• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদানী গ্ৰুপক প্ৰাধান্য দি দুখন বিজেপিশাসিত ৰাজ্যত মুকলি হুবহু একেই বিদ্যুৎ উৎপাদনৰ সৈতে জড়িত ঠিকা

অঞ্জুমান ভৰদ্বাজ by অঞ্জুমান ভৰদ্বাজ
October 12, 2024 10:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেই!যেন ইখন ৰাজ্যই সিখন ৰাজ্যৰ নিবিদাহে অনুকৰণ কৰিছে৷ নথি-পত্ৰ অনুযায়ী বিজেপি শাসিত দুখন ৰাজ্যই ঠিকা প্ৰক্ৰিয়াত আবেদনকাৰী হিচাপে নিবিদা প্ৰদান কৰিবলৈ বিভিন্ন বিদ্যুৎ উৎপাদনকাৰীক বিদ্যুৎ উৎপাদনৰ ঠিকা দিয়াৰ সময়ত যি মাপকাঠী নিৰ্ধাৰণ কৰিছিল, সেই মাপকাঠী দুয়োখন ৰাজ্যতে আচৰিত ধৰণে হুবহু একেই, আৰু এই মাপকাঠীসমূহ আদানী গ্ৰুপৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাই নহয় বৰঞ্চ গোটটোৰ উৎপাদন ক্ষমতা আৰু বিদ্যুৎ উৎপাদনৰ সৈতে জড়িত আদানী গোটৰ ভৱিষ্যত পৰিকল্পনাৰো অনুকূলে আছিল।

মহাৰাষ্ট্ৰ আৰু ৰাজস্থান সেই দুখন ৰাজ্য, যিয়ে ইখনৰ পাছত সিখনকৈ সেই বিদ্যুৎ প্ৰদানকাৰীসকলৰ পৰা বিদ্যুৎ উৎপাদনৰ নিবিদা বিচাৰিছিল, যিসকলৰ পৰৱৰ্তী ২৫ বছৰলৈ এই ৰাজ্যসমূহক বিদ্যুৎ যোগান ধৰাৰ গুৰুদায়িত্ব থাকিব। দুয়োখন ৰাজ্যই বিদ্যুৎ উৎপাদনৰ চুক্তি লাভ কৰিব বিচৰা প্ৰতিষ্ঠানসমূহৰ সন্মুখত এটা চৰ্ত ৰাখিছে যে আবেদনকাৰী প্ৰতিষ্ঠানটো সৌৰ আৰু কয়লা ভিত্তিক দুয়োটা ধৰণৰ পৰা একেলগে বিদ্যুৎ উৎপাদন কৰিব পৰা সুবিধাৰে সজ্জিত হ’ব লাগে।

বিজেপি শাসিত ৰাজ্যসমূহত বিদ্যুৎ উৎপাদনৰ বাবে ঠিকা প্ৰদানৰ প্ৰক্ৰিয়াত ইয়াৰ দ্বাৰা জাৰি কৰা নিবিদাত এটা চৰ্ত ৰখা হৈছে যে আবেদনকাৰী গোটসমূহে একেলগে সৌৰ আৰু কয়লা ভিত্তিক উভয় ধৰণৰ শক্তি উৎপাদন কৰিবলৈ সক্ষম হ’ব লাগিব৷

Apply Now

এফালে মহাৰাষ্ট্ৰই মুঠ ৬৬০০ মেগাৱাট বিদ্যুতৰ চুক্তি দিয়াৰ প্ৰস্তাৱ দিছিল, ইয়াৰে ৫০০০ মেগাৱাট সৌৰশক্তিৰ পৰা আৰু বাকী কয়লাৰ পৰা উৎপাদন কৰিব লাগিব। একে সময়তে ৰাজস্থানে মুঠ ১১,২০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে নিবিদা আমন্ত্ৰণ জনাইছিল, ইয়াৰে ৮,০০০ মেগাৱাট বিদ্যুৎ সৌৰশক্তিৰ পৰা আৰু বাকীখিনি কয়লাৰ পৰা উৎপাদন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।

কিন্তু মন কৰিবলগীয়া কথাটো হ’ল আদানী গ্ৰুপৰ বাহিৰে দেশত এনেকুৱা প্ৰতিষ্ঠান অতি কমেইহে আছে যিবোৰৰ সৌৰশক্তি আৰু কয়লা দুয়োটাৰে পৰা একেলগে ইমান বৃহৎ পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা আছে।

মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ বিদ্যুৎ বিতৰণ কোম্পানীয়ে জাৰি কৰা নিবিদাৰ কিছু অংশ-
এই সমগ্র প্রক্রিয়াটোৰ মাজেৰে পাৰ হৈ যোৱাৰ পাছত আদানী গ্ৰুপে মহাৰাষ্ট্রত বিদ্যুৎ উৎপাদনৰ ঠিকা লাভ কৰিছে, যিটো আদানী গ্ৰুপৰ মতে সৌৰশক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ বাবে সর্ববৃহৎ চুক্তি ৰাজস্থানত, য’ত আদানী গ্ৰুপে এই দায়িত্ব লাভ কৰিছে৷

কিন্তু ৰাজস্থানতো মহাৰাষ্ট্ৰৰ চুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত নথি-পত্ৰৰ দৰেই আবেদনকাৰী গোটসমূহে বিদ্যুৎ উৎপাদনৰ বাবে যি চৰ্ত আৰু নিয়ম আগবঢ়াইছে, এই চৰ্তসমূহ আদানী গোটে ভৱিষ্যতে কাৰ্যকৰী কৰি আছে, আৰু ভাৰতত বিদ্যুৎ উৎপাদনৰ পৰিকল্পনাৰ সৈতে হুবহু মিল আছে।

আগতে বিদ্যুৎ উৎপাদনকাৰী কোম্পানীসমূহে কয়লা বা অক্ষয় সৌৰশক্তিৰ দৰে নবীকৰণযোগ্য শক্তিৰ উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰিবলগীয়া হৈছিল। কিন্তু এতিয়া বিভিন্ন উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰি একেলগে যোগান ধৰাৰ নিয়ম শক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ নতুন।

বিজেপি শাসিত ৰাজ্যসমূহে এই নতুন নিয়ম কাৰ্যকৰী কৰাৰ বাবেই নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত যোৱা বছৰবোৰত দ্ৰুতগতিত বিকশিত হোৱা ক্ষুদ্ৰ প্ৰতিষ্ঠানসমূহৰ ওপৰত অতি নেতিবাচক প্ৰভাৱ পৰিছে। আৰু এই নিয়মৰ বাবে বিভিন্ন প্ৰতিষ্ঠানৰ মাজত বিদ্যুৎ উৎপাদনৰ প্ৰতিযোগিতাও কয়লাৰ লগতে সৌৰশক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা কেইটামান নিৰ্বাচিত প্ৰতিষ্ঠানৰ মাজতে সীমাবদ্ধ হৈ পৰিছে। এই নিৰ্বাচিত প্ৰতিষ্ঠানসমূহৰ ভিতৰত আদানী গ্ৰুপ হৈছে সৰ্ববৃহৎ ব্যক্তিগত সংস্থা।

বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত কয়লা আৰু সৌৰশক্তি উভয়ৰে পৰা বিদ্যুৎ উৎপাদন কৰা কোম্পানীক ৰাজ্য চৰকাৰে দিয়া উৎসাহৰ ফলত নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত কাম কৰা কোম্পানীসমূহৰ মাজত প্ৰতিযোগিতা হ্ৰাস পোৱাৰ প্ৰবল সম্ভাৱনা আছে, যিটোৱে ভৱিষ্যতে স্বাভাৱিক ব্যৱসায়ৰ সূচনা কৰিব।

চৰকাৰে প্ৰদান কৰা চুক্তিসমূহৰ এটা মূল নিয়ম হৈছে যে চুক্তি ল’বলৈ ইচ্ছুক সংগঠনসমূহৰ মাজত প্ৰতিযোগিতামূলক পৰিৱেশৰ প্ৰচাৰ কৰা হয়। উচ্চতম ন্যায়ালয়ে ২০১৪ চনৰ কয়লা কেলেংকাৰীৰ দৰে বিতৰ্কৰ সৈতে জড়িত সিদ্ধান্তসমূহত কয় যে কয়লা খনিৰ দৰে সামগ্ৰী বিক্ৰী বা নিলাম কৰাৰ সময়ত চৰকাৰে ক্ৰেতাৰ মাজত সৰ্বাধিক প্ৰতিযোগিতামূলক পৰিৱেশ গঢ়ি তুলিব লাগে যাতে বিক্ৰী হোৱা সামগ্ৰীৰ মানদণ্ড সৰ্বাধিক উন্নত কৰিব পৰা যায়৷

কিন্তু বিদ্যুৎ উৎপাদনৰ সৈতে জড়িত সমগ্ৰ ঠিকা প্ৰক্ৰিয়াত বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহে নিজেই প্ৰতিযোগিতামূলক পৰিৱেশটো ঠিকা ল’বলৈ ইচ্ছুক কেইটামান নিৰ্বাচিত প্ৰতিষ্ঠানৰ মাজতে সীমাবদ্ধ কৰি ৰাখিছে।

আৰ্থিক দিশৰ পৰা কিছুমান প্ৰতিষ্ঠানক উপকৃত কৰিবলৈ চৰকাৰৰ হৈ অনন্য মানদণ্ড সৃষ্টি কৰা বা নিৰ্দিষ্ট কাৰিকৰী পৰিস্থিতিৰ দাবী কৰাটোক স্বজনপ্ৰীতি বোলা হয়।

বিশেষজ্ঞসকলৰ মতে নবীকৰণযোগ্য শক্তিৰ প্ৰসাৰ আৰু পৰিৱেশ প্ৰদূষণ হ্ৰাসৰ নামত ৰাজ্য চৰকাৰসমূহে কেৱল কয়লা আৰু সৌৰশক্তিৰ পৰা একেলগে বিদ্যুৎ উৎপাদন কৰা গোটসমূহক অনুমোদন দিয়াৰ সিদ্ধান্ত যথেষ্ট সমস্যাজনক। বিশেষজ্ঞসকলৰ মতে চৰকাৰে একক শক্তি উৎপাদকৰ পৰা শক্তি ক্ৰয় কৰাৰ পৰিৱৰ্তে বিভিন্ন উৎপাদকৰ পৰা শক্তি ক্ৰয় কৰিব লাগে।

ড° প্ৰিয়ংশু গুপ্তাই বিগত দহ বছৰ ধৰি শক্তি উৎপাদনৰ ক্ষেত্ৰত গৱেষক হিচাপে কাম কৰি আহিছে। প্ৰিয়ংশুৱে কয় যে চৰকাৰে সৌৰশক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ চুক্তি আৰু কয়লাৰ পৰা উৎপাদিত বিদ্যুতৰ চুক্তি পৃথকে ৰাখিব লাগে।

অঞ্জুমান ভৰদ্বাজ

অঞ্জুমান ভৰদ্বাজ

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd