দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে সহ্য কৰিবলগীয়া হৈছে আন এক মোক্ষম আঘাত। দলৰ এগৰাকী জেষ্ঠ্য নেতা তথা দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী এ কে এণ্টনীৰ পুত্ৰ অনিল এণ্টনীয়ে পিতৃৰ সম্পূৰ্ণ এক বিপৰীত মেৰু গ্ৰহণ কৰি আজি যোগ দিলে শাসকীয় বিজেপি দলত।
কংগ্ৰেছৰ বিভিন্ন সামাজিক পদক্ষেপ আৰু ডিজিটেল প্ৰচাৰৰ সৈতে জড়িত হৈ থকা অনিল এণ্টনীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত আপ্লুত হোৱা বুলি উল্লেখ কৰি আজি বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল।
২০০২ চনৰ গুজৰাটৰ নৃশংস গোধৰা সাম্প্ৰদায়িক সংঘৰ্ষ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ বিবিচি- এ নিৰ্মাণ কৰা তথ্যচিত্ৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা দলীয় বিবাদৰ পিছত জানুৱাৰী মাহত তেওঁ কংগ্ৰেছ ত্যাগ কৰিছিল।
আজি বিজেপিত যোগদানৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপত অনিল এণ্টনীয়ে কয় যে প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে তেওঁলোকে এটা পৰিয়ালৰ বাবে কাম কৰি আছে বুলি বিশ্বাস কৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ নিজে দেশৰ বাবে কাম কৰা বুলি বিশ্বাস কৰে।
তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতক বিশ্বৰ আগশাৰীৰ স্থানত স্থান দিয়াৰ এক অতি স্পষ্ট দৃষ্টিভংগী আছে বুলিও দাবী কৰে। অৱশ্যে পিতৃ এ কে এণ্টনী নিজৰ স্থিতিত অটল থকাৰ বাবে তেওঁৰ প্ৰতি সন্মান আছে বুলি মন্তব্য কৰে অনিল এণ্টনীয়ে।
ইফালে পুত্ৰৰ এই সিদ্ধান্তত অত্যন্ত দুখী তথা হতাশ হৈ পৰিছে এ কে এণ্টনী। বয়োজ্যেষ্ঠ নেতাগৰাকীয়ে পুত্ৰ এই সিদ্ধান্তক ভুল আখ্যা দি এয়া তেওঁৰ বাবে অত্যন্ত বেদনাদায়ক মুহূৰ্ত বুলি অভিহিত কৰে।
তেওঁ কয় যে বিজেপি আৰু ইয়াৰ মতাদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মতাদৰ্শক তেওঁ কেতিয়াও সমৰ্থন নকৰে। বিজেপি আৰু আৰ এছ এছ- এ দেশক বিভাজিত কৰাৰ লগতে গণতন্ত্ৰৰ ভেটি দুৰ্বল কৰাৰ প্ৰয়াস কৰাৰ অভিযোগো উত্থাপন কৰে এণ্টনীয়ে।
সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এণ্টনীয়ে কয় যে তেওঁ সদায় বিজেপি আৰু আৰ এছ এছৰ সাম্প্ৰদায়িক আৰু বিভাজনকাৰী এজেণ্ডাৰ বিৰোধিতা কৰি আহিছে আৰু তেওঁ শেষ উশাহলৈকে তেনেকৈয়ে থাকিব।
তেওঁ কংগ্ৰেছ দল আৰু নেহৰু-গান্ধী পৰিয়ালৰ প্ৰতি আনুগত্যশীল বুলি মন্তব্য কৰাৰ লগতে ভাৰতক একত্ৰিত কৰি ৰখা আৰু দেশৰ বৈচিত্ৰ্যক সন্মান প্ৰদৰ্শনৰ ক্ষেত্ৰত কংগ্ৰেছ দল আৰু নেহৰু-গান্ধী পৰিয়াল কৃতিত্ব দিয়ে।