ৰাষ্ট্ৰীয় ঘাইপথ । চলিত বছৰতেই এয়াৰ ইণ্ডিয়া, ভাৰত পেট্ৰলিয়াম, শ্বিপিং  কৰ্পোৰেচন, পৱনহংস, বিইএমএল ৰ দৰে সংস্হাৰ ব্যক্তিগতকৰণ হব। ইয়াৰ পিছত “জীৱন বীমা নিগম“ ৰ শ্বেয়াৰ বজাৰত বিক্ৰী হব। এইয়াই বিজেপিৰ “সবকা সাথ সবকা বিকাশ“ নে, সবকা বিনাশ আউৰ আদানী – আম্বানী কা বিকাশ।

ভট্টাচাৰ্যই লগতে কয় যে কভিড অতিমাৰীৰ ৰোধত ব্যৰ্থ অসম চৰকাৰ আৰু বিজেপি দললৈ আহবান – সস্তীয়া ৰাজনীতিৰ নামত “আশীৰ্বাদ যাত্ৰা“ ৰূপায়িত কৰি ৰাজ্যবাসীক আৰু মৃত্যুমুখলৈ ঠেলি নিদিব নহলে “আশীৰ্বাদ যাত্ৰা –“ অভিশাপ যাত্ৰা“  হব।

ইপিনে  অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও বছৰজোৰা কাৰ্য্যসূচীৰে ৭৫ তম্  স্বাধীনতা বৰ্ষটি  পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে দলৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী ডাঙৰীয়াক অধ্যক্ষ, প্ৰাক্তন সাংসদ বলীন কুলীক উপাধ্যক্ষ আৰু নৃপেন ঠাকুৰীয়াক আহবায়ক হিচাপে লৈ এখনি ৰাজ্যিক পৰ্য্যায়ৰ সমিতি গঠন কৰি দিছে। অনুৰূপ ধৰণে জিলা পৰ্য্যায়তো একোখন সমিতি গঠন কৰা হব।

বৰ্ষজোৰা কাৰ্য্যসূচীৰ অংশ হিচাবে অহা ১৪ আগষ্টত বিয়লিৰ ভাগত জিলাস্হ শ্বহীদ পৰিয়াল, মুক্তিযোদ্ধাৰ পৰিয়ালক কভিড বিধি মানিয়েই দলৰ জিলা সমিতিসমূহে প্ৰদেশ কংগ্ৰেছৰ দ্বাৰা নিযুক্ত তত্বাৱধায়ক সকলক লৈ “শ্বহীদ সন্মান দিৱস“ৰ  কাৰ্য্যসূচী পালন কৰিব।

১৫ আগষ্টত পতাকা উত্তোলনৰ লগতে “স্বতন্ত্ৰতা যাত্ৰা“ৰ কাৰ্য্যসূচী পালন কৰা হব।