• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সংখ্যালঘু চিনাক্তকৰণ সন্দৰ্ভত ২৪ ৰাজ্যই দাখিল কৰিছে মতামত: উচ্চতম ন্যায়ালয়ত জনালে কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2023 2:57 pm
Centre to SC on Identification of Minorities
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যিক পৰ্যায়ত সংখ্যালঘু চিনাক্তকৰণৰ ক্ষেত্ৰত দেশৰ সকলো ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু এতিয়ালৈকে ২৪খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চলে মতামত দাখিল কৰিছে। উচ্চতম ন্যায়ালয়ত এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰে।

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা তথ্য মতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰিও গৃহ পৰিক্ৰমা মন্ত্ৰালয়, আইন আৰু ন্যায় মন্ত্ৰালয়, শিক্ষা মন্ত্ৰালয়, সংখ্যালঘুৰ ৰাষ্ট্ৰীয় আয়োগ (NCM), আৰু সংখ্যালঘু শিক্ষানুষ্ঠানৰ বাবে ৰাষ্ট্ৰীয় আয়োগ (NCMEI)ৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল।

Apply Now

মন্ত্ৰালয়ৰ তথ্য মতে, ২৪ খন ৰাজ্যৰ চৰকাৰ ক্ৰমে অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ, চত্তীশগড়, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, মেঘালয়, মিজোৰাম, মণিপুৰ, উৰিষ্যা, ছিকিম, উত্তৰাখণ্ড, নাগালেণ্ড, হিমাচল প্ৰদেশ, হাৰিয়ানা, গুজৰাট, গোৱা, পশ্চিম বংগ, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, তামিলনাডুৱে এই বিষয়ত মতামত দাখিল কৰিছে।

আনহাতে ৬ টা কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে লাডাখ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন এণ্ড ডিউ, চণ্ডীগড়, দিল্লীৰ এনচিটি, আন্দামান আৰু নিকোবৰ দ্বীপ আৰু পুডুচেৰীয়ে মতামত আগবঢ়াইছে বুলি মন্ত্ৰালয়ে লগতে কয়।

মন্ত্ৰালয়ে লগতে উল্লেখ কৰা মতে বাকী ছখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল- অৰুণাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, লক্ষদ্বীপ, ৰাজস্থান আৰু তেলেংগানাৰ মতামতৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে।

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে বিষয়টো সন্দৰ্ভত ২০২২ চনৰ ২১ ডিচেম্বৰত ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ অন্তিমবাৰৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল বুলিও লগতে উল্লেখ কৰে।

শপতনামাত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে লগতে কিছু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে এই বিষয়ত নিজৰ বিবেচিত মতামত দাখিল কৰাৰ পূৰ্বে অংশীদাৰসকলৰ সৈতে আলোচনাৰ বাবে অতিৰিক্ত সময়ৰ বাবে অনুৰোধ জনাইছে বুলি উচ্চতম ন্যায়ালয়ক জানিবলৈ দিয়ে।

উল্লেখ্য যে অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ৰ আবেদনৰ লগতে আন আন আবেদনৰ প্ৰতি সঁহাৰি জনাই এই শপতনামা দাখিল কৰা হৈছে। অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে আবেদন যোগে দেশৰ ১০ খন ৰাজ্যত হিন্দু ধৰ্মাৱলম্বীসকলক সংখ্যালঘু বুলি দাবী কৰি ৰাজ্য পৰ্যায়ত সংখ্যালঘু চিনাক্তকৰণৰ বাবে গাইডলাইন গঠন কৰাৰ বাবে নিৰ্দেশনা বিচাৰিছিল।

বিগত বৰ্ষৰ ১০ মে’ত উচ্চতম ন্যায়ালয়ে ৰাজ্য পৰ্যায়ত হিন্দুকে ধৰি সংখ্যালঘুসকলক চিনাক্তকৰণৰ বিষয়ত কেন্দ্ৰৰ স্থিতি সলনি কৰাত অসন্তুষ্টি প্ৰকাশ কৰি তিনি মাহৰ ভিতৰত ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd