বিতৰ্কত অনন্ত আম্বানীৰ ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাস : হাতীবোৰ উদ্ধাৰ নে অধিগ্ৰহণ কৰিছে আম্বানীয়ে?

শেহতীয়াকৈ বহুলভাবে চৰ্চা লাভ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে জামনগৰত প্ৰতিষ্ঠা কৰা ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাস তথা বনতৰা নামৰ উদ্যানখনে। পিছে এই  ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসৰ বিষয়ে উন্মোচিত হৈছে কেতবোৰ বিতৰ্কিত তথ্য।

নৰ্থইষ্ট নাওৰ অনুসন্ধানত পোহৰলৈ আহিছে ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসৰ বিষয়ে কেতবোৰ বিস্ফোৰক তথ্য।

অনন্ত আম্বানীয়ে শেহতীয়াকৈ দাবী কৰিছে যে গুজৰাটৰ জামনগৰৰ ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসে ২০০ৰো অধিক উদ্ধাৰ কৰিছে। এই হাতীবোৰ আঘাতপ্ৰাপ্ত অথবা ৰুগীয়া অৱস্থাত বিভিন্ন ঠাইৰ পৰা উদ্ধাৰ কৰি অনা বুলি দাবী কৰিছে অনন্ত আম্বানীয়ে।

কিন্তু এই হাতী সমূহ প্ৰকৃততে উদ্ধাৰ কৰি অনা হৈছে নে অধিগ্ৰহণ কৰা তাক লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ।

সংবাদ সংস্থা এএনআইক অনন্ত আম্বানীয়ে প্ৰদান কৰা ভাষ্য অনুসৰি আঘাতপ্ৰাপ্ত আৰু ৰুগীয়া হাতীবোৰৰ যত্ন লোৱাৰ বাবে ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসে গুৰুত্ব আৰোপ কৰিছে। এই হাতীবোৰ যত্ন লোৱাৰ বাবে  বনতৰা নামৰ উদ্যানখনত এটা পুষ্টি লেব, জংঘল নিৰ্মাণ, পশু চিকিৎসাৰ ব্যৱস্থা কৰা আদিও কৰা হৈছে।

আম্বানীয়ে দাবী কৰিছে ন্যাসটোৱে সমগ্ৰ ভাৰতৰ পৰা হাতী উদ্ধাৰ কৰি ৬০০ একৰ জংঘলৰ ভিতৰত হাতীৰ বিশেষ যত্ন আৰু প্ৰাকৃতিক বাসস্থানৰ ব্যৱস্থা কৰিছে। কিন্তু নৰ্থইষ্ট নাওৰ এক তদন্তত ভূৱা বুলি প্ৰমাণিত হৈছে অনন্ত আম্বানীৰ ভাষ্য।

তদন্তত দেখা গৈছে যে আম্বানীৰ সেই উদ্যানত থকা সুস্থ আৰু এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ স্থানান্তৰিত কৰাৰ বাবে উপযুক্ত হাতীবোৰৰ বহুকেইটা অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰাৰ অনা হৈছিল। এই হাতীবোৰ সুস্থ অৱস্থাতে অনা হৈছিল। কিন্তু আম্বানীয়ে এই হাতীবোৰ অসুস্থ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে অনা বুলি দাবী কৰিছে অনন্ত আম্বানীয়ে।

বিশিষ্ট বন্যপ্ৰাণী কৰ্মী মুবিনা আখতাৰে অভিযোগ কৰি কৈছে যে এই হাতীবোৰক উদ্ধাৰ কৰি অনা হৈছে বুলি কোৱা হৈছে। কিন্তু এই হাতীবোৰক পশু চিকিৎসকে এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ স্থানান্তৰিত কৰাৰ বাবে উপযুক্ত  বুলি প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। সাধাৰণতে অসুস্থ অৱস্থাত উদ্ধাৰ কৰা হাতীবোৰক এনে প্ৰমাণ পত্ৰ প্ৰদান কৰা নহয়।

মুবিনা আখতাৰে কয় – “পশু চিকিৎসকে এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ স্থানান্তৰিত কৰাৰ বাবে উপযুক্ত  বুলি গণ্য কৰিলে এইবোৰ কেনেকৈ উদ্ধাৰ কৰা হাতী হ’ব পাৰে? সাধাৰণতে উদ্ধাৰ কৰি অনা দুৰ্বল স্বাস্থ্যৰ জীৱ-জন্তুক এনে প্ৰমাণপত্ৰ প্ৰদান কৰা নহয়।”

চৰকাৰী তথ্য অনুসৰি ২০২১ চনত অৰুণাচলৰ পৰা কমেও ৩৯টা হাতী আম্বানীৰ উক্ত উদ্যান খনলৈ স্থানান্তৰিত কৰা হৈছে। কেৱল ২০২২ চনৰ এপ্ৰিল আৰু জুন মাহত ১৭টা স্থানান্তৰিত কৰা হৈছে ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসৰ পুনৰ্বাসন কেন্দ্ৰলৈ।

একেদৰে ২০২২ চনৰ পশু লোকপিয়ল অনুসৰি ত্ৰিপুৰাৰ পৰা জামনগৰস্থিত এই উদ্যানখনলৈ ২৩টা হাতী প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে শেহতীয়াকৈ ত্ৰিপুৰাৰ পৰা মুঠ ১২টা হাতী জামনগৰলৈ স্থানান্তৰিত কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল ।

আনহাতে ২০২৩ চনৰ এপ্ৰিল মাহত ন্যায়ালয়ে নিযুক্তি দিয়া এখন কমিটীয়ে অৰুণাচল প্ৰদেশৰ পৰা ২৩ টা হাতী ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসলৈ প্ৰেৰণ কৰিবলৈ অনুমতি দিয়াক লৈও সৃষ্টি হৈছিল বিতৰ্কৰ। কমিটীখনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল বিভিন্ন বন্যপ্ৰাণী সংগঠনে।

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কিছুসংখ্যক হাতী ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসলৈ দান কৰা বুলি কোৱা হৈছে যদিও সূত্ৰই দাবী কৰিছে যে বহুতো হাতী মধ্যভোগীৰ সহায়ত ক্ৰয়হে কৰা হৈছিল।

ৰিলায়েন্সৰ জামনগৰ শোধনাগাৰ কমপ্লেক্সৰ ভিতৰত বিশ্বৰ অন্যতম বৃহৎ চিৰিয়াখানা আৰু পুনৰ্বাসন কেন্দ্ৰ হৈছে আম্বানীয়ে প্ৰতিস্থা কৰা এই ‘বনতৰা’ নামৰ উদ্যানখন। পিছে এই উদ্যান কিমান সৎ উদ্দেশ্য লৈ নিৰ্মাণ কৰা হৈছে বা এই উদ্যানখন সম্পৰ্কে আম্বানীয়ে সংবাদ মাধ্যমক প্ৰদান কৰা তথ্য কিমান সত্য তাকে লৈ এতিয়া বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে।