NORTHEAST NOW (Assamese)

কুম্ভমেলাত কৰ’নাৰ সংক্ৰমণ! তিনিশৰো অধিক আক্ৰান্ত, বহু সন্যাসী আইছ’লেশ্যনত

April 4, 2021 10:26 am · এন ই নাও নিউজ
কুম্ভমেলা। ফাইল ফটো।

উত্তৰাখণ্ডৰ হৰিদ্বাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা কুম্ভমেলাতো কৰ’নাৰ সংক্ৰমণ ঘটিছে। ৰাজ্য প্ৰশাসনৰ তৰফৰ পৰা এইকথা সদৰী কৰা হৈছে।

বাতৰি অনুসৰি, শংকৰাচাৰ্য চ’কৰ কৃষ্ণ আশ্ৰমৰ সাতজন সন্যাসী কৰ’নাত আক্ৰান্ত হৈছে আৰু তেওঁলোকক বৰ্তমান আইছ’লেশ্যনত ৰখা হৈছে।

বিগত চাৰিদিনত কুম্ভমেলাত কেইবাশ লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি কোