ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী; ৰহস্যজনক ভাৱে মৌন নৰেন্দ্ৰ মোদী : অভিযোগ ৰিপুন বৰাৰ

আজি শিৱসাগৰৰ ৰাজীৱ ভৱনত এক সংবাদ মেলৰ জৰিয়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ  সৰ্ববৃহত কেলেংকাৰী সংঘটিত কৰিছে বুলি এখ অভিযোগ উত্থাপন কৰে।
লগতে সভাপতি গৰাকীয়ে কয় যে কংগ্ৰেছ দলে এই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি আহিছে যদিও ৰহস্যজনক ভাৱে মৌন হৈ আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
আজিৰ সংবাদমেলত সভাপতিজনে কয় যে ২০১২ চনৰ ডিচেম্বৰ মাহত ইউপিএ চৰকাৰৰ কাৰ্য্যকালত ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ আন্ত:ৰাষ্ট্ৰীয় নিবিদাৰ জৰিয়তে এখন বিমানৰ মূল্য নিৰ্ধাৰণ কৰিছিল ৫২৬.১০ কোটি টকাত। কিন্তু ২০১৪ চনৰ মে’ মাহত দেশৰ শাসলনৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন বিজেপি চৰকাৰ খনে ২০১৫ চনৰ ১০ এপ্ৰিলত হঠাতে একপক্ষীয় ভাৱে  প্ৰতিখন বিমান ১৬৭০.৭০ কোটি টকাকৈ ৩৬ খন ৰাফেল বিমান ৬০,১৪৫ কোটি টকাত ক্ৰয় কৰিবলৈ সিদ্ধান্ত লয়।
ৰিপুন বৰাই কয় যে বিগত  ইউপিএ চৰকাৰৰ কাৰ্য্যকালত প্ৰতিখন ৰাফেল বিমানৰ মূল্য আছিল ৫২৫.১০ কোটি টকা। সেই অনুপাতে ৩৬ খন বিমানৰ মূল্য হ’ব লাগিছিল ১৮,৯৪০ কোটি টকা। কিন্তু মোদী চৰকাৰে পূৰ্বৰ ইউপিএ চৰকাৰে কৰা চুক্তি মূল্যতকৈ অতিৰিক্ত ভাৱে ৪১,২০৫ কোটি টকা বেছিকে ভৰি ৰাফেল বিমান ক্ৰয়ৰ চুক্তি কৰে। যাৰ বাবে এই ৰাফেল বিমান ড্ৰীলৰ আঁৰত এক গোপন ৰহস্য আছে বুলি ৰিপুন বৰাই এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে।
সভাপতি গৰাকীয়ে এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি কয় যে ২০১৫ চনৰ ৮ এপ্ৰিলত কেন্দ্ৰীয় বৈদেশীক সচিবে প্ৰধান মন্ত্ৰী মোদীৰ ফ্ৰান্স ভ্ৰমণৰ সময়ত ৰাফেল যুদ্ধৰ বিমানৰ কোনো চুক্তি নহয় বুলি চৰকাৰী ভাৱে ঘোষণা  কৰাৰ ঠিক দুটা দিনৰ পাছতেই অৰ্থাৎ ১০ এপ্ৰিলত প্ৰধানমন্ত্ৰী গৰাকীয়ে ফ্ৰান্সৰ পৰা ৩৬ খন ৰাফেল বিমান ক্ৰয় কৰিবলৈ চুক্তি সম্পাদন কৰিলে।
ফলত এই কথাই ৰাফেল বিমান ক্ৰয়ৰ আঁৰত এক ৰহস্য থকা বুলি স্পষ্ট কৰি দিয়ে বুলি আজি সভাপতি গৰাকীয়ে উল্লেখ কৰে। লগতে এই কেলেংকাৰীৰ সন্দৰ্ভত যুটীয়া সংসদীয় সমিতি গঠনৰ বাবে কংগ্ৰেছে বাৰম্বাৰ দাবী তুলি আহিছে যদিও বিজেপি চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি জনোৱা নাই বুলিও বৰাই কয়।
আজিৰ সংবাদমেলত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি সুশান্ত বৰগোঁহাই, শিৱসাগৰ জিলা কংগ্ৰেছৰ পৰ্যবেষক বালিকা পেগু, প্ৰাক্তন বিধায়িকা আৰতি কছাৰী,  অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক মনজিৰ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰশান্ত গগৈ, সুৰজ দিহিঙীয়া, কল্যান গগৈ, গায়ত্ৰী সন্দিকৈ, অংকুৰৰাজ গগৈকে ধৰি বহু নেতা কৰ্মী উপস্থিত থাকে।