ৰাজ্যসভাত নাপায় এখনো আসন : যুদ্ধক্ষেত্ৰত নমাৰ পূৰ্বে আত্মসমৰ্পণ কংগ্ৰেছৰ

9291f76a-53aa-474e-a013-08227ba6b4be

অহা ১৪ জুনত উকলিব ৰাজ্যসভালৈ অসমৰ পৰা নিৰ্বাচিত হোৱা দুগৰাকী প্ৰাৰ্থীৰ কাৰ্য্যকাল। উক্ত দিনটোত প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ কাৰ্য্যকাল সমাপ্ত হ’ব। আসন দুখনক লৈ বিজেপিয়ে ৰাজনৈতিক সমীকৰণ কৰি থকাৰ সময়তে আত্মসমৰ্পণ কৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই ৰাজ্যসভাৰ সাংসদ জিকাব পৰাকৈ কংগ্ৰেছৰ হাতত বিধায়ক নথকা বুলি মন্তব্য কৰাৰ লগতে এখন আসনতহে প্ৰাৰ্থী থিয় কৰাব বুলি জানিবলৈ দিছিল।

ইপিনে, যুদ্ধক্ষেত্ৰত নমাৰ পূৰ্বে ‘ৰাজ্যসভাত এখনো আসন কংগ্ৰেছে লাভ নকৰে’ বুলি আজি এক সংবাদমেলত মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

‘’ৰাজ্যসভাত আসন লাভ কৰাৰ কোনো সম্ভাৱনাই নাই, সেয়া দেখ দেখ কথা। বিজেপিৰে পূৰ্ণ সম্ভাৱনা আছে। অগপক আসন নিদিলেও বিজেপিৰ লগতে থাকিব, অসমৰ কি গুৰুত্ব আছে?’’ সংবাদমেলত এইদৰে অকপট স্বীকাৰোক্তি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ।

উল্লেখ্য যে, অসমৰ পৰা ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰা ড০ মনমোহন সিঙে ১৯৯১ চনত প্ৰথম বাৰৰ বাবে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ২০১৩ চনৰ ৩০ মে’ত ক্ৰমাগত পঞ্চমবাৰৰ বাবে তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙ অসমৰ পৰা পুনৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা নাই।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, বৰ্তমান অসম বিধান সভাৰ ১২৬ খন আসনৰ ভিতৰত বিজেপিয়ে ৬১ খন, অগপই ১৪ খন আৰু বিপিএফে ১২ খন আসন দখল কৰি আছে।গতিকে বিজেপি মিত্ৰজোঁটৰ আগত কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ সম্ভাৱনা যথেষ্ট কম।

আনহাতে, মুখ্য বিৰোধী দল কংগ্ৰেছে ২৫ খন আৰু এ আই য়ু ডি এফে ১৩ খন আসন দখল কৰি আছে।