NORTHEAST NOW (Assamese)

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

June 29, 2022 7:54 pm · এন ই নাও নিউজ, টীয়ক

টীয়ক: Agnipath Scheme কেন্দ্ৰীয় চৰকাৰে সেনাবাহিনীৰ নৱ নিযুক্তিৰ বাবে অগ্নিপথ নামেৰে যি নতুন আঁচনিৰ ঘোষণা কৰিছে তাক লৈ এতিয়া সমগ্ৰ দেশতে প্ৰতিবাদৰ সৃষ্টি হৈছে। ব্যতিক্ৰম নহয় টীয়কতো l

টীয়কতো টীয়ক সমষ্টি কংগ্ৰেছ দলৰ কলিয়াপানী ব্লক আৰু চিপাহীখোলা ব্লকে টীয়কৰ কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সমীপত প্ৰতিকূল বতৰকো নেওচি অগ্নিপথৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক: Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

উক্ত প্ৰতিবাদত কংগ্ৰেছ কৰ্মীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি বিজেপিৰ চৰকাৰক উঠি অহা শিক্ষিত প্ৰজন্মক এইদৰে সেনাবাহিনীৰ চাকৰিৰ নামত ভূৱা নিযুক্তি নিদিবলৈ আহ্বান জনায়।

লগতে যিসকল জোৱানে দেশমাতৃৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি আগবাঢ়ি যায় সেই সন্মানীয় সেনাবাহিনীৰ নিযুক্তিৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ জীৱনৰ লগত হেতালি নেখেলিবলৈ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে।  

লগতে পঢ়ক: New GST Rule: পেকেট যুক্ত চাউল, আটা, পনীৰ, দৈ, গুৰ, কি কি বস্তুৰ দাম বৃদ্ধি হ’ব?

অন্যথা উঠি অহা প্ৰজন্মৰ জীৱন-জীবিকা সুনিশ্চিতকৰণৰ স্বাৰ্থত কংগ্ৰেছে অনাগত দিনত ইয়াতকৈও অধিক শক্তিশালী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

Related News