• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী বিষয়া নিহত, অস্ত্ৰভাণ্ডাৰ লুট; জনতা-সেনাৰ সংঘৰ্ষই পুনৰ উত্তপ্ত কৰি তুলিছে মণিপুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2023 12:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ হিংসা সন্দৰ্ভত আলোচনাৰ দাবীত প্ৰায় স্থবিৰ সংসদীয় কাৰ্য্যপ্ৰণালী। কিন্তু অপৰিৱৰ্তিত মণিপুৰৰ পৰিস্থিতি। হিংসা কোনোমতেই বন্ধ নহয়। ইম্ফল পশ্চিম জিলাত উন্মত্ত জনতাৰ সৈতে হোৱা সংঘৰ্ষত আন এজন আৰক্ষী বিষয়া নিহত হোৱাৰ খবৰ পোৱা গৈছে।

তদুপৰি, বৃহস্পতিবাৰে বিষ্ণুপুৰ জিলাৰ কমেও দুটা নিৰাপত্তাৰক্ষীৰ চকীৰ পৰা অটোমেটিক বন্দুককে ধৰি বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ লুণ্ঠন কৰি নিয়ে উন্মত্ত জনতাই।

মণিপুৰ আৰক্ষীয়ে কয় যে ৰাজ্যখনৰ পৰিস্থিতি এতিয়াও অস্থিৰ আৰু উত্তেজনাপূৰ্ণ। ৰাজ্যজুৰি চলি আছে “গুলীবৰ্ষণ আৰু উত্তাল সমাৱেশৰ ঘটনা”।

লগতে পঢ়ক: ৰাণীত মৰ্মান্তিক ঘটনা! খাদ্যৰ সন্ধানত ওলাই অহা পোৱালীসহ ৩ টা হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, বিষ্ণুপুৰ জিলাৰ কেইৰেনফাবি আৰু থাংগালৱাইত অৱস্থিত মণিপুৰ সশস্ত্ৰ আৰক্ষীৰ ২য় বেটেলিয়নৰ দুটা আউটপোষ্টৰ পৰা লুণ্ঠন কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ।

হাইংগাং আৰু সিংজামেই আৰক্ষী থানাৰ পৰাও অস্ত্ৰ-শস্ত্ৰ লুট কৰাৰ চেষ্টা কৰা হৈছিল। সেই প্ৰচেষ্টা নিৰাপত্তাৰক্ষীয়ে ব্যৰ্থ কৰে।

ইপিনে, কাউত্ৰুক, হাৰাওথেল আৰু সেঞ্জাম চিৰাং অঞ্চলত দুইপক্ষৰ মাজত সংঘটিত হোৱা গুলীয়াগুলীৰ ঘটনাত এজন আৰক্ষী বিষয়া নিহত হয়। আন দুজন গুলীবিদ্ধ হৈছে।

লগতে পঢ়ক: অথলে গ’ল ৰিয়ান পৰাগৰ দৰ্শনীয় প্ৰদৰ্শন! দেওধৰ ট্ৰফীত ইষ্ট জ’নক পৰাস্ত কৰি চেম্পিয়ন ছাউথ জ’ন

নিহত আৰক্ষী বিষয়াজনৰ মূৰত গুলী লাগিছিল। আশংকা কৰা হৈছে যে উগ্ৰপন্থীয়ে ওচৰৰ পাহাৰীয়া অঞ্চলৰ পৰা স্নাইপাৰ ৰাইফলৰ পৰা গুলীচালনা কৰিছিল। কাউত্ৰুক আৰু সেনজাম চিৰাঙত সংঘটিত হোৱা গুলীয়াগুলীত এজন গাঁৱৰ স্বেচ্ছাসেৱকো আহত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱাৰে পৰা বিশেষকৈ বিষ্ণুপুৰ জিলাত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে। নিৰাপত্তাৰক্ষীৰ চলাচল বন্ধ কৰি ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ স্থানীয় ৰাইজে। ফুগাকচাও ইখাই অঞ্চলত প্ৰায় ৫০০-৬০০ লোকৰ সমাগম হয়। ৰাইজক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ চেল নিক্ষেপ কৰিবলগীয়া হয়। এই ঘটনাত ২৫ জন লোক আহত হয়।

অৱশ্যে অশান্ত অঞ্চলত শান্তি ঘূৰাই অনাৰ বাবে বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। কাউত্ৰু পাহাৰীয়া অঞ্চলত যৌথ নিৰাপত্তাৰক্ষীৰ অভিযানত ৭টা অবৈধ বাংকাৰ ধ্বংস কৰা হৈছে। মণিপুৰৰ পাহাৰীয়া আৰু উপত্যকা জিলাত মুঠ ১২৯টা চেকপইণ্ট স্থাপন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত আইন উলংঘা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে প্ৰায় ১০৪৭ জন লোক।

লগতে পঢ়ক: তুমুল হুলস্থুলৰ মাজতে লোকসভাত গৃহীত দিল্লী সেৱা বিধেয়ক; বিৰোধীৰ সদন ত্যাগ, নিলম্বিত আপ সাংসদ

নিৰাপত্তা বাহিনীয়ে জনসাধাৰণক উৰাবাতৰিত কাণ নিদিবলৈ আৰু ইণ্টাৰনেটত প্ৰচাৰিত ভুৱা ভিডিঅ’ৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনায়। লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী ঘূৰাই দিবলৈ আহ্বান জনোৱা হৈছে। ইপিনে, সাধাৰণ জনতাই কেতিয়া এই হিংসাৰ জুই নিৰ্বাপিত হ’ব, তালৈ অনিশ্চয়তাৰে সৈতে ৰৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd