• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিতৰ্কিত নাগৰিকত্ব বিধেয়ক আজি ৰাজ্যসভাত উত্থাপন; সহজ নহ’ব চৰকাৰৰ উদ্দেশ্য সাধন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 11, 2019 10:52 am

2 min read

বিতৰ্কিত নাগৰিকত্ব বিধেয়ক আজি ৰাজ্যসভাত উত্থাপন; সহজ নহ’ব চৰকাৰৰ উদ্দেশ্য সাধন
745
VIEWS
Share on FacebookShare on Twitter

অসম তথা উত্তৰ-পূবৰ জনগণে প্ৰবল বিৰোধিতা কৰি থকাৰ মাজতে লোকসভাত ইতিপূৰ্বে বিপুল ভোটত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়কখন আজি উচ্চ সদন অৰ্থাৎ ৰাজ্যসভাত গৃহীত কৰাৰ চেষ্টা কৰিব চৰকাৰে।

ৰাজ্যসভাত বিধেয়কখন আলোচনাৰ বাবে ৬ ঘণ্টা সময় নিৰ্ধাৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। লোকসভাত ইয়াক লৈ ৭ ঘণ্টাৰো অধিক সময় বিতৰ্ক চলিছিল।

সূচীমতে কাৰ্য্যসূচী আগ বাঢ়িলে দিনৰ ২ বজাত বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে আৰু ৰাজ্যসভাত লোকসভাৰ দৰে সহজ নহ’ব পাৰে চৰকাৰৰ কাম।

ৰাজ্যসভাত শাসকীয় দল বিজেপি আৰু ইয়াৰ নেতৃত্বত হোৱা চৰকাৰখনৰ অংশীদাৰী দলবোৰৰ সংখ্যাগৰিষ্ঠতা নাই। বিজেপিৰ ৮৩জন, জে ডি য়ৰ ৬জন, আকালী দলৰ ৩জন, এল জে পি, আৰ পি আই এৰ এজনকৈ তথা ১১জন মনোনীত সদস্যৰে চৰকাৰৰ পক্ষত স্পষ্ট হৈ থকা মুঠ সদস্যৰ সংখ্যা ১০৫জন।

ৰাজ্যসভাৰ বৰ্তমানৰ মুঠ সদস্য সংখ্যা ২৪০জন আৰু যদিহে আটাইকেইজন উপস্থিত থাকে আৰু ভোট দিয়ে তেতিয়া চৰকাৰক এই বিধেয়কখন গৃহীত কৰাবলৈ প্ৰয়োজন হ’ব নিচেই কমেও ১২১জনৰ ভোট। ২৪৫জনীয়া ৰাজ্যসভাত ৫খন আসন খালী হৈ আছে।

জানিব পৰা গৈছে যে বিজেপিয়ে ইয়াৰ পক্ষত নথকা আন কিছু দলক সন্মত কৰাবলৈ চেষ্টা চলাই আছে। তাৰ ভিতৰত আছে ১১জন সদস্য থকা AIADMK, ৭জন সদস্য থকা বি জে ডি আদি।

তাৰোপৰি দল হিচাপে সমৰ্থন আদায়ৰ চেষ্টা কৰাৰ উপৰি ব্যক্তিগতভাৱে কিছু সংখ্যক সাংসদক বিধেয়কখনৰ পক্ষত ভোট দিবলৈ আহ্বান, অনুৰোধ জনায়ো কিছু সাংসদক লগ কৰিছে বিজেপিয়ে, য’ত কংগ্ৰেছৰো একাধিক সাংসদ আছে বুলি জানিব পৰা গৈছে।

বিজেপিৰ এই সংগঠিত প্ৰয়াসৰ বিপৰীতে বিৰোধীৰ ভূমিকা বিক্ষিপ্ত তথা অসংগঠিত ধৰণৰ। বিধেয়কখনক বাধা দিবলৈ চেষ্টা কৰা হ’ব বুলি প্ৰধান বিৰোধী দল কংগ্ৰেছে কৈ আছে যদিও তেওঁলোকৰ পক্ষত কোন কোন আছে সেই ছবি স্পষ্ট নহয়।

শিৱসেনাই বিধেয়কখনৰ বিৰোধিতা সংসদৰ বাহিৰত কৰি আছে যদিও সেয়া সংসদৰ মজিয়াত ওলোটা হৈছে। লোকসভাত শিৱসেনাৰ সাংসদেও বিধেয়কৰ পক্ষত ভোটদান কৰি সেই প্ৰমাণ দি থৈছে।

এই পৰ্য্যন্ত বিধেয়কখনৰ বিৰোধী পক্ষত থকা দলবোৰ হ’ল- কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বি এছ পি, সমাজবাদী পাৰ্টী, ডি এম কে, আৰ জে ডি, বাওঁদলবোৰ, এন চি পি, আৰু টি আৰ এছ। এওঁলোকৰ মুঠ সাংসদ আছে ৯৭জন। শিৱসেনা আৰু আম আদমি পাৰ্টিৰ সাংসদ ৩জনকৈ।

Recent News

Imran-1

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd