• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

Modi in COP26 : মোদীৰ বাক্য, “পেৰিছ চুক্তিৰ অধীনত ২০৭০ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ এমিটাৰ নেট-জিৰ’ত উপণীত হ’ব ভাৰত”!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2021 5:04 pm
Modi in COP26
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰোপত ভ্ৰমণত ব্যস্ত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পেৰিছত অনুষ্ঠিত COP26 ক্লাইমেট ছামিট অংশগ্ৰহণ কৰিলে প্রধানমন্ত্ৰী মোদীয়ে।

এই সন্মিলনত ভাষণ প্ৰদান কৰি বিশ্বক হতবাক কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

২০১৪ চনৰ পৰাই ভাৰতবাসীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত ঘনে ঘনে হতবাক হৈ আহিছে।

কামেৰে নোৱাৰিলেও যোৱা ৭টা বছৰে দেশবাসীক ভাষণৰ ফুলজাৰিৰে মাষ্টাৰষ্ট্ৰোক দি আহিছে প্ৰধানমন্ত্ৰীয়ে।

এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ ফুলজাৰি তথা মাষ্টাৰষ্ট্ৰোক কেৱল দেশত সীমাৱদ্ধ হৈ থকা নাই।এইবাৰ সমগ্ৰ বিশ্ববাসীয়েও মোদীৰ এই মহিমাৰ ছাঁয়া দেখিবলৈ পালে।

প্ৰধানমন্ত্ৰী মোদী বৰ্তমান ব্যস্ত আছে ইউৰোপ ভ্ৰমণত। এই ভ্ৰমণৰ মাজতে মোদীয়ে ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত COP26 ক্লাইমেট ছামিট অংশগ্ৰহণ কৰে।

উক্ত সন্মিলনত অংশগ্ৰহণ কৰি মোদীয়ে স্বভাৱজাত ভাষণেৰে এইবাৰ সমগ্ৰ বিশ্ববাসীক হতবাক কৰি দিলে অভাৱনীয় প্ৰতিশ্ৰুতিৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পেৰিছ চুক্তিৰ অধীনত ২০৭০ চনৰ ভিতৰত ভাৰতে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ এমিটাৰ নেট-জিৰ’ত উপণীত হ’ব। অৰ্থাৎ এই সময়ছোৱাত ক্ৰমবৰ্ধমান গোলকীয় উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বন-ডাই-অক্সাইড নিৰ্গমণ শূণ্য কৰাৰ লক্ষ্যত উপণীত হ’ব।

Apply Now

প্ৰধানমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতিৰ পিছতে বিশ্ববাসী হতবাক হৈ পৰিছে।

বিশেষকৈ প্ৰশ্ন উঠিছে আমেৰিকা ব্ৰিটেইন আদি উন্নত দেশতকৈ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত পিছ পৰি থকা ভাৰতে কেনেকৈ এই লক্ষ্যত উপণীত হ’ব পাৰিব?

Also read : Assam by-election: উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ‘ক্লীন ছুইপ’, ধৰাষায়ী বিৰোধী

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে ভাৰতে ২০৩০ চনত ‘অ-জীৱাশ্ম শক্তি’ অৰ্থাৎ সৌৰ শক্তিৰ স্থাপনৰ ক্ষমতাৰ লক্ষ্য ৪৫০ৰ পৰা ৫০০ গিগাৱাটলৈ বৃদ্ধি কৰিব। তদুপৰি, এই সময়ছোৱাতে দেশৰ ৫০ শতাংশ শক্তি নৱীকৰণযোগ্য উৎসৰ দ্বাৰা পূৰণ কৰা হ’ব বুলিও মন্তব্য কৰে মোদীয়ে।

অৱশ্যে ভাৰত আৰু অন্যান্য উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ পৰা নিৰ্গমন-কৰ্তনৰ প্ৰতিশ্ৰুতিৰ বাবে উন্নত দেশসমূহৰ পৰা পুঁজি প্ৰয়োজন হ’ব বুলিও তেওঁ পুনৰ দোহাৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহে অতি শীঘ্ৰেই গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ বাবে ১ ট্ৰিলিয়ন ডলাৰ বিনিয়োগ কৰিব লাগিব।

এই পুঁজি কেনেকৈ নিৰ্ধাৰণ অথবা বিতৰণ কৰিব লাগিব সেই বিষয়ে প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰা নাই। মোদীৰ মতে যিবোৰ ৰাষ্ট্ৰই তেওঁলোকৰ জলবায়ু প্ৰতিশ্ৰুতি পালন কৰা নাই সেইবোৰ ৰাষ্ট্ৰক হেঁচা দিয়া উচিত।

