সাংবিধানিক সুৰক্ষা, জনজাতিকৰণৰ বাতৰি ‘দিল্লীৰ লাড়ু, ঝুমলাবাজী’: অখিল গগৈ

Akhil Gogoi Advisor Krishak Mukti Sangram Samiti (KMSS), along with 70th ethic organisations jointly addressing a press conference oppose the Citizenship (Amendment) Bill, 2016, at KMSS Head Office, in Guwahati on 02-01-19.pix by UB PHOTOS

৭০টা সংগঠনৰ বুধবাৰৰ সংবাদমেল। ছবি- ইউ বি।

অসমবাসীৰ বাবে সাংবিধানিক সুৰক্ষা, বিশেষ সংৰক্ষণ ব্যৱস্থাৰ লগতে জনজাতিকৰণৰ দাবী পূৰণৰ দিশে কেন্দ্ৰ আগবাঢ়িছে বুলি শেহতীয়াকৈ অসমৰ একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰা বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাগৰিকত্ব বিধেয়কবিৰোধী ৭০টা সংগঠনে।

নাগৰিকত্ব বিধেয়কবিৰোধী আন্দোলন আৰু সমাগত লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ বাবেই কেন্দ্ৰই এই প্ৰচাৰ চলোৱা বুলি মন্তব্য কৰিছে সংগঠনকেইটাৰ অন্যতম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।

লগতে পঢ়ক– মোদী কেবিনেটৰ সিদ্ধান্তসমূহ

“কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত চলা আন্দোলনক বিপথে পৰিচালনা কৰাৰ বাবে আৰু নিৰ্বাচনৰ আগত ৰাইজক আভুৱা ভাঁৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈছে। ই দিল্লীৰ লাড়ু মাত্ৰ। এই জুমলাবাজী কথা অসমৰ মানুহে ভাবিবই নালাগে,” কৃষক মুক্তিৰ গুৱাহাটীস্থিত কাৰ্য্যালয়ত বুধবাৰে সংবাদমেলযোগে এই মন্তব্য গগৈৰ।

এই সংবাদ প্ৰচাৰ কৰা মাধ্যমসমূহৰ একাংশক “চৰকাৰী সংবাদ মাধ্যম” বুলি উল্লেখ কৰি গগৈয়ে লগতে কয় যে পূৰ্বৰ দৰেই বিজেপিয়ে দিয়া এই প্ৰতিশ্ৰুতিসমূহ পুনৰ মিথ্যাচাৰত পৰিণত হ’ব।

৭০টা সংগঠনৰ আনসকল নেতায়ো বাতৰিটোক লৈ গগৈৰ অনুৰূপ মন্তব্যই প্ৰকাশ কৰিছে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিয়ে আভুৱা ভাঁৰা কথাৰে বিধেয়ক বিৰোধী সংগ্ৰামখনক স্তিমিত কৰি লোকসভা নিৰ্বাচনত অসমৰ ভোট লাভ কৰাৰ চেষ্টা চলাইছে।

আনহাতে বিধেয়কবিৰোধী আন্দোলন স্তিমিত হওক চাৰি আৰু তীব্ৰহে হ’ব বুলি মন্তব্য কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াই। “জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত ৭০টা সংগঠনে কাইলৈৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব,” জনালে চেতিয়াই।

সংবাদমেলৰ আগমুহূৰ্তত ৭০টা সংগঠনে এক যৌথ সভাত বিধেয়কৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলি “জাতিটোক বিজেপিক মাৰিবলৈ নিদিওঁ” বুলি সংকল্প গ্ৰহণ কৰে।

অসম সংবাদ মাধ্যমকেইটাৰ উক্ত বাতৰিৰ বিপৰীতে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত পৰ্য্যালোচনা কৰিবলৈ এক “উচ্চস্তৰীয় সমিতি”হে গঠনৰ সিদ্ধান্ত লৈছে বুধবাৰে অনুষ্ঠিত মোদী কেবিনেটৰ বৈঠকে।