• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মৃত্যু হেতু” এছ পি অমিতাভ সিনহাৰ বিৰুদ্ধে এজাহাৰ মৃত-কনিষ্টবল পত্নীৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 29, 2019 8:29 pm
Constable Death: FIR filed against Sivasagar SP Amitabh Sinha

শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কনিষ্টবল পৰমানন্দ য়েইনৰ মৃত্যুৰ “মূল কাৰণ” শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, এই অভিযোগেৰে বৃহস্পতিবাৰে এজাহাৰ দাখিল কৰিছে মৃতক পত্নী ফুলেশ্বৰী য়েইনে।

“স্বামীৰ মৃত্যুৰ মূল কাৰণ আৰক্ষী অধীক্ষকগৰাকীৰ কঠোৰ শাস্তি” বিচাৰি য়েইনৰ পত্নীয়ে শিৱসাগৰ সদৰ থানাত এই এজাহাৰ দাখিল কৰিছে।

Apply Now

৫০ বছৰীয়া অসুস্থ কনিষ্টবলজনক বিভাগীয় শাস্তিৰূপে এসপ্তাহ ধৰি পিঠিত গধূৰ বোজা বান্ধি প্ৰচণ্ড ৰ’দত দৌৰোৱাৰ ফলতে তেওঁৰ মৃত্যু হৈছে, এজাহাৰত উল্লেখ।

“মোৰ স্বামীয়ে ইমান প্ৰখৰ ৰ’দত দৌৰা পিছত স্বামী ভাগৰি পৰি স্বাস্থ্যৰ অৱনতি ঘটাৰ উমান পাই শিৱসাগৰৰ বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰায় আৰু উক্ত চিকিৎসালয়ে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে,” এজাহাৰত উল্লেখ।

দৌৰিব নোৱাৰি অসুস্থ য়েইন তেওঁৰ আৱাসলৈ ঘূৰি আহিছিল, কিন্তু পত্নীৰ মতে অধীক্ষক সিনহাই পুনৰ তেওঁক শিৱসাগৰ আৰক্ষী চাউনিলৈ প্ৰেৰণ কৰে।

তাৰ পিছতে কনিষ্টবলজনৰ অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক জয়সাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু তাতে তেওঁৰ মৃত্যু হয়।

কনিষ্টবল য়েইনে আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত শাস্তিৰূপে দৌৰি থকাৰ বহুকেইখন ফটো এতিয়া ভাইৰেল হৈ পৰিছে।

যোৱা ২০ আগষ্টত “দুই অচিনাক্ত যুৱক”এ “ফোন”ত দিয়া অভিযোগকে “একপক্ষীয়”ভাৱে লৈ অসুস্থ য়েইনক কঠোৰ শাস্তি বিহিছিল, এজাহাৰত উল্লেখ।

যুৱক দুজন আক্ৰাছুৰ দুই নেতা মৃণাল দত্ত আৰু শশাংক দত্ত বুলি ইতিমধ্যে বাতৰি প্ৰকাশিত হৈছে।

যুৱক দুজনৰ অভিযোগৰ বিপৰীতে মৃত কনিষ্টবলজনে ২১ আগষ্টতে আক্ৰাছুৰ নেতাদ্বয়ৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এক জামিনবিহীন গোচৰ (নং ৭৭৬/ ১৯)ৰুজু হৈছিল।

কিন্তু অভিযোগমতে, আৰক্ষী অধীক্ষকগৰাকীৰ হস্তক্ষেপত আক্ৰাছু নেতাদ্বয়ৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে কোনো ব্যৱস্থা নল’লে৷

য়েইনৰ পত্নীয়ে জনোৱা মতে, জয়সাগৰ আৰক্ষী চকীত কৰ্মৰত হৈ থকা অৱস্থাত আজিৰ পৰা প্ৰায় এসপ্তাহৰ পূৰ্বে চকীৰ ভিতৰত লক-আপৰ দৃশ্য আদি ম’বাইলেৰে ৰেকৰ্ডিং কৰাক লৈ আক্ৰাছু নামৰ সংগঠনটোৰ সদস্যৰ দল এটাৰ সৈতে কনিষ্টবলজনৰ তৰ্কাতৰ্কি হৈছিল।

তেতিয়া সংগঠনটোৰ সদস্যকেইজনে কৰ্তব্যৰত অৱস্থাত খাকী পোচাকত হাত দিয়ত আৰক্ষী জোৱানকেইজন আৰু যুৱকৰ দলটোৰ মাজত হতাহতি হয়।

য়েইনৰ ঘৰ শিৱসাগৰ নিতাইপুখুৰীৰ চেঁচামুখ ভেকুৰী চাপৰি গাঁৱত। তেওঁ পত্নীৰ লগতে তিনিটা সন্তানক এৰি গৈছে।

উল্লেখ্য যে কুখ্যাত আৰক্ষী বিষয়া অমিতাভ সিনহা আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অত্যাচাৰৰ ফলত এজন লোকৰ মৃত্যুৰ গোচৰ এটাত পূৰ্বেও দোষী সাব্যস্ত হৈছিল।

সিনহাৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩২৬ আৰু ৩৩১ ধাৰাত গোচৰ চলিছিল আৰু কামৰূপ মহানগৰ অতিৰিক্ত জিলা ন্যায়াধীশৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰি ২০১৮ চনৰ ২১ জুনত দুবছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছিল।

হত্যাৰ অভিযোগ স্বীকাৰ কৰাৰ বাবে অভিযুক্ত গুৰ্মিত সিং নামৰ লোকজনক আৰক্ষীৰ জিম্মাত গুৰুতৰভাৱে আঘাত কৰাৰ অভিযোগত সত্ৰ ন্যায়াধীশে আৰক্ষী বিষয়া সিনহাক দোষী সাব্যস্ত কৰিছিল।

অসম আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হৈ থকা কালত ২০১৩ চনত গুৱাহাটীৰ বশিষ্ঠ থানাত গুৰ্মিত সিঙক নিৰ্য্যাতন চলাইছিল সিনহাই।

২০১৩ চনৰ বশিষ্ঠ থানাৰ সেই জঘন্য ঘটনাটোত গুৰমিত সিঙক হকী ষ্টিকেৰে মৰিওৱা হৈছিল আৰু গুহ্যদ্বাৰত পেট্ৰল ঢালি দিয়া হৈছিল।

জীত সিং নামৰ ব্যৱসায়ী এজনক ২০১২ চনত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা গুৰ্মিত সিঙক ২০১৩ চনৰ ১৭ আৰু ১৮ জুনত বশিষ্ঠ থানাত জেৰা চলোৱা হৈছিল।

তাৰোপৰি বিষয়াজনে আন এগৰাকী আই পি এচ বিষয়াৰ সৈতে লগ হৈ অভিযুক্ত সিঙক বেয়া পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলি ভাবুকি দিয়া বুলিও অভিযোগ কৰা হৈছিল।

গুৱাহাটীৰ অতিৰিক্ত জিলা ন্যায়াধীশে কামৰূপ (মহানগৰ)ৰ উপ আৰক্ষী আয়ুক্ত হৈ থকা কালত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে অভিযোগ ৰুজু কৰিছিল।

নিম্ন আদালতৰ উক্ত ৰায়ক সিনহাই গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd