পুনৰ কোভিডত আক্ৰান্ত কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধী

পুনৰ কোভিডত আক্ৰান্ত হ’ল কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধী। ছোনিয়া গান্ধী জুনত কোভিড-১৯ ত আক্ৰান্ত হৈছিল

। চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লগীয়া হৈছিল। কংগ্ৰেছৰ সূত্ৰই শনিবাৰে কয়যে প্ৰবীণ কংগ্ৰেছ নেত্ৰীগৰাকী পুনৰ কোভিড-১৯ত আক্ৰান্ত হৈছে।এআইচিচিৰ সাধাৰণ সম্পাদক তথা কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে টুইট কৰি কয় যে ছোনিয়া গান্ধীৰ দেহত পুনৰ কোভিড পোৱা গৈছে।

তেওঁ লগতে কয় যে ছোনিয়া গান্ধীয়ে বৰ্তমান নিজকে আনৰ পৰা পৃথক কৰি ৰাখিছে। উল্লেখ্য যোৱা ১২ জুনত ছোনিয়া গান্ধীক কোভিড সম্পৰ্কীয় সমস্যাৰ বাবে নতুন দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

কংগ্ৰেছ নেত্ৰী ৰণদীপ সিং সুৰজেৱালাই এক টুইটযোগে কৈছিল, “কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক কোভিদ সম্পৰ্কীয় সমস্যাৰ বাবে আজি গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁক পৰ্যৱেক্ষণৰ বাবে চিকিৎসালয়ত ৰখা হ’ব।”

ছোনিয়া গান্ধীয়ে সেইদিনা নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে ছাৰ গংগা ৰাম চিকিৎসালয়লৈ গৈছিল।

তেওঁক বৰ্তমান চিকিৎসকে পৰীক্ষা কৰি আছে আৰু তেওঁৰ বৰ্তমানৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য ১ জুনত জ্বৰ হোৱাৰ পিছতে কোভিডৰ পৰীক্ষা কৰোৱাত ছোনিয়া গান্ধী কোভিডত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছিল।