আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ কলিয়াবৰত কংগ্ৰেছে চলাইছে ব্যাপক প্ৰস্তুতি

আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ কলিয়াবৰত সকলো ৰাজনৈতিক দলেই ব্যাপকভাৱে আয়োজন চলাইছে।  আৰু সমান্তৰালভাৱে মনত অযুত আশা বান্ধি কংগ্ৰেছ দলেও আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ কলিয়াবৰৰ বিভিন্ন প্ৰান্তত আয়োজন কৰিছে দলীয় সভা।
কালি অৰ্থাৎ ৭ অক্টোবৰত কলিয়াবৰৰ  শালনা চাহ বাগিচাত অনুষ্ঠিত হোৱা এখন বুথ কমিটিৰ সভাত বৰ্তমানৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰি দলীয় কাম কাজৰ আলোচনা কৰাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলটোক শক্তিশালী ৰূপত যুজঁ দিয়াৰ বাবে দলীয় কৰ্মীৰ লগত আলোচনাত মিলিত হয় আৰু দলটোক সদায় নিষ্ঠাৰে আগবাঢ়ি যাবলৈ মত পোষণ কৰে।
আনহাতে প্ৰাক্তন মন্ত্ৰী, বিধায়ক তথা বৰ্তমানৰ কংগ্ৰেছ কৰ্মী বলৰাম নাগৰ বাসগৃহত উপস্থিত হৈ গৌৰৱ গগৈয়ে নাগৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰতো আলোচনা কৰে।