• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“কপি মাষ্টাৰ” খ্যাত নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যই “ৰূপকোঁৱৰ”ৰ সৃষ্টিৰ বিকৃত কৰাৰ অধিকাৰ পালে ক’ত?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 10, 2022 8:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হলিউড-বলিউড বা দাক্ষিণাত্যৰ চলচ্চিত্ৰৰ পৰা কাহিনী চুৰি কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ ৰূপ দিয়াত কপি মাষ্টাৰ হিচাপে নাম আশে তথাকথিত যশস্বী নাট্যকাৰ বুলি পৰিচয় দিয়া অভিজিত ভট্টাচাৰ্য্যৰ। পুনৰবাৰ একেধৰণৰ কাহিনী চুৰি আৰু বিকৃত ৰূপ দিয়াৰ অভিযোগ উঠিছে অভিজিত ভট্টাচাৰ্য্যৰ বিৰুদ্ধে। জ্যোতিপ্ৰসাদৰ লভিতা নহয় এয়া অভিজিত ভট্টাচাৰ্য্যৰ লভিতা

এগৰাকী কপিমাষ্টাৰৰ এটা বিতৰ্কিত আৰু চৰ্চিত বিষয় লৈ আপোনালোকলৈ আগবঢ়াইছো….
বলিউড-হলিউড বা দাক্ষিণাত্যৰ চলচ্চিত্ৰত ক্ষান্ত নাথাকি এইবাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজিতো হস্তক্ষেপ কৰিলে এইগৰাকী নাট্যকাৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতা নাটকৰ আলম লৈ নিজে সৃষ্টিৰাজীৰে লভিতাৰ অন্য এক বিকৃত ৰূপহে দাঙি ধৰিলে নাট্যকাৰে। কাৰেঙৰ লিগিৰিৰ গীত আনি লভিতাত সনিবিষ্ট কৰি গোটেইখন সনা পিটিকা কৰি একাকাৰ কৰি পেলালে এইগৰাকী নাট্যকাৰে।

Apply Now

কাৰেঙৰ লিগিৰিৰ মোৰে জীৱনৰে সখা কৃষ্ণ গীতটি জ্যোতি প্ৰসাদৰ অন্য নাটত অন্তৰ্ভুক্ত কৰাৰো মৰসাহ কৰিলে অভিজিত ভট্টাচাৰ্য্যই।

কেৱল ইমানেই নহয়, নাটকখনত বন্দে মাতৰমৰ সলনি মূল নায়িকা প্ৰস্তুতি পৰাশৰৰ সংলাপত সনিবিষ্ট কৰিলে ভাৰত মাতা কি জয় ধ্বনি।

এতিয়া আহিছো লভিতাৰ মূল কাহিনীভাগ কেনেকুৱা আছিল সেই প্ৰসংগলৈ। লভিতা এখন বাস্তৱমূলক কাহিনীৰ ওপৰত আধাৰিত নাট। জ্যোতিপ্ৰসাদৰ লভিতাত জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ ভাৰত ত্যাগৰ বিপ্লৱ আৰু অসম চুই যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাকেই বাস্তৱিক চিত্ৰ আকাৰত দেখুওৱা হৈছিল। ১৯৪১ চনৰ শেষৰ ফালে তেজপুৰৰ শালনি এয়াৰ ফিল্ডত হোৱা এটা ঘটনাৰ পৰা লভিতা চৰিত্ৰৰ প্ৰথমচোৱাৰ বাবে সমল গোটোৱা হৈছিল।
ইপিনে, এই বিতৰ্কৰ সূচনা হোৱাৰ পাছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীয়ৰী জ্ঞানশ্ৰী পাঠক আগৰৱালাই আমাৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰূপকোঁৱৰৰ সৃষ্টিৰাজিৰ অপভ্ৰংশ ৰূপ দিব নালাগে বুলি তেওঁ উল্লেখ কৰাৰ লগতে শুদ্ধ ৰূপতহে উপস্থাপনন কৰিবলৈ নাট্যকাৰক আহ্বান জনায়।

আনহাতে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি লভিতাক বিকৃত ৰূপ দিয়াটো অক্ষমণীয় অপৰাধ বুলি দাবী কৰিছে ভাৰতীয় গণনাট্য সংঘই। আবাহনৰ লভিতা নাটকৰ প্ৰযোজক পৰিচালক আৰু নাট্যকাৰৰ গভীৰ অভিসন্ধি থকা বুলিও সন্দেহ প্ৰকাশ কৰে গণ নাট্য সংঘৰ আহ্বায়ক সোণেশ্বৰ নৰহে। সকলো মহলে এই নাটকখন বৰ্জন কৰিব লাগে বুলি দাবী জনায় গণনাট্য সংঘই। মূল লভিতা নাটকখনত গোলাপ চৰিত্ৰটো বেপেৰুৱা, ভয়াতুৰ, নিকম্মা আৰু অকৰ্মণ্য আজিৰ দিনৰ ডেকা ল’ৰা নহয় বুলি দাঙি ধৰাৰ বিপৰীতে অভিজিত ভট্টাচাৰ্য্যৰ লভিতা নাটকখনত কৃষ্ণ ৰূপতহে দাঙি ধৰা হৈছে। সেয়েহে অভিজিত ভট্টাচাৰ্য্যৰ লভিতা নাটকত ইয়াৰ ধ্যান ধাৰণা সম্পূৰ্ণ ওলোটা কৰা বুলি দাবী কৰে সোণেশ্বৰ নৰহে।

ইপিনে, লভিতা নাটকৰ বিকৃতকৰণৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। অভিজিত ভট্টাচাৰ্য্যই সম্পূৰ্ণ ব্যৱসায়িক মানসিকতাৰ দিশৰে লাভালাভৰ কথা চিন্তা কৰি লভিতা নাটকখন বিকৃত ৰূপত দাঙি ধৰা বুলি অভিযোগ তোলে KMSS ৰ সাধাৰণ সম্পাদক বিদ্যুত কলিতাই।

অৱশ্যে অভিজিত ভট্টাচাৰ্য্যৰ বিৰুদ্ধে অন্য চলচ্চিত্ৰৰ পৰা কাহিনী চুৰ কৰাৰ অভিযোগ এয়াই প্ৰথম নহয়। শেহতীয়াকৈ যতীন বৰা আৰু বৰ্ষাৰাণী বিষয়াৰ দ্বাৰা অভিনীত ৰত্নাকৰ চলচ্চিত্ৰখনো দাক্ষিণাত্যৰ থেৰি নামৰ চলচ্চিত্ৰখনৰ কাহিনীৰ সৈতে প্ৰায় একেই আছিল। কিন্তু অসমীয়া সাহিত্য তথা সংগীত জগতলৈ যথেষ্ট অৱদান আগবঢ়াই যোৱা বিপ্লৱী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰো অপভ্ৰংশ ৰূপ দিবলৈ মৰসাহ কৰা দ্বিতীয় এজন অভিজিত ভট্টাচাৰ্য্যৰ দৰে কপি মাষ্টাৰৰ জন্ম নহওঁক সেয়াই সকলোৰে কামনা।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd