• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিতৰ্কত অনন্ত আম্বানীৰ ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাস : হাতীবোৰ উদ্ধাৰ নে অধিগ্ৰহণ কৰিছে আম্বানীয়ে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 2, 2024 6:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ বহুলভাবে চৰ্চা লাভ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে জামনগৰত প্ৰতিষ্ঠা কৰা ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাস তথা বনতৰা নামৰ উদ্যানখনে। পিছে এই  ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসৰ বিষয়ে উন্মোচিত হৈছে কেতবোৰ বিতৰ্কিত তথ্য।

নৰ্থইষ্ট নাওৰ অনুসন্ধানত পোহৰলৈ আহিছে ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসৰ বিষয়ে কেতবোৰ বিস্ফোৰক তথ্য।

Apply Now

অনন্ত আম্বানীয়ে শেহতীয়াকৈ দাবী কৰিছে যে গুজৰাটৰ জামনগৰৰ ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসে ২০০ৰো অধিক উদ্ধাৰ কৰিছে। এই হাতীবোৰ আঘাতপ্ৰাপ্ত অথবা ৰুগীয়া অৱস্থাত বিভিন্ন ঠাইৰ পৰা উদ্ধাৰ কৰি অনা বুলি দাবী কৰিছে অনন্ত আম্বানীয়ে।

কিন্তু এই হাতী সমূহ প্ৰকৃততে উদ্ধাৰ কৰি অনা হৈছে নে অধিগ্ৰহণ কৰা তাক লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ।

সংবাদ সংস্থা এএনআইক অনন্ত আম্বানীয়ে প্ৰদান কৰা ভাষ্য অনুসৰি আঘাতপ্ৰাপ্ত আৰু ৰুগীয়া হাতীবোৰৰ যত্ন লোৱাৰ বাবে ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসে গুৰুত্ব আৰোপ কৰিছে। এই হাতীবোৰ যত্ন লোৱাৰ বাবে  বনতৰা নামৰ উদ্যানখনত এটা পুষ্টি লেব, জংঘল নিৰ্মাণ, পশু চিকিৎসাৰ ব্যৱস্থা কৰা আদিও কৰা হৈছে।

আম্বানীয়ে দাবী কৰিছে ন্যাসটোৱে সমগ্ৰ ভাৰতৰ পৰা হাতী উদ্ধাৰ কৰি ৬০০ একৰ জংঘলৰ ভিতৰত হাতীৰ বিশেষ যত্ন আৰু প্ৰাকৃতিক বাসস্থানৰ ব্যৱস্থা কৰিছে। কিন্তু নৰ্থইষ্ট নাওৰ এক তদন্তত ভূৱা বুলি প্ৰমাণিত হৈছে অনন্ত আম্বানীৰ ভাষ্য।

তদন্তত দেখা গৈছে যে আম্বানীৰ সেই উদ্যানত থকা সুস্থ আৰু এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ স্থানান্তৰিত কৰাৰ বাবে উপযুক্ত হাতীবোৰৰ বহুকেইটা অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰাৰ অনা হৈছিল। এই হাতীবোৰ সুস্থ অৱস্থাতে অনা হৈছিল। কিন্তু আম্বানীয়ে এই হাতীবোৰ অসুস্থ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে অনা বুলি দাবী কৰিছে অনন্ত আম্বানীয়ে।

বিশিষ্ট বন্যপ্ৰাণী কৰ্মী মুবিনা আখতাৰে অভিযোগ কৰি কৈছে যে এই হাতীবোৰক উদ্ধাৰ কৰি অনা হৈছে বুলি কোৱা হৈছে। কিন্তু এই হাতীবোৰক পশু চিকিৎসকে এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ স্থানান্তৰিত কৰাৰ বাবে উপযুক্ত  বুলি প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। সাধাৰণতে অসুস্থ অৱস্থাত উদ্ধাৰ কৰা হাতীবোৰক এনে প্ৰমাণ পত্ৰ প্ৰদান কৰা নহয়।

মুবিনা আখতাৰে কয় – “পশু চিকিৎসকে এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ স্থানান্তৰিত কৰাৰ বাবে উপযুক্ত  বুলি গণ্য কৰিলে এইবোৰ কেনেকৈ উদ্ধাৰ কৰা হাতী হ’ব পাৰে? সাধাৰণতে উদ্ধাৰ কৰি অনা দুৰ্বল স্বাস্থ্যৰ জীৱ-জন্তুক এনে প্ৰমাণপত্ৰ প্ৰদান কৰা নহয়।”

চৰকাৰী তথ্য অনুসৰি ২০২১ চনত অৰুণাচলৰ পৰা কমেও ৩৯টা হাতী আম্বানীৰ উক্ত উদ্যান খনলৈ স্থানান্তৰিত কৰা হৈছে। কেৱল ২০২২ চনৰ এপ্ৰিল আৰু জুন মাহত ১৭টা স্থানান্তৰিত কৰা হৈছে ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসৰ পুনৰ্বাসন কেন্দ্ৰলৈ।

একেদৰে ২০২২ চনৰ পশু লোকপিয়ল অনুসৰি ত্ৰিপুৰাৰ পৰা জামনগৰস্থিত এই উদ্যানখনলৈ ২৩টা হাতী প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে শেহতীয়াকৈ ত্ৰিপুৰাৰ পৰা মুঠ ১২টা হাতী জামনগৰলৈ স্থানান্তৰিত কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল ।

আনহাতে ২০২৩ চনৰ এপ্ৰিল মাহত ন্যায়ালয়ে নিযুক্তি দিয়া এখন কমিটীয়ে অৰুণাচল প্ৰদেশৰ পৰা ২৩ টা হাতী ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসলৈ প্ৰেৰণ কৰিবলৈ অনুমতি দিয়াক লৈও সৃষ্টি হৈছিল বিতৰ্কৰ। কমিটীখনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল বিভিন্ন বন্যপ্ৰাণী সংগঠনে।

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কিছুসংখ্যক হাতী ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসলৈ দান কৰা বুলি কোৱা হৈছে যদিও সূত্ৰই দাবী কৰিছে যে বহুতো হাতী মধ্যভোগীৰ সহায়ত ক্ৰয়হে কৰা হৈছিল।

ৰিলায়েন্সৰ জামনগৰ শোধনাগাৰ কমপ্লেক্সৰ ভিতৰত বিশ্বৰ অন্যতম বৃহৎ চিৰিয়াখানা আৰু পুনৰ্বাসন কেন্দ্ৰ হৈছে আম্বানীয়ে প্ৰতিস্থা কৰা এই ‘বনতৰা’ নামৰ উদ্যানখন। পিছে এই উদ্যান কিমান সৎ উদ্দেশ্য লৈ নিৰ্মাণ কৰা হৈছে বা এই উদ্যানখন সম্পৰ্কে আম্বানীয়ে সংবাদ মাধ্যমক প্ৰদান কৰা তথ্য কিমান সত্য তাকে লৈ এতিয়া বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd