গুৱাহাটী: Seven Left-Youth Organizations Demand অসমৰ সাতটা বাঁওপন্থী যুৱ আৰু ছাত্ৰ সংগঠনে আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে৷ বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণ দিয়াৰ লগতে অগ্নিপথ আঁচনি বাতিলৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ স্মাৰক পত্ৰ যোগে দাবী কৰা হয়৷
সংগঠনসমূহৰ এক প্ৰতিনিধি দলে কামৰূপ (ম) জিলা উপায়ুক্তৰ জড়িয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ প্ৰতিনিধি দলত আছিল ডি ৱাই আই আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস, সভাপতি ৰুস্তম আলী, এ আই ৱাই এফৰ ৰাজ্যিক সভাপতি কৃষ্ণি গগৈ, এ আই ডি ৱাই অ’ৰ জিতেন্দ্ৰ চলিহা, এছ এফ আইৰ ৰাজ্যিক সভাপতি প্ৰতুল বৰ্মন,আইছাৰ সুব্ৰত তালুকদাৰ, এ আই ডি এছ অ’ৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগু৷
লগতে পঢ়ক: Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে
স্মাৰক পত্ৰ যোগে উত্থাপন কৰা দাবীসমূহৰ ভিতৰত আছে অতি শীঘ্ৰে বানপানীত মৃত্যু হোৱা নিকট আত্মীয় লোক সকলক ১০ লাখ টকা সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা, বানপীড়িতৰ ঘৰ-দুৱাৰ চাফ চিকুন কৰাৰ বাবে ব্যৱস্থা লোৱা আৰু ফেনাইল, ব্লিচিং পাউদাৰ, চাবোন আদি যোগান ধৰা, বানপীড়িতক বিনামূলীয়াকৈ তিনিমাহৰ খাদ্য সমগ্ৰী যোগান ধৰা, বানপীড়িত প্ৰতিটো পৰিয়ালক তাৎক্ষণিকভাৱে ৫০ হাজাৰ টকাৰ সাহায্য দিয়া, অসম চৰকাৰৰ মেনুৱেল অনুসৰি ঘৰ-বাৰী, খেতি, পশুধনৰ ক্ষতিপূৰণ দিয়া, ৰাস্তা-ঘাট আৰু ভগ্ন মথাউৰিৰ শীঘ্ৰে মেৰামতি কৰা।
তদুপৰি, গৰাখহনীয়া প্ৰতিৰোধ কৰা, বানপীড়িত অঞ্চললৈ শীঘ্ৰে চিকিৎসকৰ দল পঠিওৱাৰ ব্যৱস্থা কৰা, মৎস্যপালক, হাঁহ-কুকুৰা পালক, গাহৰি পালক, গৰু-ছাগলী পালকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা, যুৱক-যুৱতীৰ স্বাৰ্থৰ পৰিপন্থী আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি বিপদজনক অগ্নিপথ আঁচনি বাতিলৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিয়া আৰু গুৱাহাটীৰ কৃত্ৰিম বানপানী প্ৰতিৰোধ কৰাৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰাৰ দাবীও উত্থাপন কৰা হয়।
লগতে পঢ়ক: New GST Rule: পেকেট যুক্ত চাউল, আটা, পনীৰ, দৈ, গুৰ, কি কি বস্তুৰ দাম বৃদ্ধি হ’ব?
বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠন কেইটাই স্মাৰক পত্ৰ প্ৰদানৰ পাছতে চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত এক সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলত ক্ষোভ প্ৰকাশ কৰি সংগঠন কেইটাই কয় যে বৰষুণৰ ফলত সৃষ্ট ৰাজ্যখনৰ লগতে গুৱাহাটী চহৰৰ বানাক্ৰান্তই জ্বলন্ত সমস্যাত ভুগি আছে৷ ৰাজ্যখনত হোৱা প্ৰবল বানত এতিয়ালৈ ১৩১ গৰাকী লোকে প্ৰাণ হেৰুৱাৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে৷
ভয়াবহ ভূমিস্খলনৰ ফলত ডিমা হাছাও জিলাতো বিস্তৰ ক্ষতি সাধন হৈছে৷ বান পৰিস্থিতিক লৈ চৰকাৰ আৰু প্ৰশাসনৰ কোনো প্ৰস্তুতি নাছিল আৰু পৰিস্থিতি মোকাবিলা কৰাত সম্পূৰ্ণ ব্যৰ্থ৷ আনকি বহু ঠাইত এটুপি কেৰাচিন অথবা এডাল মম আৰু এবটল খোৱা পানী দিবলৈও ব্যৰ্থ হৈছে৷
অসম চৰকাৰৰ মেনুৱেল অনুসৰি বানপীড়িতক যি সাহায্য দিব লাগে সেয়া কোনো এটা শিৱিৰতে দিয়া পৰিলক্ষিত নহ’ল৷ পশু-পক্ষীৰ বাবে সাহায্য দিয়াৰ কথাটো সুদূৰপৰাহত হৈ থাকিল৷ এইবাৰ বানত নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকা বহুত বেছি ক্ষতিগ্ৰস্ত হৈছে৷
চৰকাৰে অলপ উদ্যোগ লোৱা হ’লেই ক্ষয় ক্ষতি হ্ৰাস কৰিব পাৰিলেহেতেন৷ বৰাক উপত্যকাৰ বেতুকান্দিত মথাউৰি ৰাইজৰ অভিযোগ অনুসৰি সময় মতে মেৰামতি কৰাহেতেন ইমান বিপৰ্যয় নহ’লেহেতেন৷ ইয়াৰ পৰাই ক’ব পাৰি যে ৰাজ্য চৰকাৰৰ কোনো পৰিকল্পনা নথকা আৰু ৰাইজৰ অভাৱ অভিযোগক গুৰুত্ব নিদিয়াৰ বাবে এইবাৰ বানে প্ৰলয়ংকাৰী ৰূপ ল’লে৷
এই প্ৰেক্ষাপটতে ডি ৱাই এফ আই, এ আই ৱাই এফ, এ আই ডি ৱাই অ, এছ এফ আই, এ আই এছ এ আৰু এ আই ডি এছ অ, এ আই এছ এফয়ে বানপীড়িতক পৰ্যাপ্ত সাহায্য আৰু উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী কৰিছে৷
চৰকাৰে আশানুৰূপ ব্যৱস্থা গ্ৰহণ নকৰিলে সংগঠন কেইটাই শীঘ্ৰে যৌথ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলিও ঘোষণা কৰে৷