উল্লেখ্য যে ব্লুমবাৰ্গৰ মতে জলবায়ু পৰিৱৰ্তন প্ৰকল্পৰ ওপৰত ৰাষ্ট্ৰ সংগই পেলেন প্ৰস্তুত কৰিছে আৰু সেই অনুসৰি অনাগত অৰ্ধ শতিকাৰ ভিতৰত বিশ্বত কাৰ্বন-ডা-অক্সাইড নিৰ্গমনৰ নেট-জিৰ’ত উপণীত হ’ব লাগিব। ইয়াৰ ফলস্বৰূপে ২০৭০ চনত পৃথিৱীৰ সেউজগৃহৰ গেছ শূণ্য হ’ব।

ধাৰণা কৰা হৈছে ৰাষ্ট্ৰ সংঘৰ এই পেনেলৰ হেঁচাতে প্ৰধানমন্ত্ৰী মোদীয়েও ভাৰতে ২০৭০ চনত নেট-জিৰ’ লক্ষ্যত উপণীত হ’ব বুলি ঘোষণা কৰিছে।

মন কৰিবলগীয়া কথা যে ২০১৫ চনৰ পেৰিছ চুক্তিৰ অধীনত এই লক্ষ্য নিৰ্ধাৰণ কৰা দেশৰ ভিতৰত ভাৰত হৈছে অন্তিম দেশ। ইতিমধ্যে আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নে ২০৫০ আৰু ভাৰতৰ প্ৰতিবেশী চীন ২০৬০ চনত এই লক্ষ্যত উপণীত হ’ব বুলি ঘোষণা কৰিছে।

উল্লেখ্য যে ২০১৫ পেৰিছ চুক্তিৰ অধীনত কাৰ্বন-নিৰ্গন হ্ৰাস কৰা পৰিকল্পনা দাখিল কৰা দেশবোৰে পাঁচ বছৰ পিছত অৰ্থাৎ ২০২০ চনৰ শেষৰ ফালে আপডেট প্ৰদান কৰিব লাগিছিল।

Also read : BY-Election Result Live Update থাওৰাত বিজেপিৰ অগ্ৰগতি; ৰাইজৰ দলৰ স্থিতি কি?

ইফালে উন্নত দেশবোৰে কাৰ্বনমুক্ত কৰা তথা গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ তথা হ্ৰাসকৰণৰ বাবে অধিক পুঁজি সংগ্ৰহ কৰাৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে। COP-26 উদ্বোধনী অনুষ্ঠানত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উন্নয়নশীল আৰু দৰিদ্ৰ দেশৰ নেতৃত্বই।

এতিয়া প্ৰশ্ন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি মতে ভাৰতে সঁচাই ২০৭০ চনত এই লক্ষ্যত উপণীত হ’ব নে? নে বিশ্ব সম্প্ৰদায়ৰ বিশেষকৈ ২০১৫ চনৰ পেৰিচ চুক্তিৰ হেঁচাত পৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই প্ৰতিশ্ৰুতি বিশ্ববাসী প্ৰদান কৰিলে।

কাৰণ প্ৰতিশ্ৰুতি পালনৰ ক্ষেত্ৰত দেশৰ ইতিহাসত মোদীয়ে হৈছে আটাইতকৈ ব্যৰ্থ প্ৰধানমন্ত্ৰী। ২০১৪ চনত দেশলৈ ক’লা ধন ওভতাই অনা, দেশৰ নাগৰিকৰ বেংক একাউণ্টত ১৫ লাখ টকা সোমোৱাই দিয়া, বছৰি ২ কোটি নিৱনুৱাক সংস্থাপন দিয়া, ইন্ধনজাত আৰু অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, ২০২৪ চনৰ ১৬ মে’ৰ পিছত টালি টোপোলা বান্ধি অবৈধ বাংলাদেশীক বাংলাদেশলৈ প্ৰেৰণ কৰা এশ এবুৰি প্ৰতিশ্ৰুতিৰ এটাও পালন কৰিবলৈ সক্ষম হোৱা নাই প্ৰধানমন্ত্ৰী মোদীয়ে।

এনে অৱস্থাত বিশ্ববাসীক নাভূত-নাশ্ৰুত প্ৰতিশ্ৰুতি দি প্ৰধানমন্ত্ৰীয়ে দেশৰ সন্মান ৰক্ষা কৰে নে নাক কাটে সেয়া ভৱিষ্যৎ প্ৰজন্মইহে জানিব পাৰিব। কাৰণ বিশ্ববাসীক দিয়া এই প্ৰতিশ্ৰুতিৰ জৱাবদিহি হ’বলৈ ২০৭০ চনলৈ প্ৰধানমন্ত্ৰী মোদীৰ লগতে হয়তো আমিও এই পৃথিৱীত নাথাকিম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

June 29, 2026 2:32 pm
ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

June 29, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd