NORTHEAST NOW (Assamese)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্ঞানদাভিৰাম বৰুৱা আইন ছাত্ৰাৱাসত সংবিধান দিৱস উদযাপন

November 26, 2019 9:00 pm · এন ই নাও নিউজ
Updated: November 26, 2019 9:07 pm
গুৱাহাটী বিশ্ববিদ্যালয়ত সংবিধান দিৱস উদযাপনৰ সময়ত

বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত জ্ঞানদাভিৰাম বৰুৱা (অসম আৰ্হি ৯ নং) আইন ছাত্ৰাৱাসে আজি ব্যতিক্ৰমীভাৱে ৰাষ্ট্ৰীয় সংবিধান দিৱস উদযাপন কৰে।

ছাত্ৰাৱাসটোৰ উদ্যোগত আয়োজিত অনুষ্ঠানত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে ভাৰত বৰ্ষৰ পৱিত্ৰ সংবিধানৰ প্ৰস্তাৱনাটো পাঠ কৰে।

অনুষ্ঠানটোত অতিথি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিৱ ড০ দিলীপ বৰা আৰু ছাত্ৰাৱাসটোৰ অধীক্ষক ড০ দীপাংকৰ দাসে।

দুয়োগৰাকী অতিথিয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ আগত সংবিধান দিৱসৰ তাৎপৰ্য্য বাখ্যা কৰে।

ড০ বৰাই আইনৰ শাসন প্ৰতিষ্ঠাত আইনৰ ছাত্ৰৰ ভূমিকা সম্পৰ্কে বিশ্লেষণ আগবঢ়োৱাৰ বিপৰীতে ড০ দাসে সংবিধানৰ মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যৰ সামাঞ্জস্যৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানত বিভিন্ন অতিথিৰ লগতে ছাত্ৰাৱাসটোৰ প্ৰাক্তন আৱাসী তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক উৎপল শৰ্মাও উপস্থিত থাকে।

আৱাসটোৰ ছাত্ৰধীক্ষক ৰণজিৎ সাহাই সংবিধান দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱাৰ ভাগত বৃক্ষৰোপন কাৰ্য্যসূচীয়ো ৰূপায়ণ কৰা হয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Related News