ক’ৰ’নাৰ মহাতংক: ৰাজ্যসমূহক লকডাউন ঘোষণাৰ পৰামৰ্শ দিলে উচ্চতম ন্যায়ালয়ে

Supreame-Court-of-India-750x375-1

দেশত ক’ৰ’নাৰ দ্বিতীয়টো ঢৌৱে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰতিদিনে দেশত লাখ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। এনে সময়তে দেশৰ শেহতীয়া কোভিড পৰিস্থিতিকলৈ উদ্বিগ্ন হৈ পৰিছে উচ্চতম ন্যায়ালয়।

ক’ৰ’নাৰ মহ সংক্ৰমণ  ৰোধৰ বাবে সেয়ে উচ্চতম ন্যায়ালয়ে আজি ৰাজ্য সমূহক লকডাউনৰ কথা চিন্তা কৰিবলৈ পৰামৰ্শ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডৰ খণ্ডপীঠে আজি ক’ৰ’না পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লকডাউনৰ বিকল্প নাই বুলি মন্তব্য কৰাৰ লগতে এই বিষয়ত সেয়ে চিন্ত চৰ্চা কৰিবলৈ খণ্ডপীঠ খনে ৰাজ্য সমূহক পৰামৰ্শ দিয়ে।

জনস্বাৰ্থৰ খাতিৰতে লকডাউন দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে বুলি আদালতে মন্তব্য কৰেউচ্চতম ন্যায়ালয়ে লগতে এইবুলিও মন্তব্য কৰে যে লকডাউনে দেশৰ অৰ্থনীতিৰ বিস্তৰ ক্ষতিসাধন কৰে।

সেয়ে এনে ক্ষতি কিদৰে হ্ৰাস কৰিব পাৰি সেই বিষয়ত ৰাজ্যসমূহক আগতীয়কৈ পদক্ষেপ গ্ৰহণৰো পৰামৰ্শ দিয়ে উচ্চতম ন্যায়ালয়ে।

দেশৰ ভেকচিন প্ৰদান অভিযানত সেনা আৰু অৰ্ধ সমৰিক বাহিনীকো যুক্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিয়ে।

অক্সিজেনৰ সূচল সৰবৰাহ, ভেকচিনৰ নাটনি দূৰ কৰা আদি বিষয়তো সতৰ্ক হ’বলৈ আদালতে কেন্দ্ৰ-ৰাজ্য উভয়কে পৰামৰ্শ দিয়ে।উল্লেখ্য ইতিমধ্যে  ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দিল্লী, ওড়িশাকে ধৰি দেশৰ কেইবা খনো ৰাজ্য আংশিক অথবা সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে।

মাৰ্কিন স্বাস্থ্য বিশেষজ্ঞ ফাউচিয়েও লকডাউনৰ জৰিয়তেহে ক’ৰ’না সংক্ৰমণৰ শৃংখল ভাঙি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা যায় বুলি কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত কৈছিল।