আইনৰ সহায়ত কংগ্ৰেছে কাঢ়ি ল’লে লখিমপুৰ পৌৰসভা; নিৰ্দলীয় আৰু কংগ্ৰেছী সদস্যক মেনেজ কৰি দখল কৰিছিল বিজেপিয়ে

অগপৰ সদস্যা ৰেণুকা বৰগোহাঁইৰ কংগ্ৰেছত যোগদান

Lakhimpur Municipal Board

আইনৰ সহায়ত কংগ্ৰেছে কাঢ়ি ল’লে লখিমপুৰ পৌৰসভা; নিৰ্দলীয়, কংগ্ৰেছী পাৰিষদক মেনেজ কৰি দখল কৰিছিল বিজেপিয়ে

ৰাজ্যত বিজেপি শাসনলৈ অহাৰ পিছতে সংখ্যাগৰিষ্ঠতা নথকা সত্ত্বেও নিৰ্দলীয় আৰু এজন কংগ্ৰেছী পাৰিষদক মেনেজ কৰি লখিমপুৰ পৌৰসভাখন দখল কৰা বিজেপিৰ পৰা আইনৰ সহায়ত পুনৰ দখল কৰিলে কংগ্ৰেছে। ৯ নৱেম্বৰত পৌৰসভাখনৰ পৌৰপতি হিচাপে সূৰ্য ফুকনক শপত পাঠ কৰোৱায় সাংসদ ৰাণী নৰহে। ৰেণুকা বৰগোহাঁয়ে উপ-পৌৰপতি হিচাপে দায়িত্ব লয়।

১৪ জনীয়া লখিমপুৰ পৌৰসভাখনৰ ক্ষেত্ৰত মন কৰিব লগীয়া কথাটো হ’ল নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলেই আঠখন আসনত জয়লাভেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। কিন্তু ৰাজ্যত বিজেপি শাসনলৈ অহাৰ পিছতে হাতত দুখন আসন থকা বিজেপি অগপৰ দুখন আৰু দুজন নিৰ্দলীয় প্ৰাৰ্থীক নিজৰ লগলৈ নিবলৈ সক্ষম হৈছিল। তাৰোপৰি কংগ্ৰেছৰ পাৰিষদ প্ৰশান্ত দাসৰ পৰাও সমৰ্থন আদায় কৰিছিল। এই সাতজনৰ সৈতে স্থানীয় সাংসদ তথা বিজেপি নেতা প্ৰদান বৰুৱা, অগপ বিধায়ক উতপল দত্তৰ সমৰ্থনকে ধৰি বিজেপিয়ে ১১টা ভোটৰ সহায়ত পৌৰসভাখন দখল কৰিছিল।

কিন্তু পিছত কংগ্ৰেছৰ পাৰিষদজনে বিজেপিৰ প্ৰাৰ্থীজনৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে। ফলত সংখ্যাগৰিষ্ঠতা নোহোৱা হয় দলটোৰ। এই পৰিস্থিতিৰ পিছতে কংগ্ৰেছে বিজেপিৰ পৌৰপতি সমীৰণ কোঁৱৰৰ প্ৰতি অনাস্থা প্ৰকাশ কৰি জিলা প্ৰশাসনক অৱগত কৰে। আনকি বিজেপিৰ সদস্য মিলন চন্দ্ৰ দেৱনাথেও সমীৰণ কোঁৱৰৰ প্ৰতি অনাস্থা প্ৰকাশ কৰে। কিন্তু তৎসত্ত্বেও জিলা প্ৰশাসনে এইক্ষেত্ৰত কোনো পদক্ষেপ লোৱাৰ পৰা বিৰত থাকে।

পিছত নিৰুপায় হৈ কংগ্ৰেছী সদস্যসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। সেই অনুসৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ৯ নৱেম্বৰত পৌৰসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিছিল যদিও পৌৰপতি সমীৰণ কোঁৱৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰি পদত্যাগ কৰে। তাৰ পিছতে হোৱা আস্থা ভোটত কংগ্ৰেছৰ পৌৰপতি সূৰ্য্য ফুকনৰ সপক্ষে ১১টা ভোট পৰে। বিজেপিৰ পক্ষত পৰে ৬টা ভোট। ফলত পুনৰ কংগ্ৰেছৰ দখললৈ গ’ল উত্তৰ লখিমপুৰ পৌৰসভা।

মন কৰিব লগীয়া যে অগপ আৰু বিজেপিৰ ৬গৰাকী ৱাৰ্ড সদস্যৰ ভিতৰত দুগৰাকীয়ে দল ত্যাগ কৰে। অগপৰ ৰেণুকা বৰগোহাঁয়ে কংগ্ৰেছত যোগদান কৰে। ফলত বিজেপি মিত্ৰজোঁটৰ পাৰিষদৰ সংখ্যা ৪গৰাকীলৈ সীমাবদ্ধ হয়।

তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল নতুনকৈ পৌৰপতি হোৱা সূৰ্য্য ফুকনৰ বিৰুদ্ধেও আছে ৰাজহুৱা ধন আত্মসাতৰ অভিযোগ। আনকি এই সম্পৰ্কীয় গোচৰত তেওঁ বৰ্তমান জামিনতহে আছে।