• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিতৰ্কিত নাগৰিকত্ব বিধেয়ক আজি ৰাজ্যসভাত উত্থাপন; সহজ নহ’ব চৰকাৰৰ উদ্দেশ্য সাধন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2019 10:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা উত্তৰ-পূবৰ জনগণে প্ৰবল বিৰোধিতা কৰি থকাৰ মাজতে লোকসভাত ইতিপূৰ্বে বিপুল ভোটত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়কখন আজি উচ্চ সদন অৰ্থাৎ ৰাজ্যসভাত গৃহীত কৰাৰ চেষ্টা কৰিব চৰকাৰে।

ৰাজ্যসভাত বিধেয়কখন আলোচনাৰ বাবে ৬ ঘণ্টা সময় নিৰ্ধাৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। লোকসভাত ইয়াক লৈ ৭ ঘণ্টাৰো অধিক সময় বিতৰ্ক চলিছিল।

Apply Now

সূচীমতে কাৰ্য্যসূচী আগ বাঢ়িলে দিনৰ ২ বজাত বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে আৰু ৰাজ্যসভাত লোকসভাৰ দৰে সহজ নহ’ব পাৰে চৰকাৰৰ কাম।

ৰাজ্যসভাত শাসকীয় দল বিজেপি আৰু ইয়াৰ নেতৃত্বত হোৱা চৰকাৰখনৰ অংশীদাৰী দলবোৰৰ সংখ্যাগৰিষ্ঠতা নাই। বিজেপিৰ ৮৩জন, জে ডি য়ৰ ৬জন, আকালী দলৰ ৩জন, এল জে পি, আৰ পি আই এৰ এজনকৈ তথা ১১জন মনোনীত সদস্যৰে চৰকাৰৰ পক্ষত স্পষ্ট হৈ থকা মুঠ সদস্যৰ সংখ্যা ১০৫জন।

ৰাজ্যসভাৰ বৰ্তমানৰ মুঠ সদস্য সংখ্যা ২৪০জন আৰু যদিহে আটাইকেইজন উপস্থিত থাকে আৰু ভোট দিয়ে তেতিয়া চৰকাৰক এই বিধেয়কখন গৃহীত কৰাবলৈ প্ৰয়োজন হ’ব নিচেই কমেও ১২১জনৰ ভোট। ২৪৫জনীয়া ৰাজ্যসভাত ৫খন আসন খালী হৈ আছে।

জানিব পৰা গৈছে যে বিজেপিয়ে ইয়াৰ পক্ষত নথকা আন কিছু দলক সন্মত কৰাবলৈ চেষ্টা চলাই আছে। তাৰ ভিতৰত আছে ১১জন সদস্য থকা AIADMK, ৭জন সদস্য থকা বি জে ডি আদি।

তাৰোপৰি দল হিচাপে সমৰ্থন আদায়ৰ চেষ্টা কৰাৰ উপৰি ব্যক্তিগতভাৱে কিছু সংখ্যক সাংসদক বিধেয়কখনৰ পক্ষত ভোট দিবলৈ আহ্বান, অনুৰোধ জনায়ো কিছু সাংসদক লগ কৰিছে বিজেপিয়ে, য’ত কংগ্ৰেছৰো একাধিক সাংসদ আছে বুলি জানিব পৰা গৈছে।

বিজেপিৰ এই সংগঠিত প্ৰয়াসৰ বিপৰীতে বিৰোধীৰ ভূমিকা বিক্ষিপ্ত তথা অসংগঠিত ধৰণৰ। বিধেয়কখনক বাধা দিবলৈ চেষ্টা কৰা হ’ব বুলি প্ৰধান বিৰোধী দল কংগ্ৰেছে কৈ আছে যদিও তেওঁলোকৰ পক্ষত কোন কোন আছে সেই ছবি স্পষ্ট নহয়।

শিৱসেনাই বিধেয়কখনৰ বিৰোধিতা সংসদৰ বাহিৰত কৰি আছে যদিও সেয়া সংসদৰ মজিয়াত ওলোটা হৈছে। লোকসভাত শিৱসেনাৰ সাংসদেও বিধেয়কৰ পক্ষত ভোটদান কৰি সেই প্ৰমাণ দি থৈছে।

এই পৰ্য্যন্ত বিধেয়কখনৰ বিৰোধী পক্ষত থকা দলবোৰ হ’ল- কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বি এছ পি, সমাজবাদী পাৰ্টী, ডি এম কে, আৰ জে ডি, বাওঁদলবোৰ, এন চি পি, আৰু টি আৰ এছ। এওঁলোকৰ মুঠ সাংসদ আছে ৯৭জন। শিৱসেনা আৰু আম আদমি পাৰ্টিৰ সাংসদ ৩জনকৈ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd