• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : ধুবুৰী লোকসভা সমষ্টি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 10, 2019 6:40 pm

3 min read

dhubri
583
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ সম্পূৰ্ণ অংশ আৰু গোৱালপাৰা জিলাৰ একাংশ সামৰি গঠন হৈছে ৪ নং ধুবুৰী লোকসভা সমষ্টি।এই সমষ্টিটো অসংৰক্ষিত।

নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ

  • মুঠ ভোটাৰৰ সংখ্যা ১৮,৪৪,০৪০ গৰাকী
  • পুৰুষ ভোটাৰ : ৯৪২৮৪৭জন
  • মহিলা ভোটাৰ : ৯০১১৬৬গৰাকী
  • তৃতীয় লিংগৰ ভোটাৰ: ২৭গৰাকী

মুঠ ভোটকেন্দ্ৰ আছে ২৪৫০টা

১৯৫১ চনত সমষ্টিটোৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ আমজাদ আলী সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

বৰ্তমান এ আই য়ু ডি এফৰ দখলত থকা সমষ্টিটোৰ সাংসদ হৈছে বদৰুদ্দিন আজমল। দলটোৰ মুৰব্বী তথা সাংসদ আজমলে এইবাৰৰ লোকসভা নিৰ্বাচনতো ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

লোকসভা সমষ্টিটোত বিধানসভাৰ ১০টা সমষ্টি অন্তৰ্গত। বিধানসভা সমষ্টি কেইটা তলত উল্লেখ কৰা হ’ল

১) ২১ নং মানকাচৰ (কংগ্ৰেছৰ দখলত, বিধায়ক ড০ মতিউৰ ৰহমান মণ্ডল)

২) ২২ নং দক্ষিণ শালমাৰা (কংগ্ৰেছৰ দখলত, বিধায়ক ৱাজেদ আলী চৌধুৰী)

৩) ২৩ নং ধুবুৰী (এ আই য়ু ডি এফৰ দখলত, বিধায়ক নজৰুল হক)

৪) ২৪ নং গৌৰীপুৰ (এ আই য়ু ডি এফৰ দখলত, বিধায়ক নিজানুৰ ৰহমান)

৫) ২৫ নং গোলোকগঞ্জ (বিজেপিৰ দখলত, বিধায়ক অশ্বিনী ৰয় সৰকাৰ)

৬) ২৬ নং পশ্চিম বিলাসীপাৰা (এ আই য়ু ডি এফৰ দখলত, বিধায়ক হাফিজ বছিৰ আহমেদ)

৭) ২৭ নং বিলাসীপাৰা (পূব) (বিজেপিৰ দখলত, বিধায়ক অশোক কুমাৰ সিংঘী)

৮) ৩৭ নং গোৱালপাৰা (পূব) (কংগ্ৰেছৰ দখলত, বিধায়ক আবুল কালাম ৰছিদ আলম)

৯) ৩৮ নং গোৱালপাৰা (পশ্চিম) (কংগ্ৰেছৰ দখলত, বিধায়ক আব্দুৰ ৰছিদ মণ্ডল)

১০) ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টি (এ আই য়ু ডি এফৰ দখলত, বিধায়ক চাহাব উদ্দিন আহমেদ)

উল্লেখযোগ্য যে সংখ্যালঘু অধ্যুষিত ধুবুৰী লোকসভা সমষ্টিটোত ১৯৫১ আৰু ১৯৫৭ চনত সংসদলৈ নিৰ্বাচিত হৈছিল প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিৰ আমজাদ আলী। ইয়াৰ পাছত ১৯৬২ চনত প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ গিয়াছুদ্দিন আহমেদ বিজয়ী হয়। ১৯৬৭ চনত পুনৰবাৰ প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ জাহানুদ্দিন আহমেদে সমষ্টিটো দখল কৰে।

আনহাতে ১৯৭১ চনৰ পৰা ২০০৪ চনলৈ একেৰাহে ৮ বাৰৰ বাবে সমষ্টিটো নিজৰ দখলত ৰাখে কংগ্ৰেছ দলে। কিন্তু পৰৱৰ্তী ২০০৯ আৰু ২০১৪ চনৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা নিৰ্বাচিত হয় ২০০৫ চনত গঠন হোৱা এ আই য়ু ডি এফ দলৰ মুৰব্বী বদৰুদ্দিন আজমল।

২০১৪ চনৰ নিৰ্বাচনত বদৰুদ্দিন আজমলে ৫৯২৫৬৯টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীয়ে পাই ৩৬২৮৩৯টা ভোট। তৃতীয় স্থানত থকা বিজেপি প্ৰাৰ্থী ড০ দেৱমই শন্যালে ২৯৮৯৮৫টা, নিৰ্দলীয় প্ৰাৰ্থী মোহৰ উদ্দিন মণ্ডলে ৪০২০৮টাৰ বিপৰীতে ন’টাত পৰে ৫৮১১টা ভোট।

নিৰ্বাচনৰ বাবে সমষ্টিটোত এইবাৰ মুঠ ১৭জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। তেওঁলোক হ’ল ক্ৰমে এ আই য়ু ডি এফৰ বদৰুদ্দিন আজমল, কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী, অসম গণ পৰিষদ দলৰ জাৱেদ ইছলাম, তৃণমূল কংগ্ৰেছৰ নুৰুল ইছলাম চৌধুৰী, ছ’চিয়েলিষ্ট য়ুনিটি চেণ্টাৰ অব ইণ্ডিয়াৰ সুৰত জামান মণ্ডল, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ চাহজাহান শ্বেখ, ৰিপাব্লিকান পাৰ্টি অব ইণ্ডিয়া(এ)ৰ মেহবুবাৰ ৰহমান, হিন্দুস্থান নিৰ্মাণ দলৰ অলকেশ ৰয়, পূৰ্বাঞ্চল জনতা পাৰ্টি(চেকুলাৰ)ৰ জহিৰুল ইছলাম খান, ভাৰতীয় নেশ্যনেল জনতা দলৰ নৃপেন দাস, আৰু নিৰ্দলীয় ৰুকুনৰ জামান, উত্তম কুমাৰ ৰায়, শুকুৰ আলী, হুছেইন সৰকাৰ, আশ্ৰফ আলী, চেলিনা চুলতানা আৰু অনামিকা সৰকাৰ।

২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা ২৩ এপ্ৰিলত।

Tags: নিৰ্বাচন ২০১৯

Recent News

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd