ইস্তাহাৰ উন্মোচন : উত্তৰ-পূবৰ ৰাজ্যসমূহক বিশেষ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দোহাৰিলে কংগ্ৰেছে

congress manifesto release, guwahati

গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ উন্মোচন। ফটো : নৰ্থইষ্ট নাও

লোক সভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰখন বৃহস্পতিবাৰে অসমত উন্মোচন কৰা হয়। গুৱাহাটীৰ ৰাজীৱ ভৱনত ইস্তাহাৰখন অসমৰ বাবে উন্মোচন কৰে দলটোৰ ৰাষ্ট্ৰীয় নেতা তথা পঞ্জাৱৰ বিত্ত মন্ত্ৰী মনপ্ৰীত সিং বাদলে।

উক্ত অনুষ্ঠানতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই “আমাৰ লক্ষ্য আমাৰ পণ” শীৰ্ষক প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰা এখন পুস্তিকাও উন্মোচন কৰে।

পুস্তিকাখনৰ যোগেদি কংগ্ৰেছ দল চৰকাৰলৈ আহিলে ল’বলগীয়া কৰ্মসূচী সম্পৰ্কে ৰাইজক অৱগত কৰে।

ৰিপুন বৰাই ইয়াৰ কৰ্মসূচীত অন্তৰ্ভূক্ত বিষয় সমুহ দাঙি ধৰে। ইয়াত অন্তৰ্ভুক্ত কৰা বিষয়সমূহৰ ভিতৰত এন আৰ চিক ক্ৰটিমুক্ত কৰা আৰু কোনো প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চিত বাদ নপৰাটো নিশ্চিত কৰা, ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকৰ হাৰাশাস্তি বন্ধ কৰা বিষয়টোও আছে।

তদুপৰি, বিজেপিয়ে ক্ষমতাহীন কৰা উত্তৰ-পূব পৰিষদৰ ক্ষমতা পুনৰ ঘুৰাই অনা, ড’নাৰ মন্ত্ৰালয়ক অধিক ক্ষমতা সম্পন্ন কৰাৰ কথাও কৰ্মসূচীত অন্তৰ্ভুক্ত কৰা হৈছে।

ৱেজ ব’ৰ্ডে অনুমোদন জনোৱা চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত কেৱল বাগিচাৰ মালিক পক্ষৰ আপত্তিৰ বাবেই বিজেপি চৰকাৰে বলৱৎ কৰা নাই বুলি মন্তব্য কৰি ৰিপুন বৰাই কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলে এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব।

আনহাতে, বনাঞ্চলত বসতি কৰি অহা লোকৰ বাবে বন Scheduled Tribes and Other Traditional Forest Dwellers (Recognition of Forest Rights) Act, 2006 কাৰ্যকৰী কৰা, স্বায়ত্ব শাসিত পৰিষদ সমুহক অধিক ক্ষমতা দিয়া, চাহ উদ্যোগলৈ বিশেষ ৰাষ্ট্ৰীয় পেকেজ আগবঢ়োৱাৰ কথাও ইয়াৰ কৰ্মসূচীত ঘোষণা কৰা হৈছে।

ইপিনে, কৰ্মসূচীত অন্তৰ্ভুক্ত হোৱা আন গুৰুত্বপূৰ্ণ বিষয়ৰ ভিতৰত আছে কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰা,অসমৰ থলুৱা জনসাধাৰণৰ ভাষা-সংস্কৃতি, অস্তিত্ব সুনিশ্চিত কৰাৰ লগতে গুৱাহাটীক কাৰিকৰী শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি।

অনুষ্ঠানটোত পঞ্জাৱৰ বিত্ত মন্ত্ৰী মনপ্ৰীত সিং বাদলে কয় যে কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ হ’লে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পূৰ্ণৰূপে বাতিল কৰিব। তদুপৰি,বাংলাদেশ আৰু ম্যানমাৰৰ পৰা হোৱা অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে দুই দেশৰ চৰকাৰৰ সৈতে আলোচনা কৰি ব্যৱস্থা ল’ব।

উত্তৰ-পূবৰ ৰাজ্যসমুহক বিশেষ ৰাজ্যৰ মৰ্যদা ঘুৰাই দিব বুলি উল্লেখ কৰি বাদলে লগতে কয় যে কংগ্ৰেছে সংসদ আৰু বিধান সভা সমুহত ৩৩% মহিলাৰ সংৰক্ষণ  নিশ্চিত কৰিব। লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চাকৰিৰ ক্ষেত্ৰতো ৩৩% মহিলাৰ বাবে সংৰক্ষণ নিশ্চিত হ’ব।

প্ৰাক-প্ৰাথমিক স্তৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ গুণগত শিক্ষা সমগ্ৰ দেশতে নিশ্চিত কৰাৰ আশ্বাস দিয়াৰ উপৰি কংগ্ৰেছ ক্ষমতালৈ আহিলে অনুসূচীত জাতি/অনুসূচীত জনজাতি আৰু দুৰ্বল শ্ৰেণীৰ প্ৰতি ভেদা-ভেদ ভাৱ প্ৰতিৰোধ আইন প্ৰস্তুত কৰিব।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ নামত বছৰি ১ লাখ কোটি টকা ব্যয় কৰাৰ আশ্বাস দিয়াৰ উপৰি বৰ্তমানৰ জি এছ টি বন্ধ কৰি নতুন জি এছ টি প্ৰৱৰ্তন কৰাৰ লগতে এই নতুন জি এছ টিত পেট্ৰ’লিয়ামজাত সামগ্ৰী, বিদ্যুত আৰু মাটিও অন্তৰ্ভুক্ত হ’ব বুলি জানিবলৈ দিয়ে মনপ্ৰীত সিং বাদলে।

তদুপৰি, কংগ্ৰেছৰ ইস্তাহাৰত প্ৰকাশ পোৱা প্ৰতিগৰাকী নাগৰিকৰ নূন্যতম আয়, কৃষকক ঋণমুক্ত কৰা আদি বিষয়ো বাদলে দোহাৰে।

ইপিনে, অনুষ্ঠানত উপস্থিত থাকি সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ সমিতিৰ অধ্যক্ষ ভুৱনেশ্বৰ কলিতাই কয় যে কংগ্ৰেছে উত্তৰ-পূব ঔদ্যোগিক নীতি পুনৰ বলৱৎ কৰিব। বিজেপিয়ে এই নীতি বন্ধ কৰি দিয়াৰ বাবেই উত্তৰ-পূবত ঔদ্যোগিকৰণ স্তব্ধ হৈ গৈছে বুলিও কয় কলিতাই।

আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰো সুনিশ্চিত ব্যৱস্থা ল’ব বুলি উল্লেখ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছ দৃঢ় বুলি মন্তব্য কৰি কলিতাই কয়, ” নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিজেপিয়ে সাম্প্ৰদায়িক, জাতিগত আৰু ভাষাগত বিভাজন আনিব চেষ্টা কৰি আছে।‘’