পাকিস্তানত নিৰ্বাচন জয়ী হ’ব পৰাকৈ প্ৰস্তুত কৰা হৈছে কংগ্ৰেছৰ ইস্তাহাৰ- দাবী হিমন্ত বিশ্ব শৰ্মাৰ

পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ কংগ্রেছৰ ইস্তাহাৰৰ ওপৰত আক্ৰমণাত্মক হৈ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে কয় যে কংগ্রেছ দলৰ ইস্তাহাৰ এনেদৰে প্রস্তুত কৰা হৈছে যে তেওঁলোকে যাতে পাকিস্তানতহে নির্বাচনত জয়ী হয়৷

ড° শৰ্মাই কয় যে , “কংগ্ৰেছ দলৰ ইস্তাহাৰ এনেদৰে প্ৰস্তুত কৰা হয় যে তেওঁলোকে যাতে পাকিস্তানত অনুষ্ঠিত নিৰ্বাচনতহে জয়ী হয়। কংগ্ৰেছৰ ইস্তাহাৰ পাকিস্তানৰ জনসাধাৰণৰ বাবে বেছি আৰু ভাৰতৰ জনসাধাৰণৰ বাবে কম। কংগ্ৰেছে এনে এখন ইস্তাহাৰ প্ৰস্তুত কৰিছে যিয়ে সাধাৰণ জনতাৰ পৰা সম্পদ কাঢ়ি নিব আৰু কংগ্ৰেছে দেশৰ অৰ্থনীতি ধ্বংস কৰিব। আমি কংগ্ৰেছৰ ইস্তাহাৰৰ ব্যাখ্যা সঠিকভাৱে কৰিছোঁ। এই ইস্তাহাৰ যে তুষ্টিকৰণৰ বাহিৰে আন একো নহয়, সেইটো দেখুৱাবলৈ ৰাজহুৱা বিতৰ্কৰ বাবে তেওঁলোকক প্ৰত্যাহ্বান জনাম।”

মুখ্যমন্ত্ৰী শৰ্মাই ৰাজস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ভাষণৰ সমৰ্থনত কয় যে “যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে ই মানুহৰ ধন-সম্পত্তি মুছলমানক পুনৰ বিতৰণ কৰিব।”

শৰ্মাই কয়, ‘প্ৰধানমন্ত্ৰীয়ে শুদ্ধকৈ কৈছে যে দেশৰ সম্পদৰ ওপৰত সকলোৰে অধিকাৰ আছে।পিছে কংগ্ৰেছে দেশৰ সম্পদৰ প্রথম অধিকাৰ এটা বিশেষ সম্প্রদায়ৰ লগত আছে বুলি কিয় ক’লে? সেয়া কংগ্রেছ দলৰ কাম৷” তদুপৰি এজন সাংবাদিকে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিষয়ে সোধাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘পাপ্পু’ৰ বাবেহে ৰাহুল গান্ধী শ্ৰেষ্ঠ প্ৰাৰ্থী।