• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ৩২৪লৈ বৃদ্ধি; সৰ্বাধিক মহাৰাষ্ট্ৰত, উত্তৰ-পূবত শূন্য

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2020 12:55 pm
Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে ভাৰতত দেওবাৰলৈকে ৩২৪ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

আক্ৰান্তসকলৰ ভিতৰত ৪১ গৰাকী বিদেশী নাগৰিক।

কৰ’নাভাইৰাছত আক্ৰান্ত হৈ দেওবাৰ পৰ্য্যন্ত ভাৰতত ছগৰাকী লোক মৃত্যুমুখত পৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে ২২ গৰাকী ৰোগীক চিকিৎসাৰ পিছত যাবলৈ দিয়া হৈছে।

মহাৰাষ্ট্ৰত আটাইতকৈ বেছি আক্ৰান্ত চিনাক্ত হৈছে। দেওবাৰে এই সংখ্যাই ৬৩ চুইছেগৈ।

মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাই, নাগপুৰ আৰু পুনে চহৰ সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে। অত্যাৱশ্যকীয় সেৱাসমূহৰ বাহিৰে সকলো সেৱা ৩১ মাৰ্চলৈকে বন্ধ কৰা হৈছে।

কেৰালাত ৫২ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে—এই সংখ্যা দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক।

দেশৰ ৰাজধানী নতুন দিল্লীত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২৭ গৰাকী। আক্ৰান্তসকলৰ এগৰাকী বিদেশী নাগৰিক।

মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে দিল্লীৰ মল আৰু ৰেষ্টুৰেণ্টসমূহ বন্ধ ঘোষণা কৰিছে।

উত্তৰ প্ৰদেশত এগৰাকী বিদেশী নাগৰিককে ধৰি ২৫ জন লোক কৰ’নাভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে।

ৰাজস্থানত চিনাক্ত হৈছে দুগৰাকী বিদেশী নাগৰিককে ধৰি ২৪ গৰাকী কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগী।

তেলেংগানাত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ২১ গৰাকীলৈ বৃদ্ধি পাইছে, তাৰ ভিতৰত আছে ১১ গৰাকী বিদেশী নাগৰিক।

কৰ্নাটকত ২০ গৰাকী কৰ’নাভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে।

হাৰিয়ানাত ১৭ গৰাকী ৰোগী চিনাক্ত কৰা হৈছে। তাৰ ভিতৰত ১৪ গৰাকীয়েই বিদেশী নাগৰিক।

গুজৰাটত ১৪ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত কৰা হৈছে। পঞ্জাৱ আৰু লাডাখত চিনাক্ত হৈছে ১৩ গৰাকীকৈ ৰোগী।

তামিল নাডুত দুগৰাকী বিদেশীকে ধৰি মুঠ ছগৰাকী আৰু পশ্চিম বংগ আৰু জম্মু-কাশ্মীৰত চাৰিগৰাকীকৈ ৰোগী চিনাক্ত হৈছে।

চণ্ডীগড়ত আক্ৰান্তৰ সংখ্যা পাঁচলৈ বৃদ্ধি পাইছে।

অন্ধ্ৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত তিনিগৰাকীকৈ আৰু ওড়িছাত দুগৰাকী, পুডুচেৰি আৰু চত্তিশগড়ত এগৰাকীকৈ ৰোগী চিনাক্ত হৈছে।

অসমকে ধৰি উত্তৰ-পূবত এতিয়ালৈকে কোনো কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হোৱা নাই।

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত এগৰাকী শিশু কৰ’নাভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছিল। কিন্তু নমুনাৰ পুনৰ পৰীক্ষাত তেওঁক আক্ৰান্ত নহয় বুলি দেওবাৰে ঘোষণা কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ’নাভাইৰাছ সন্দৰ্ভত শুকুৰবাৰে কিছু বিশেষ ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ৫০ শতাংশক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে।

কৰ’নাভাইৰাছৰ আতংকৰ বাবে গুৱাহাটীত এইবাৰ সমূহ ৰঙালী বিহু উদযাপনৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে ২২ মাৰ্চৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৯ বজালৈকে দেশজুৰি আহ্বান কৰা জনতাৰ কাৰ্ফিউলৈ জনসাধাৰণে ব্যাপক সঁহাৰি জনাইছে।

গুৱাহাটীত সকলো দোকান-পোহাৰ, যান-বাহন বন্ধ হৈ থকাৰ লগতে সকলো বাট-পথ জনশূন্য হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd