ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস : আজি মাজনিশাৰে পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ

Gas-cylinder-book-can-also-be-done-by-Facebook-and-Twitter-2

ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা ৰন্ধন গেছৰ মূল্য এইবাৰ হ্ৰাস পাইছে। ঘৰুৱা আৰু বাণিজ্যিক দুয়োবিধ চিলিণ্ডাৰৰে মূল্য হ্ৰাস পাব। আজি মাজনিশাৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন নিৰিখ কাৰ্যকৰী হ’ব।

নতুনকৈ নিৰ্দ্ধাৰণ কৰা মূল্য অনুসৰি ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ প্ৰতিটোৰ মূল্য ৩৩.৫০ টকাকৈ হ্ৰাস পাব। ৰাজ সাহায্যবিহীন ধৰুৱা চিলিণ্ডাৰতহে এই মূল্য হ্ৰাস পাব। আনহাতে, ৰাজ সাহায্যযুক্ত ঘৰুৱা চিলিণ্ডাৰৰ প্ৰতিটো চিলিণ্ডাৰত হ্ৰাস পাব ১.৪৬ টকাকৈ।

সেইদৰে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ৪৪ টকাকৈ হ্ৰাস পাব। অৱশ্যে, বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত হ্ৰাস পোৱা এই মূল্যই বজাৰত বিশেষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই।

বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানত বাণিজ্যিক চিলিণ্ডাৰৰ ব্যৱহাৰৰ বিপৰীতে ঘৰুৱা চিলিণ্ডাৰৰ ব্যৱহাৰ হৈ থকাৰ বৰ্তমানো অভিযোগ আছে। সংশ্লিষ্ট কৰ্তৃপক্ষই এইক্ষেত্ৰত নিৰীক্ষণৰ জৰিয়তে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই প্ৰায়েই  ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ নাটনি হোৱা দেখা যায়।

ইপিনে, সদৌ এলপিজি পৰিবহণ সংস্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ফলত ৰাজ্যবাসীয়ে ৰন্ধন গেছৰ সংকটত ভূগিবলগীয়া হৈছে। বিগত কেইবাদিন ধৰি এজেঞ্চীলৈ তাঁত বাতি কাঢ়িও গ্ৰাহকে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।