NORTHEAST NOW (Assamese)

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীক চৰকাৰৰ প্ৰতাৰণাৰ অভিযোগ

January 22, 2022 11:35 am · এন ই নাও নিউজ, টীয়ক
ফটো: নৰ্থইষ্ট নাও।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২০১০ চনৰ পৰা ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰী সকলৰ প্ৰতি ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

ৰাজ্যখনৰ পঞ্চায়ত বিভাগত ঠিকাভিত্তিত নিযুক্তি পোৱা আঠ হাজাৰ ছশ এনে কৰ্মচাৰীয়ে নিম্নতম পাৰিতোষিকৰ বিনিময়ত সুদীৰ্ঘ দিন নিজৰ কাম নিষ্ঠাৰে পালন কৰি আহিছে যদিও অসম চৰকাৰে এইসকল কৰ্মচাৰীৰ প্ৰতি কোনো অনুকম্পা প্ৰদৰ্শন নকৰাত এতিয়া সমগ্র ৰাজ্য জুৰি ক্ষোভৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: Covid-19 Update: দেশত সামান্য নিম্নগামী দৈনিক সংক্ৰমণ; অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা ১০হাজাৰ অতিক্ৰম

পঞ্চায়ত পৰিচালনাৰ মূল চালিকা শক্তি জি আৰ এচ, অভিযন্তা, কম্পিউটাৰ সহায়ক,কম্পিউটাৰ গাণনিককে ধৰি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা ঠিকাভিত্তিক নিযুক্ত এই কৰ্মচাৰীসকলক সম কামৰ বিপৰীতে সম দৰমহা, চাকৰি নিশ্চিতকৰণ, চৰকাৰী অন্যান্য কৰ্মচাৰীৰ দৰে সা-সুবিধা প্ৰদান, বছৰি দৰমহা বৃদ্ধিৰ সিদ্ধান্ত সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ শেষৰখন কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছিল যদিও আজিও কাৰ্যকৰী নহ’ল সেই সিদ্ধান্ত।

বহুবাৰ এই সন্দৰ্ভত বিভাগৰ মন্ত্ৰী, উচ্চ পদস্থ বিষয়াৰে আলোচনা কৰিও কোনো সমাধান নোপোৱাত এতিয়া হতাশাত ভুগিছে এইসকল কৰ্মচাৰী। 

Related News