• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2025 5:32 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৮ জুলাইত অসমৰ এটা টেলিভিশ্যন চেনেলৰ পৰ্দাত দেখা পোৱা গ’ল অনাহুত ঘটনা! ভাৰতীয় টিভি জগতত সংঘটিত এইটো প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও এনে ঘটনা সহস্ৰাধিকবাৰ দেখা গৈছে। কেতিয়াবা এংকৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে অতিথি, কেতিয়াবা তাৰ বিপৰীত পৰিস্থিতিৰ অৱতাৰণা হৈছে।

কিন্তু কালি অৰ্থাৎ ১৮ জুলাই তাৰিখে হৈছিল কি? ১৮ জুলাই তাৰিখে ND24 নামৰ ছেটেলাইট চেনেলটোৰ অনুষ্ঠানত কংগ্ৰেছ বিধায়ক একে ৰছিদ আালমৰ বিৰুদ্ধে চূড়ান্ত অভদ্ৰামিৰ অভিযোগ উত্থাপন হৈছিল। চেনেলটোৰ ‘আজিৰ পৰ্যৱেক্ষণ’ত নামৰ অনুষ্ঠানটিত মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাক উদ্দেশ্যি বিধায়কজনে অশালীন মন্তব্য কৰা ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে। এজন সাংবাদিকক উদ্দেশ্য কৰি বিধায়কে কোৱা এই মন্তব্য নিশ্চিতভাৱে গৰিহণাৰ যোগ্য। কিন্তু কিমান শুদ্ধ, সত্য আৰু নিষ্ঠাৱান ৰাজদ্বীপ বাইলুং? কোন এই নিজকে নিৰপেক্ষ বুলি দাবী কৰা মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱা। আমি জানিব পৰা মতে, ND24 নামৰ ছেটেলাইট চেনেলটোৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱা, এই চেনেলটোৰ মালিক তথা অধ্যক্ষ কিশোৰ বৰা, এইজন কিশোৰ বৰাৰ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মধুৰ সম্পৰ্ক। লগতে কিশোৰ বৰা অসম চেম্বাৰ অৱ কমাৰ্চৰ কাৰ্যকৰী সভাপতি। অৰ্থাৎ অসমৰ এজন শীৰ্ষ বিজেপি নেতাৰ সৈতে ঘনিষ্ঠ তথা ৰজাঘৰীয়াৰ সৈতে সুসম্পৰ্ক থকা ব্যক্তিৰ মালিকানাধীন চেনেলৰ মুখ্য সম্পাদক কিমান ৰাইজৰ পক্ষত সেয়া নিশ্চয়কৈ পৃথকে কোৱাৰ প্ৰয়োজন নাই।

Apply Now

সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ত দেখা অনুসৰি বিধায়ক আলমে ‘ননচেঞ্চ’ৰ দৰে শব্দ প্ৰয়োগ কৰাৰ আগতে মুখ্য সম্পাদক বাইলুঙে ‘গেট-আউট’ৰ দৰে শব্দ প্ৰয়োগ কৰিছিল বুলিও বহুজনে অভিযোগ কৰিছে।

আনহাতে বহুতে এইটোও প্ৰশ্ন কৰিছে যে, মন্ত্ৰী পীযূষ হাজৰিকাই সাংবাদিক তুলসী মান্তা আৰু সতীৰ্থক শাৰিৰীক আক্ৰমণৰ ভাবুকি দিয়াৰ সময়ত ৰাজদ্বীপ বাইলুঙৰ ৰাজহুৱা স্থিতি কি আছিল? মুখ্যমন্ত্ৰীয়ে যুৱ সাংবাদিক শ্বাহ আলমৰ ধৰ্মক লৈ সোধা প্ৰশ্নৰ পাছত ৰাজদ্বীপ বাইলুং বৰুৱাই কঠোৰ স্থিতি কিয় লোৱা নাছিল? নে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোষত পৰা ভয়ত এই স্থিতি লৈছিল বৰুৱাই? আনকি কিছুদিনৰ পূৰ্বে প্ৰতিদিন টাইমৰ সাংবাদিক অনুপ নাথক অপমান কৰা ক্ষমতাত বলিয়ান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাকো বয়কট কৰা ভাবুকি দিবলৈ সাহস কৰা নাছিল ৰাজদ্বীপ বাইলুঙে। সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ সময়টো চৰকাৰক বয়কটৰ ভাবুকি দিব পৰা নাছিল মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুঙে। শাসনৰ পৰা আঁতৰত থকা দুৰ্বল কংগ্ৰেছৰ ওপৰত দম দেখুৱাই নিজকে বাঘ বুলি ভবা ৰাজদ্বীপ বাইলুঙক প্ৰকৃততে ‘কাগজৰ বাঘ’ বুলিহে একাংশই উল্লেখ কৰিছে।

এটা সময় আছিল যেতিয়া সংবাদ প্ৰতিষ্ঠানৰ মুখ্য সম্পাদকে জনবিৰোধী চৰকাৰ ভঙা আৰু চৰকাৰ পতাৰ বাবে কলমেৰে অগ্নি বৰশিছিল, ছাত্ৰ আন্দোলনক কাকতৰ মাজেৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰে বিয়পাই দিছিল, দুখীয়া-নিচলাৰ হকৰ বাবে মাত মাতিছিল, চৰকাৰৰ ভুল নীতিৰ ক্ষুৰধাৰ সমালোচনা কৰিছিল। কিন্তু এই ৰাজদ্বীপ বাইলুং নামৰ মুখ্য সম্পাদকজনৰ বাবে জাতিৰ মূল সমস্যা হ’ল- মিটিঙত তাঁতশালত বোৱা গামোচাৰ পৰিৱৰ্তে পাৱাৰলুমৰ গামোচা দিয়াটোহে। এইটো অসমীয়া শিপিনীৰ বাবে চিন্তনীয়, কিন্তু শক্তিশালী-সাম্প্ৰদায়িক চৰকাৰক প্ৰশ্ন কৰিবলৈ সাহস নথকা সম্পাদকে আয়োজক সমিতিৰ বিৰুদ্ধেহে সৰৱ হয় বুলি সচেতন নাগৰিকৰ মাজত চৰ্চা চলিছে। ছ’চিয়েল মিডিয়াত এনে চৰকাৰলৈ ভয় কৰা সম্পাদকে ৰাইজৰ হৈ কি মাত মাতিব তাক লৈয়ো চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd