• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতত প্ৰৱেশ কৰা ক’ৰ’না ভাইৰাছৰ পৰা কেনেদৰে বাচিব; জানক কেইটামান উপায়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 4, 2020 9:12 am

2 min read

https___cdn.cnn.com_cnnnext_dam_assets_200108214800-coronavirus
45.8k
VIEWS
Share on FacebookShare on Twitter

চীনত সংহাৰী ৰূপ ধাৰণৰ পিছতে বিশ্বৰ বিভিন্ন দেশত আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ প্ৰৱেশ ঘটিছে ভাৰতত। প্ৰায় ১০ জন লোকৰ দেহত এই ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰাত এতিয়া সাধাৰণ লোকৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে।

এই মহামাৰী ভাইৰাছবিধৰ পৰা ৰক্ষা পাবলৈ বিশ্বৰ বিভিন্ন স্বাস্থ্য সংস্থা সমূহে উপদেশ দিয়া কেতবোৰ নিৰ্দেশনা তথা নিয়ম সমূহ তলত উল্লেখ কৰা হ’ল।

১. যদি কোনো ব্যক্তিৰ কাঁহ, পানী লগা, জ্বৰ হোৱা বুলি জানিছে তেন্তে সেই ব্যক্তিজনৰ পৰা ০.৫ ৰ পৰা ২ মিটাৰ দূৰত্ব বজাই ৰাখিব। তদুপৰি বেমাৰী ব্যক্তিজনক মাস্ক পিন্ধিবলৈ কওক।

২. বহু সময়ত কাঁহিলে বা হাঁচিয়ালে তাৰ বিজানুবোৰ আশে-পাশে থকা বস্তুলৈ বিয়পিব পাৰে। মুখত হাত দি কাঁহিলে বা হাঁচি মাৰি মোবাইল, কম্পিউটাৰ মাউচ, কাপ বা অন্য তেনেধৰণৰ বস্তু চুৱে তেন্তে বিজানু বা ভাইৰাছবিধ তালৈ সংক্ৰমিত হ’ব পাৰে। এই বস্তুবোৰ চুলে হাত দুখন ভালকৈ নোধোৱাকে চকু বা নিজৰ শৰীৰ চুব নালাগে।

৩. এই ভাইৰাছবিধত আক্ৰান্ত ব্যক্তিয়ে যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰে যেনে প্লেট, কাপ আদিত ৪৮ ঘণ্টালৈকে ক’ৰ’না ভাইৰাছ জীৱিত হৈ থাকে। চাবোন বা অন্য তেনেধৰণৰ সামগ্ৰীৰে ধুইহে ভাইৰাছবিধ নোহোৱা কৰিব পাৰি।

৪. যদি ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকক চুইছে তেন্তে দুয়োখন হাত ভালকৈ ধুব লাগে।

৫. এই ভাইৰাছ বিধৰ পৰা হাত সাৰিবলৈ আপুনি পিন্ধা মাস্কখন এদিনতকৈ বেছি নিপিন্ধিব। এদিনতকে বেছি পিন্ধিলে বেক্টেৰিয়া ভিতৰলৈও যাব পাৰে।

৬. যদি কোনো লোক ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি সন্দেহ ভাৱ আহিছে তেন্তে সেই ব্যক্তিজনে ব্যৱহাৰ কৰা টাৱেল, খাদ্য, বাচন-বৰ্তন ব্যৱহাৰ নকৰিব।

৭. এই ভাইৰাছবিধ নাক, কাণ আৰু চকুৰ জৰিয়তেও সম্প্ৰসাৰিত হয়। সেয়ে যিকোনো বেমাৰী ব্যক্তিক লগ কৰাৰ পিছত নিজৰ শৰীৰৰ এই অংগ সমূহ হাত দুখন পৰিস্কাৰকৈ নোধোৱাকৈ স্পৰ্শ নকৰিব।

উল্লেখ্য যে যদিহে আপুনি বা আপোনাৰ ওচৰৰ কোনো লোক জ্বৰ, পানী লগা, কাঁহ, উশাহ-নিশাহ লোৱাত কষ্ট, ডিঙিৰ ভিতৰত বিষ আদি সমস্যাত ভুগে তেন্তে লগে লগে চকিৎসকৰ ওচৰত যাব বা যোৱাৰ পৰামৰ্শ দিব।

এটা কথা জানি থোৱা ভাল যে এই ৰোগবিধ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰমিত হয় সেয়ে এই ক্ষেত্ৰত অসাৱধানতা অৱলম্বন কৰা অনূচিত।

Recent News

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd