• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাভাইৰাছক লৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 20, 2020 3:08 pm

4 min read

41.3k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাভাইৰাছক লৈ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰিছে।

সংবাদ মেলখনত মন্ত্ৰীজনে কৰ’নাভাইৰাছ ৰোধৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সন্দৰ্ভত বহুবিলাক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।

  • অসমৰ সংবাদ মাধ্যম, চিকিৎসক, নাৰ্ছ, আশা কৰ্মী, শিক্ষক আটায়ে সজাগতা কাৰ্যসূচী খুব সুন্দৰভাৱে কৰিছে বুলি উল্লেখ কৰি তাৰ বাবে মন্ত্ৰীজনে সকলোকে ধন্যবাদ জনায়।
  • বিমানবন্দৰত ১৬,৫০৮ গৰাকী লোকক স্ক্ৰিনিং কৰা হৈছে।৬২,৮৭০ গৰাকী ব্যক্তিক চিকিৎসালয়, ৰেলৱে ষ্টেচন বা অন্যান্য ঠাইত পৰীক্ষা কৰা হৈছে।
  • কাঁহ-জ্বৰ নেদেখিলে বিমান বন্দৰৰ পৰা মেডিকেল কলেজলৈ নিয়া নহয়। বাহিৰৰ পৰা অহা কোনো লোকক ধৰা নপৰিলেও ঘৰৰ আছুতীয়া ৰুমত ১৪ দিন ৰাখিবলৈ কোৱা হৈছে। ১০০৩ জন ব্যক্তিক home quarantine কৰাৰ ব্যৱস্থা কৰা হৈছে।
  • টেষ্টিং লেবৰটেৰি চাৰিটালৈ বৃদ্ধি কৰা হৈছে। যোৰহাট, গুৱাহাটী, ডিব্ৰুগড় আৰু নতুনকৈ শিলচৰত টেষ্টিং লেবহৈছে। ডিফু, তেজপুৰ আৰু বৰপেটাতো কৰাৰ চেষ্টা চলাই থকা হৈছে।
  • গুৱাহাটীত মুঠ ৩৯ জনক টেষ্ট কৰা হৈছে। ডিব্ৰুগড়ত ১১ জন, যোৰহাটত ৩ জন, শিলচৰত ২ জন। আটাইকেইটা চাম্পলেই নিগেটিভ।
  • অসমত কৰ’নাভাইৰাছ এতিয়ালৈকে ষ্টেজ ১ত আছে। কোনোবা এজনে লৈ আহিব লাগিব, তেতিয়াহে হ’ব। অসমৰ বাহিৰৰ ৰাজ্যৰ পৰা অহা সকলৰ সংখ্যা এতিয়া কমিছে। যদি ২২ মাৰ্চৰ পৰা কোনো নাহে, তেন্তে ৫ এপ্ৰিললৈকে এই তাৰিখৰ আগত অহাসকলে সাৱধানতা অৱলম্বন কৰিব লাগে।
  • বিটিচি নিৰ্বাচনক লৈ চৰকাৰৰ স্থিতি আজি বা কাইলৈ গধূলি জানিব পাৰিব।
  • যিকোনো ধৰণৰ পৰীক্ষা ৩১ মাৰ্চলৈকে অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব।
  • অহা কালিৰ পৰা চৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰী আহিব, বাকী ৫০ শতাংশই ঘৰৰ পৰা কাম কৰিব। তিনিদিন বা সাপ্তাহিক হিচাপত ৫০ শতাংশকৈ ভগাই ল’ব লাগিব। স্কুল, কলেজ বা অন্য চৰকাৰী কাৰ্যালয়ত এই ব্যৱস্থা কৰা হ’ব। এই নিৰ্দেশনা অলপ পিছতে দিয়া হ’ব আৰু কাইলৈৰ পৰা কাৰ্যকৰী হ’ব। ৩১ মাৰ্চলৈকে বাহাল থাকিব এই ব্যৱস্থা।
  • পৰহিৰ পৰা ৰেলৱে ষ্টেচন আৰু বিমান বন্দৰত বাহিৰৰ পৰা অহা যাত্ৰীক ষ্টাম্পিং কৰা হ’ব। ষ্টাম্প থকা লোকসকল ১৪ দিন ঘৰৰ ভিতৰত আছুতীয়াকৈ কটাব।
  • জৰুৰীকালীন সেৱাক বাদ দিয়া হৈছে এই ব্যৱস্থাৰ পৰা। স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ পৰা কৰ্মচাৰীলৈকে কাৰো ছুটী নাই। চিকিৎসক, নাৰ্ছ সকলো ২৪ ঘণ্টাই ৰাইজৰ সেৱাত থাকিব লাগিব।
  • কোনো যাত্ৰীবাহী বাহনতে থিয় হৈ যাত্ৰা কৰিব নোৱাৰিব। কেৱল বহি যাব পৰাখিনিহে বাছ বা যাত্ৰীবাহী বাহনত উঠিব।
  • শ্বপিং মলৰ ভিতৰত ৫০ জনতকৈ বেছি মানুহ থাকিব নোৱাৰিব। একেবাৰে মলসমূহ বন্ধ কৰি দিয়া নহয় যদিও মলৰ চাইজ অনুসৰি লোকক সোমাবলৈ দিয়া হ’ব।
  • চেনিটাইজাৰ নহ’লেও হ’ব যদি চাবোনেৰে ভালদৰে হাত ধোৱে। যিসকলে দোকান খুলি ৰাখিব বিচাৰিছে, সেইসকলে চেনিটাইজাৰ বা চাবোনেৰে গ্ৰাহকক হাত ধুৱ দিব লাগিব। এই ব্যৱস্থা নকৰিলে স্বাস্থ্য বিভাগৰ বিষয়া গৈ দোকান বন্ধ কৰি দিব। সকলো চৰকাৰী, বেচৰকাৰী কাৰ্য্যালয়ৰ সন্মুখত চেনিটাইজাৰ বা চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা ৰাখিব লাগিব।
  • যিসকল লোক এমাহৰ ভিতৰত বিদেশত ফুৰিবলৈ গৈ ঘূৰি আহিব পৰা নাই সেইসকলৰ একাউন্টত ২০০০ ডলাৰ ভৰাই দিয়া হ’ব। কাৰোবাৰ ভিজাৰ ম্যাদ উকলি গ’লে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰক জনালে এম্বেচিক জনোৱাৰ ব্যৱস্থা কৰা হ’ব।
  • অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিজ্ঞ যে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰচুৰ পৰিমাণে আছে। গতিকে ভীতি গ্ৰস্ত হৈ দোকানৰ পৰা সৰহকৈ অত্যাৱশ্যকীয় সামগ্ৰী কিনিব নালাগে।
  • বজাৰসমূহক মানুহৰ ভিৰ কমাবলৈ বাৰেপতি কোৱা হৈছে। আজি আৰু কাইলৈ দুদিন চোৱা হ’ব। যদি ভিৰ নকমে, তেন্তে বজাৰসমূহ বন্ধ কৰি দিয়া হ’ব।
  • জনসাধাৰণক ভিটামিন চি-যুক্ত আহাৰ খোৱাৰ বাবে আহ্বান।

ইতিমধ্যে সমগ্ৰ বিশ্বত ২,২০,০০০ লোক কৰ’নাভাইৰাছত আক্ৰান্ত হৈছে আৰু মৃতকৰ সংখ্যাই ৯,০০০ অতিক্ৰম কৰিছে।

অসমত বৰ্তমানলৈকে কোনো লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।

স্বাস্থ্য মন্ত্ৰ্যালয়ে বুধবাৰে সদৰী কৰা মতে ভাৰতত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৫১ গৰাকীলৈ বৃদ্ধি পাইছে। শেহতীয়া তথ্য মতে এই সংখ্যাই ১৯৫ চুইছেগৈ।

দেশত চিনাক্ত হোৱা কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগীৰ ভিতৰত ২৫গৰাকী বিদেশী নাগৰিক।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছ সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰিছে।

প্ৰধান মন্ত্ৰীয়ে দেশবাসীক সংযম ৰক্ষা কৰিব চলিবলৈ আৰু ২২ মাৰ্চৰ পুৱা ৭ৰ পৰা সন্ধিয়া ৯ বজালৈকে জনতাৰ কাৰ্ফিউৰ আহ্বান জনাইছে।

ভাৰত চৰকাৰে ইতিমধ্যে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ আধা সংখ্যকক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিছে।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত বি আৰু চি গ্ৰুপৰ লোকক এসপ্তাহ এৰি এসপ্তাহ কাৰ্য্যালয়লৈ আহিবলৈ নিৰ্দেশ দিছে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd