টে’ট উত্তীৰ্ণ শিক্ষকৰ হুংকাৰ; মুখ্য মন্ত্ৰীৰ সঁহাৰি নাপালে ভয়ানক হ’ব পৰিস্থিতি

অভিলেখসংখ্যক টে’ট শিক্ষকক নিযুক্তি দি ইতিহাস ৰচনা কৰা চৰকাৰৰ বিৰুদ্ধে এইবাৰ আন্দোলনৰ জৰিয়তে ইতিহাস ৰচনা কৰিব বুলি হুংকাৰ দিছে সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে।

দেওবাৰে অৰ্থাৎ ৩ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ জৰিয়তে টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰছিদ আৰু দীপাৰ্ণৱ ঘোষে কয় যে ঠিকাভিত্তিক টে’ট উত্তীৰ্ণ শিক্ষকসকলক সোণোৱাল চৰকাৰৰ প্ৰথমখন কেবিনেটত নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আঢ়ৈ বছৰে চৰকাৰে প্ৰতিশ্ৰুতি পূৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

তেওঁলোকে কয় যে নিম্ন প্ৰাথমিকৰ নিয়মীয়া শিক্ষকৰ ৭,৪০০ গ্ৰেড পেৰ বিপৰীতে ঠিকাভিত্তিক শিক্ষকে লাভ কৰে ৬,২০০ টকা। এই অনিয়মৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ সম কামৰ বাবে সম দৰমহা নিৰ্দেশনাক অসম চৰকাৰে ভংগ কৰিছে।

তাৰোপৰি সাধাৰণ সম্পাদকদ্বয়ে কয় যে অহা ৭ মাৰ্চত সকলো ঠিকাভিত্তিক টে’ট শিক্ষকৰ সহযোগত জিলাসমূহৰ জৰিয়তে উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব। মুখ্য মন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ বিচাৰি প্ৰেৰণ কৰা স্মাৰকপত্ৰৰ যদি সঁহাৰি নাপাই তেতিয়া পৰিস্থিতি ভয়ানক হ’ব বুলিও উল্লেখ কৰে। লগতে টে’ট শিক্ষকে এঘাৰমহীয়া চুক্তিত স্বাক্ষৰ নকৰে বুলিও কয়।