NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ সংক্ৰমণত মৃত্যু দিল্লীত কৰ্মৰত সৰুপেটাৰ চি আৰ পি এফৰ জোৱান ইক্ৰাম হুছেইনৰ

April 28, 2020 8:15 pm · পুলেন্দ্ৰ দাস
Updated: April 28, 2020 10:56 pm
ইক্ৰাম হুছেইন

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছ মহামাৰীৰ সংক্ৰমণৰ ফলত দিল্লীত কৰ্মৰত বৰপেটা জিলাৰ সৰুপেটাৰ চি আৰ পি এফৰ এগৰাকী জোৱানৰ মৃত্যু হোৱাৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

জানিব পৰা মতে, বৰপেটা জিলা সৰুপেটা থানাৰ অন্তৰ্গত বৰবড়িৰ ইক্ৰাম হুছেইন ৩১ নং বেটেলিয়নৰ চি আৰ পি জোৱান হিচাপে দিল্লীত কৰ্তব্যৰত অৱস্থাত আছিল।

বিগত ২৩ এপ্ৰিলত ইক্ৰাম হুছেইনৰ শৰীৰত কোভিড-১৯ উপস্থিতি ধৰা পৰিছিল ৷

আনহাতে, চিকিৎসাধীন অৱস্থাতে দিল্লী ছফৰজং চিকিৎসালয়ত আজি ইক্ৰাম হুছেইন মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জানিব পাৰে।

এই দুসংবাদ লাভ কৰাৰ পাছতে জোৱান গৰাকীৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ বন্যা বয় ৷

সম্প্ৰতি দিল্লীতে ইক্ৰাম হুছেইনৰ মৃতদেহ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে আৰু মৃতদেহ নিজ গৃহলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায় দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

মৃত্যৰ সময়ত ইক্ৰাম হুছেইনে পত্নীসহ দুই পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় ৷

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি হৈ থকাৰ সময়ত কৰ্তব্যৰত বহু সুৰক্ষা কৰ্মী ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

Related News