NORTHEAST NOW (Assamese)

বিয়াৰ প্ৰতিশ্ৰুতি দি মহিলা কনিষ্টবলক ধৰ্ষণৰ অভিযোগত জালত পৰিল উপ-পৰিদৰ্শক

December 5, 2020 11:33 am · এন ই নাও নিউজ
Updated: December 5, 2020 2:28 pm
প্ৰতিনিধিত্বমূলক ফটো।

জনসাধাৰণক নিৰাপত্তা দিয়াৰ দায়িত্বত থকা আৰক্ষী বিষয়াই সংঘটিত কৰিলে এক জঘন্য কাণ্ড! এন কাণ্ডৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিছে পুনেৰ এজন আৰক্ষী উপ-পৰিদৰ্শক।

বিয়াৰ প্ৰতিশ্ৰুতি দি আৰক্ষী বিষয়াজনে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে কাৰ্যালয়টোৰে এগৰাকী মহিলা কনিষ্টবলে।

স্বাভাৱিকতেই ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহাৰাষ্ট্ৰ আৰক্ষীৰ ৩৩বছৰীয়া মহিলা কনিষ্টবলগৰাকীয়ে শিৱাজীনগৰ আৰক্ষী থানাত তেওঁৰ অভিযোগ দাখিল কৰিছে।

অভিযোগ অনুসৰি, বৰ্তমান নানদেড আৰক্ষী থানাত কৰ্মৰত উপ-পৰিদৰ্শকজনৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। আৰক্ষী বিষয়াজনে বিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্কও কৰিছে।

কিন্তু এতিয়া বিয়াৰ কথা ক’লেই এৰাই চলে বিষয়াগৰাকীয়ে। তেওঁ হেনো স্পষ্ট কৰি দিছে যে এই বিয়া কৰাবলৈ তেওঁ সাজু নহয়।

মহিলা কনিষ্টবলগৰাকীয়ে অৱশেষত উপ-পৰিদৰ্শকজনৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰে। অভিযোগ পোৱাৰ পাছতে তৎপৰ হৈ পৰিছে আৰক্ষী।

উপ-পৰিদৰ্শকজনৰ বিৰুদ্ধে আৰক্ষীয়ে ধৰ্ষণ তথা প্ৰতাৰণাৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰিছে।

ঘটনাৰ তদন্ত চলাই থকা হৈছে আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ প্ৰমানিত হ’লে বিষয়াজনে আইনমতে শাস্তি পাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related News