• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2026 7:15 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত আজি গুৱাহাটীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ৰাজীৱ ভৱনৰ পৰা ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ সমদল উলিয়াবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে প্ৰতিবাদী সমদলত বাধা দিয়ে। ইয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈসহ কেইবাগৰাকীও নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰে।

প্ৰতিবাদস্থলীত কংগ্ৰেছ নেতা-কৰ্মীসকলে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। “ভোট চোৰ, গাদ্দী ছোড়”, “জ্ঞানেশ কুমাৰ মুৰ্দাবাদ”, “জ্ঞানেশ কুমাৰ পদত্যাগ কৰক”, “মোদী চৰকাৰ হুঁচিয়াৰ”, “বিজেপি গ’ বেক” আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে ৰাজপথ কঁপাই তোলে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধেও বিভিন্ন শ্ল’গান দি প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে।

Apply Now

আৰক্ষীয়ে বেৰিকেড দি সমদল ৰোধ কৰাৰ চেষ্টা কৰাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়। এই সময়তে গৌৰৱ গগৈক আৰক্ষীয়ে আটক কৰি গাড়ীত তুলি নিয়ে। তেওঁৰ লগতে এআইচিচিৰ সম্পাদক মনোজ চৌহান, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শান্তনু বৰা, উদিত ভানু দাস, সেৱা দলৰ সভাপতি দ্বীপ বায়ন, বিদিশা নেওগ, মৌচুমী নেওগ, তাজিকা পাৰবিন, মইনাজান বেগম, গোলাম মুস্তাক ওছমানি, অংকুৰ ৰাজ গগৈ, দিগন্ত লস্কৰ, জোন ৰাজখোৱা আৰু আনোৱাৰ হুছেইনকে ধৰি বহু নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অসম বিধানসভাৰ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, ৰিপুন বৰা, আব্দুল খালেক, নীলমণি সেন ডেকা, প্ৰণতি ফুকন, দিগন্ত বৰ্মন, নন্দিতা দাস, প্ৰদ্যুৎ ভূঞা, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰী, মুখপাত্ৰ গোপাল শৰ্মাকে ধৰি বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। কংগ্ৰেছে আৰক্ষীৰ এই কাৰ্যৰ তীব্ৰ গৰিহণা দি ইয়াক গণতান্ত্ৰিক অধিকাৰৰ ওপৰত হস্তক্ষেপ বুলি অভিযোগ কৰে।

সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে তীব্ৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ অভিযোগ অনুসৰি, নিৰ্বাচন আয়োগে বিজেপিৰ তথ্য-প্ৰযুক্তি শাখাৰ দৰে কাম কৰি ভোটাৰ তালিকাৰ পৰা বহু লোকৰ নাম কৰ্তন কৰিছে। বিশেষকৈ নতুনকৈ ১৮ বছৰত ভৰি দিয়া যুৱ ভোটাৰসকলক লৈও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়াত জটিলতা সৃষ্টি কৰি নৱপ্ৰজন্মক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ চেষ্টা চলিছে বুলি গগৈয়ে অভিযোগ কৰে।

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ নিৰপেক্ষ পৰ্যালোচনা আৰু তেওঁৰ কাৰ্যকালত লোৱা সিদ্ধান্তসমূহ পুনৰীক্ষণৰ দাবীও উত্থাপন কৰে কংগ্ৰেছে। গৌৰৱ গগৈয়ে কয় যে আৰক্ষীৰ লাঠী, গুলী বা ক্ষমতাৰ ব্যৱহাৰে কংগ্ৰেছৰ প্ৰতিবাদ বন্ধ কৰিব নোৱাৰে। গণতন্ত্ৰ আৰু ভোটাধিকাৰ সুৰক্ষাৰ দাবীত আন্দোলন অব্যাহত থাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

গৌৰৱ গগৈয়ে আৰু কয় যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণ নকৰালৈকে আৰু নিৰ্বাচন আয়োগক মুক্ত, নিকা আৰু বিশ্বাসযোগ্য কৰাৰ ব্যৱস্থা নোলোৱালৈকে কংগ্ৰেছৰ আন্দোলন অব্যাহত থাকিব। সংবিধান, গণতান্ত্ৰিক অধিকাৰ আৰু সাধাৰণ মানুহৰ ভোটাধিকাৰ ৰক্ষাৰ বাবে এই সংগ্ৰাম আগলৈও চলি যাব বুলি তেওঁ ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd