DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

অগ্নিপথ বিতৰ্ক: যন্তৰ মন্তৰত আজি সত্যাগ্ৰহ কংগ্ৰেছৰ, সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিক

অগ্নিপথৰ জৰিয়তে সশস্ত্ৰ কেডাৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপিয়ে: অভিযোগ মমতা বেনাৰ্জীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2022 3:40 pm
Agnipath Protest
76
VIEWS
Share on FacebookShare on Twitter

দেশত অব্যাহত আছে অগ্নিপথ বিৰোধী আন্দোলন। অগ্নিপথ আঁচনিৰ বাতিলৰ দাবীত আজি আহ্বান কৰা হৈছে ভাৰত বন্ধৰ। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে যদিও কিছু স্থানত চেগা-চোৰোগাকৈ বন্ধৰ প্ৰভাৱ পৰিছে।

অগ্নিপথ বিৰোধী এই প্ৰতিবাদৰ মাজতে প্ৰতিবাদী যুৱ প্ৰজন্মলৈ সমৰ্থন আগবঢ়াই আজি কংগ্ৰেছে যন্তৰ মন্তৰত সত্যাগ্ৰহত ভাগ ল’ব বুলি প্ৰকাশ কৰিছিল দলটোৰ সাধাৰণ সম্পাদক অজয় মাকনে।  ইতিমধ্যে দলৰ জেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে, ছলমান খুৰ্ছীদ, কে সুৰেশ, নাৰায়ণস্বামীসহ কেইবাগৰাকীও সাংসদ তথা নেতাই সত্যাগ্ৰহত ভাগ লৈছে।

সত্যাগ্ৰহৰ পিছতে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি কংগ্ৰেছে ‘অগ্নিপথ’ নিযুক্তি আঁচনি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাব বুলিও মাকেনে জানিবলৈ দিছে।

মাকেনে লগতে কয় যে এই আঁচনিখন প্ৰথমে যুৱ আৰু সংসদত আলোচনা কৰা উচিত। কিন্তু তাৰ পূৰ্বে অগ্নিপথ প্ৰত্যাহাৰ কৰা উচিত বুলি তেওঁ দাবী কৰে।

কংগ্ৰেছৰ এই কাৰ্যসূচীৰ বিপৰীতে ভাৰতীয় যুৱ কংগ্ৰেছে আজি দিল্লীৰ শিৱাজী ব্ৰীজ ৰে’লৱে ষ্টেচনত ‘অগ্নিপথ’ বাতিলৰ দাবীত এখন ৰেল অৱৰোধ কৰে।

অৱশ্যে সেনা আৰু আৰক্ষীয়ে কিছুসময় পিছতে ট্ৰেকটো মুকলি কৰে আৰু প্ৰায় আধা ঘণ্টাৰ পিছত ৰেল চলাচল পুনৰ আৰম্ভ হয়। প্ৰতিবাদত ভাগ লোৱা কেইবাজনো কৰ্মীক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে।

ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ‘অগ্নিপথ’ আঁচনিক লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

বিজেপিয়ে অগ্নিপথ নামৰ এই প্ৰতিৰক্ষা নিযুক্তি কাৰ্যসূচীৰ জৰিয়তে নিজৰ সশস্ত্ৰ কেডাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে বুলি এক বিস্ফোৰক অভিযোগ কৰিছে বেনাৰ্জীয়ে।

“বিজেপিয়ে এই আঁচনিৰ জৰিয়তে নিজৰ সশস্ত্ৰ কেডাৰৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। চাৰি বছৰৰ পিছত তেওঁলোকে কি কৰিব? দলটোৱে যুৱসকলৰ হাতত অস্ত্ৰ দিব বিচাৰে।”- বিধানসভাত মমতা বেনাৰ্জীয়ে কয়।

Recent News

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 05 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd