কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে পুনৰ এবাৰ বিজেপিক লৈ তীব্ৰ কটাক্ষ কৰিছে। তেওঁ কয়, বিজেপিৰ কোনো নীতি নাই। কংগ্ৰেছক নকল কৰে। তেওঁলোকৰ ৰাজনীতিৰ কোনো বাস্তৱতা নাই।
নিজৰ এক্স হেণ্ডেলত খাৰ্গেই কয় যে বিজেপিয়ে যি ধৰণৰ ৰাজনীতি কৰে তাৰ ফলত দেশৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে। প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিৰ কোনো বাস্তৱতা নাই। কংগ্ৰেছ ক্ষমতাত থকা ৰাজ্যৰ মানুহে জানে কংগ্ৰেছৰ পৰা তেওঁলোকে কিমান লাভৱান হৈছে। সেয়ে বিজেপিৰ অপপ্ৰচাৰ আওকাণ কৰি তেওঁলোকে আকৌ এবাৰ কংগ্ৰেছক বাছি ল’ব।
লগতে পঢ়কঃ ভঙা সুৰংগৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব আৱদ্ধ শ্ৰমিকক? পাঁচ পৰিকল্পনাত জোৰ দিছে উদ্ধাৰকাৰীয়ে
লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলোৱে ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফললৈ চাই আছে। এই ৫খন ৰাজ্যত বিজেপিয়ে কেনে ফলাফল লাভ কৰে তাৰ ওপৰত লোকসভা নিৰ্বাচনৰ ফলাফল বহুখিনি নিৰ্ভৰ কৰিব। ৰাজনৈতিক বিশেষজ্ঞসকলে এইদৰেই ভাবে।
অৱশ্য়ে বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ মাজত যথেষ্ট পাৰ্থক্য থাকে। সেয়ে লোকসভা নিৰ্বাচনক লৈ বিজেপি বৰ বেছি চিন্তিত নহয়। এই কথা সদৰী কৰিছে বিজেপিয়ে।
লগতে পঢ়কঃপ্ৰেমত মচগুল হৈও বিয়ালৈ ভয় শ্ৰুতিৰ; অসমৰ বোৱাৰী হ’বলৈ আৰু কিমান দিন?
আনহাতে, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ইণ্ডিয়া মিত্ৰজোঁটক লৈ বিজেপি শংকিত বুলি দাবী কৰে।