দেশৰ সকলো সমস্যাৰ মূলতে কংগ্ৰেছ! কেৱল কংগ্ৰেছ ভৎৰ্সনাৰেই নিৰ্বাচনী যুঁজলৈ সাজু মোদী

Narendra Modi Congress

দেশৰ সকলো সমস্যাৰ উৎস কংগ্ৰেছ। কংগ্ৰেছে সৃষ্টি কৰা সকলো সমস্যা বিজেপি্যে যোৱা দহ বছৰত সমাধান কৰিবলৈ সক্ষম হৈছে। এনে মন্তব্যৰে কংগ্ৰেছক আক্ৰমণ কৰিয়েই আগন্তুক লোকসভা নিৰ্বাচনৰ যুঁজলৈ সাজু হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

সোমবাৰে মহাৰাষ্ট্ৰত নিৰ্বাচনী সভাত অংশ লৈ দেশৰ সকলো সমস্যাৰ বাবে কংগ্ৰেছক জগৰীয়া কৰি জনগণৰ ওচৰত ভোট ভিক্ষা কৰে মোদীয়ে। এই সভাতে মোদীয়ে আগন্তুক লোকসভা নিৰ্বাচনক স্থিতিশীলতা আৰু অস্থিৰতাৰ মাজৰ যুঁজ বুলি ঘোষণা কৰে।

মোদীৰ মতে, ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ বাবে দায়ী কংগ্ৰেছ। কাশ্মীৰ সমস্যা, নক্সালবাদ আদি সমস্যাৰো মূলতে কংগ্ৰেছ। ৰাম মন্দিৰ নিৰ্মাণৰ বিৰোধিতা কৰি ভগৱান ৰামৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছে আৰু এই কংগ্ৰেছেই ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ আমন্ত্ৰণ অস্বীকাৰ কৰিছিল।

তেওঁ লগতে ভোট-বেংক ৰাজনীতিৰ বাবে কংগ্ৰেছ সন্ত্ৰাসবাদৰ ক্ষেত্ৰত নমনীয় আছিল বুলিও দাবী কৰে। সন্ত্ৰাসবাদ আৰু নক্সালবাদৰ বাবে কংগ্ৰেছক জগৰীয়া কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দলটোৱে তুষ্টিকৰণৰ ৰাজনীতিৰ অংশ হিচাপে সন্ত্ৰাসবাদীক সুৰক্ষা প্ৰদান কৰিছিল বুলি অভিযোগ কৰে।

মোদীৰ মতে, যোৱা ১০ বছৰ ধৰি কংগ্ৰেছ ক্ষমতাৰ পৰা আঁতৰি আছে আৰু বিজেপি চৰকাৰে দেশে সন্মুখীন হোৱা সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছক তিতা কেৰেলাৰ সৈতে তুলনা কৰি ঘীঁত ভাজি বা চেনিৰ সৈতে মিহলাই খালেও ইয়াৰ সোৱাদ সলনি নহয় বুলি মদীয়ে কটাক্ষ কৰে।