NORTHEAST NOW (Assamese)

ডিঙিত পিয়াজৰ মালা পিন্ধি, ঘোঁৰা গাড়ীলৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

February 24, 2021 4:00 pm · জাহ্নৱী বৰুৱা

পেট্ৰল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত কংগ্ৰেছে আজি গুৱাহাটীৰ ৰাজপথত  প্ৰতিবাদ সাৱস্ত্য কৰে।

আজি গণেশগুৰি স্থিত পেট্ৰল পাম্পত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মী একাংশই ডিঙিত পিয়াঁজৰ মালা পিন্ধি আৰু ঘোঁৰা গাড়ী লৈ এক অভিনৱ প্ৰতিবাদ সাৱস্ত্য কৰে।

পেট্ৰল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ বাবে এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে গুৱাহাটীৰ কেইবাটাও ব্লক কংগ্ৰেছে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ লগতে কংগ্ৰেছৰ আৰ. পি.শৰ্মা আৰু মহানগৰ জিলা কংগ্ৰেছৰ সভানেত্ৰী জুৰি শৰ্মাৰ লগতে বহু কংগ্ৰেছী নেতা-কৰ্মী উপস্থিত থাকে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী অকণ বৰাই কয় ” ভাৰতবৰ্ষ তথা সমগ্ৰ অসমত মূল্যবৃদ্ধি কৰি বিজেপি চৰকাৰে সাধাৰণ জনতাক যি হাৰাশাস্তি দিছে তাৰ প্ৰতিবাদ কল্পে  আজি আমি এই প্ৰতিবাদ কৰিছোঁ।”

নিৰ্বাচনৰ পূৰ্বে পেট্ৰ’ল, ডিজেল, ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কমাব বুলি প্ৰতিশ্ৰুতি দিয়া নৰেন্দ্ৰ মোদীক সমালোচনা কৰি বৰাই কয় “৭ বছৰৰ আগত কংগ্ৰেছে মূল্যবৃদ্ধি কৰা বুলি প্ৰচাৰ চলাই মোক ভোট দিয়ক আৰু মোক প্ৰধান মন্ত্ৰী বনাওক বুলি নৰেন্দ্ৰ মোদীয়ে কৈছিল। তেওঁক প্ৰধান মন্ত্ৰী বনালে তেওঁ মূল্যবৃদ্ধি ৰোধ কৰিব আৰু এনে বিভিন্ন আশা দিছিল, কিন্তু ৭ বছৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে একোৱে নকৰিলে মাথোঁ পুঁজিপতিৰ স্বাৰ্থত অসম খনক বিক্ৰী কৰিলে।”

Related News