• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2022 8:47 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী: Seven Left-Youth Organizations Demand অসমৰ সাতটা বাঁওপন্থী যুৱ আৰু ছাত্ৰ সংগঠনে আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে৷  বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণ দিয়াৰ লগতে অগ্নিপথ আঁচনি বাতিলৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ স্মাৰক পত্ৰ যোগে দাবী কৰা হয়৷

সংগঠনসমূহৰ এক প্ৰতিনিধি দলে কামৰূপ (ম) জিলা উপায়ুক্তৰ জড়িয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ প্ৰতিনিধি দলত আছিল ডি ৱাই আই আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস, সভাপতি ৰুস্তম আলী, এ আই ৱাই এফৰ ৰাজ্যিক সভাপতি কৃষ্ণি গগৈ, এ আই ডি ৱাই অ’ৰ জিতেন্দ্ৰ চলিহা, এছ এফ আইৰ ৰাজ্যিক সভাপতি প্ৰতুল বৰ্মন,আইছাৰ সুব্ৰত তালুকদাৰ, এ আই ডি এছ অ’ৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগু৷

লগতে পঢ়ক: Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Apply Now

স্মাৰক পত্ৰ যোগে উত্থাপন কৰা দাবীসমূহৰ ভিতৰত আছে অতি শীঘ্ৰে বানপানীত মৃত্যু হোৱা নিকট আত্মীয় লোক সকলক ১০ লাখ টকা সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা, বানপীড়িতৰ ঘৰ-দুৱাৰ চাফ চিকুন কৰাৰ বাবে ব্যৱস্থা লোৱা আৰু ফেনাইল, ব্লিচিং পাউদাৰ, চাবোন আদি যোগান ধৰা, বানপীড়িতক বিনামূলীয়াকৈ তিনিমাহৰ খাদ্য সমগ্ৰী যোগান ধৰা, বানপীড়িত প্ৰতিটো পৰিয়ালক তাৎক্ষণিকভাৱে ৫০ হাজাৰ টকাৰ সাহায্য দিয়া, অসম চৰকাৰৰ মেনুৱেল অনুসৰি ঘৰ-বাৰী, খেতি, পশুধনৰ ক্ষতিপূৰণ দিয়া, ৰাস্তা-ঘাট আৰু ভগ্ন মথাউৰিৰ শীঘ্ৰে মেৰামতি কৰা।

তদুপৰি, গৰাখহনীয়া প্ৰতিৰোধ কৰা, বানপীড়িত অঞ্চললৈ শীঘ্ৰে চিকিৎসকৰ দল পঠিওৱাৰ ব্যৱস্থা কৰা, মৎস্যপালক, হাঁহ-কুকুৰা পালক, গাহৰি পালক, গৰু-ছাগলী পালকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা,  যুৱক-যুৱতীৰ স্বাৰ্থৰ পৰিপন্থী আৰু দেশৰ  সাৰ্বভৌমত্বৰ প্ৰতি বিপদজনক অগ্নিপথ আঁচনি বাতিলৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা  দিয়া আৰু গুৱাহাটীৰ কৃত্ৰিম বানপানী প্ৰতিৰোধ কৰাৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰাৰ দাবীও উত্থাপন কৰা হয়।

লগতে পঢ়ক: New GST Rule: পেকেট যুক্ত চাউল, আটা, পনীৰ, দৈ, গুৰ, কি কি বস্তুৰ দাম বৃদ্ধি হ’ব?

বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠন কেইটাই স্মাৰক পত্ৰ প্ৰদানৰ পাছতে চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত এক সংবাদ মেল সম্বোধন কৰে৷  সংবাদ মেলত ক্ষোভ প্ৰকাশ কৰি সংগঠন কেইটাই কয় যে বৰষুণৰ ফলত সৃষ্ট ৰাজ্যখনৰ লগতে গুৱাহাটী চহৰৰ বানাক্ৰান্তই জ্বলন্ত সমস্যাত ভুগি আছে৷  ৰাজ্যখনত হোৱা প্ৰবল বানত এতিয়ালৈ ১৩১ গৰাকী লোকে প্ৰাণ হেৰুৱাৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে৷

ভয়াবহ ভূমিস্খলনৰ ফলত ডিমা হাছাও জিলাতো বিস্তৰ ক্ষতি সাধন হৈছে৷ বান পৰিস্থিতিক লৈ চৰকাৰ আৰু প্ৰশাসনৰ কোনো প্ৰস্তুতি নাছিল আৰু পৰিস্থিতি মোকাবিলা কৰাত সম্পূৰ্ণ ব্যৰ্থ৷ আনকি বহু ঠাইত এটুপি কেৰাচিন অথবা এডাল মম আৰু এবটল খোৱা পানী দিবলৈও ব্যৰ্থ হৈছে৷

অসম চৰকাৰৰ মেনুৱেল অনুসৰি বানপীড়িতক যি সাহায্য দিব লাগে সেয়া কোনো এটা শিৱিৰতে দিয়া পৰিলক্ষিত নহ’ল৷ পশু-পক্ষীৰ বাবে সাহায্য দিয়াৰ কথাটো সুদূৰপৰাহত হৈ থাকিল৷ এইবাৰ বানত নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকা বহুত বেছি ক্ষতিগ্ৰস্ত হৈছে৷

চৰকাৰে অলপ উদ্যোগ লোৱা হ’লেই ক্ষয় ক্ষতি হ্ৰাস কৰিব পাৰিলেহেতেন৷ বৰাক উপত্যকাৰ বেতুকান্দিত মথাউৰি  ৰাইজৰ অভিযোগ অনুসৰি সময় মতে মেৰামতি কৰাহেতেন ইমান বিপৰ্যয় নহ’লেহেতেন৷  ইয়াৰ পৰাই ক’ব পাৰি যে ৰাজ্য চৰকাৰৰ কোনো পৰিকল্পনা নথকা আৰু ৰাইজৰ অভাৱ অভিযোগক গুৰুত্ব নিদিয়াৰ বাবে এইবাৰ বানে প্ৰলয়ংকাৰী ৰূপ ল’লে৷

লগতে পঢ়ক: Shivsena rebel group leave Guwahati: নিজম পৰিল গুৱাহাটী! অৱশেষত হোটেল ৰেডিছন ব্লু এৰি গোৱালৈ ৰাওনা একনাথ সিন্দে বাহিনীৰ

এই প্ৰেক্ষাপটতে ডি ৱাই এফ আই, এ আই ৱাই এফ, এ আই ডি ৱাই  অ, এছ এফ আই, এ আই এছ এ আৰু এ আই ডি এছ অ,  এ আই এছ এফয়ে বানপীড়িতক পৰ্যাপ্ত সাহায্য আৰু উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী কৰিছে৷

চৰকাৰে আশানুৰূপ ব্যৱস্থা গ্ৰহণ নকৰিলে সংগঠন কেইটাই শীঘ্ৰে যৌথ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলিও ঘোষণা কৰে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd