• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিকশিত ভাৰতৰ পথত ন্যায়িক ব্যৱস্থাক “বাধা” আখ্যা প্ৰধানমন্ত্ৰীৰ উপদেষ্টা সঞ্জীৱ সন্যালৰ! আদালত অৱমাননাৰ আবেদন দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2025 7:29 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীৱ সন্যালৰ বিৰুদ্ধে আদালত অৱমাননা আৱেদন আৰম্ভ কৰিবলৈ ভাৰতৰ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণিৰ পৰা অনুমতি বিচাৰিছে উচ্চতম ন্যায়ালয়ৰ দুগৰাকী অধিবক্তাই।

শেহতীয়াকৈ সঞ্জয় সন্যালে উল্লেখ কৰিছে যে বিজেপি চৰকাৰে স্বাধীনতাৰ এশ বছৰীয়া জয়ন্তীৰ ভিতৰত “বিকশিৰ ৰাষ্ট্ৰ” নিৰ্মাণৰ যি অভিলাষী পদক্ষেপ হাতত লৈছে ইয়াৰ ক্ষেত্ৰত ভাৰতীয় ন্যায়পালিকা সকলোতকৈ ডাঙৰ বাধা।

Apply Now

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উচ্চতম ন্যায়ালয়ৰ উকীল সন্থাৰ প্ৰাক্তন সম্পাদক অধিবক্তা ৰোহিত পাণ্ডে আৰু সন্থাৰ সদস্য অধিবক্তা উজ্জ্বল গৌৰে এই অনুৰোধ জনাইছে।

স্মৰ্তব্য যে ১৯৭১ চনৰ আদালত অৱমাননা আইনৰ ১৫ নং ধাৰা অনুসৰি ব্যক্তিগতভাৱে এজন ব্যক্তিয়ে আদালত অৱমাননাৰ গোচৰ আৰম্ভ কৰাৰ পূৰ্বে এটৰ্নী জেনেৰেলৰ অনুমতি লোৱাটো অনিবাৰ্য।

দ্য টেলিগ্ৰাফত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে, “অধিবক্তাসকলৰ মতে, দেশৰ ন্যায়িক ব্যৱস্থা আৰু আইনী পৰিৱেশ তন্ত্ৰক বিকশিত ভাৰত নিৰ্মাণৰ বাবে আটাইতকৈ ডাঙৰ বাধা বুলি কোৱাৰ বাবে সন্যালক ধমক দিয়া উচিত।”

উল্লেখযোগ্য যে ২০ ছেপ্টেম্বৰত জাষ্টিচ ক্ৰিয়েচন ২০২৫ সন্মিলনত ভাষণ দি সন্যালে কৈছিল, “কাৰ্যকৰীভাৱে আমাৰ হাতত এখন উন্নত ভাৰত হ’বলৈ ২০-২৫ বছৰৰ সময় আছে। ন্যায় ব্যৱস্থা আৰু আইনী পৰিৱেশ তন্ত্ৰ, বিশেষকৈ ন্যায়িক ব্যৱস্থাই এতিয়া মোৰ মতে ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলা আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা।”

আদালত অৱমাননাৰ গোচৰত এটৰ্নী জেনেৰেললৈ লিখা এখন পত্ৰত উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই ন্যায়পালিকাৰ সন্দৰ্ভত সন্যালে ছুটীৰ কথা উল্লেখ কৰাকে ধৰি আন কিছুমান উদাহৰণ দাঙি ধৰে। খবৰ অনুসৰি সন্যালে কয়, “ৰাজ্যৰ আন যিকোনো সেৱাৰ দৰেই ন্যায়পালিকাও জনসেৱা। ধৰি লওক চিকিৎসকে গ্ৰীষ্মকালীন ছুটী, দশেৰাৰ ছুটী, শীতকালীন ছুটীত চিকিৎসালয় বন্ধ কৰাৰ সিদ্ধান্ত লয়… সেয়া গ্ৰহণযোগ্য হ‘বনে? আদালতৰ বাবে এইটো কিয় গ্ৰহণযোগ্য?”

পত্ৰখনত উল্লেখ কৰা হৈছে যে সন্যালে জ্যেষ্ঠ অধিবক্তা, অধিবক্তা, আনকি আদালতত গোচৰৰ যুক্তি আগবঢ়াবলৈ আইনৰ ডিগ্ৰীৰ প্ৰয়োজনীয়তাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে।

পত্ৰখনত আৰু কোৱা হৈছে যে, “গণতন্ত্ৰত আইনী প্ৰক্ৰিয়াৰ সন্মানজনক আৰু গঠনমূলক সমালোচনা গ্ৰহণযোগ্য আৰু বাঞ্ছনীয় দুয়োটা হ‘লেও সন্যালে দিয়া মন্তব্যসমূহে, বিশেষকৈ ন্যায়পালিকাক ৰাষ্ট্ৰীয় প্ৰগতিৰ বাবে ‘সৰ্ববৃহৎ বাধা‘ বুলি অভিহিত কৰাটো দুৰ্ভাগ্যজনক।”

তাৎপৰ্যপূৰ্ণভাৱে, বিতৰ্কিত বক্তব্যৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা সন্যালে চলিত মাহৰ আৰম্ভণিতে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত অনলাইন বিতৰ্কৰ মাজত সোমাই পৰিছিল যেতিয়া তেওঁ চাৰ্লি কাৰ্কৰ হত্যাৰ পাছত আমেৰিকাত হোৱা ৰাজনৈতিক উত্তেজনাক আমেৰিকাৰ গৃহযুদ্ধৰ পূৰ্বৰ সময়ছোৱাৰ সৈতে তুলনা কৰিছিল।

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত পুনেৰ প্ৰতিষ্ঠিত গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইকনমিক্সৰ আচাৰ্য পদৰ পৰা অপসাৰণ কৰাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল, কিয়নো সন্যালে প্ৰতিষ্ঠানটোৰ পুনৰুজ্জীৱিতকৰণৰ বাবে কোনো ‘কংক্ৰিট একচন প্লেন’ দাঙি ধৰিব পৰা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd