NORTHEAST NOW (Assamese)

১৩ ফেব্ৰুৱাৰিত ৰাজ্যসভাত উত্থাপন নহয় বিতৰ্কিত বিধেয়ক!

February 12, 2019 9:37 pm · কল্পজ্যোতি শইকীয়া
Updated: February 12, 2019 9:38 pm

চলিত বাজেট অধিৱেশনৰ অন্তিম দিন ১৩ ফেব্ৰুৱাৰিত ৰাজ্যসভাত উত্থাপিত নহয় বিতৰ্কিত বিধেয়ক। এই কথা নৰ্থ-ইষ্ট নাওক টেলিফোনিক বাৰ্তালাপত জনাইছে অসমৰ কংগ্ৰেছী সাংসদ ভুৱনেশ্বৰ কলিতাই।

ফলত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন আৰু আলোচনাৰ কথা বিজেপি চৰকাৰে কাৰ্য্যক্ৰমণিকাত উল্লেখ কৰিছিল যদিও বিৰোধী দলৰ প্ৰতিবাদৰ বাবেই সেয়া সম্ভৱ হৈ নুঠে। বিৰোধীৰ সৈতে আলোচনা নকৰাকৈ বা বিৰোধীক বিশ্বাসত নোলোৱাকৈ বিধেয়কখন উত্থাপন কৰিবলৈ চৰকাৰে সাহস নকৰিব বুলি তেওঁ এটা ধাৰণা দৃঢ়তাৰে দাঙি ধৰে।

উল্লখযোগ্য যে যদিহে ৰাজ্যসভাৰ দিন বৃদ্ধি কৰা নহয় ১৩ ফেব্ৰুৱাৰিয়েই হ’ব ৰাজ্যসভাৰ অন্তিম দিন।

টেলিফোনত কলিতাই জনোৱা মতে ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত আলোচনা আৰু ধন্যবাদসূচক প্ৰস্তাৱ বাকী আছে। তাৰ পাছতেই বাজেট শিতান আৰু বিনিয়োজন বিধেয়ক (Appropriation Bill) ৰ ওপৰত আলোচনা হ’ব।

“ইয়াৰ পিছত যিখিনি সময় থাকে সেইখিনি সময়ত অবিতৰ্কিত বিধেয়কবোৰক অগ্ৰাধিকাৰ ভিত্তিত আলোচনা আৰু গৃহীত কৰা হ’ব”, কলিতাই আমাৰ সাংবাদিকৰ আগত কয়। গৃহীত কৰিব লগীয়া অবিতৰ্কিত ছখন বিধেয়ক আছে বুলিও কলিতাই জনায়।

“অৱশ্যে, এইখিনিৰ পাছত সময় থাকিলে অন্য বিধেয়কৰ প্ৰসংগ আহিব পাৰে। বিশেষকৈ যিহেতু সদনৰ কাৰ্য্যক্ৰমণিকাসমূহ চৰকাৰে নিজে প্ৰস্তুত কৰে, সেয়েহে তেওঁলোকে এনে সুযোগত নাগৰিকত্ব বিধেয়কখন আনিবও পাৰে”, লগতে এই সংশয়ো ব্যক্ত কৰিলে কলিতাই।

কিন্তু কোনো বিবদমান বা বিতৰ্কিত বিধেয়ক কাইলৈ দিনটোত অনা নহয় বুলি শাসক-বিৰোধী সহমতত উপনীত হৈছিল বুলি কলিতাই জনোৱাৰ লগতে “এই কথা অধ্যক্ষয়ো ঘোষণা কৰিছিল” বুলি উল্লেখ কৰে।

এই সহমতৰ ভিত্তিতে কলিতাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন যিহেতু “বিতৰ্কিত”, গতিকে কাইলৈ ইয়াৰ উত্থাপন তথা আলোচনা হোৱাৰ সম্ভাৱনা নাই।

তাৎপৰ্য্যপূৰ্ণভাৱে, ৰাজ্যসভাৰ অধিৱেশনৰ দিন বৃদ্ধি কৰিবৰ বাবে আজি সদনত সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিজয় গোৱেলে প্ৰস্তাৱ দিছিল যদিও বিৰোধী পক্ষই ইতিমধ্যে ইয়াত প্ৰবল আপত্তি দৰ্শাইছে।

ইয়াৰ পিছত ভুৱনেশ্বৰ কলিতাই আশ্বাস দি কয়, “বিজেপিয়ে চলে-বলে-কৌশলে বিধেয়কখন উত্থাপন কৰিলেও বিৰোধী পক্ষৰ পৰা ইয়াক প্ৰতিৰোধ কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰা হ’ব।”

যদিহে সাংসদ কলিতাই কোৱাৰ দৰে বিধেয়কখন বিতৰ্কিত হোৱা বাবেই ৰাজ্যসভাত উত্থাপন কৰা সম্ভৱ নহয়, তেতিয়া হ’লে ই হ’ব বিধেয়কখনক ‘বিতৰ্কিত’ মাৰ্কা দিয়া দল-সংগঠন আৰু বিৰোধী ৰাজনৈতিক দলৰ কৃতিত্ব। অন্যাৰ্থত বিধেয়কখন দল-সংগঠন আৰু বিৰোধীয়েই প্ৰতিৰোধ কৰাৰ দৰে হ’বগৈ।

Related News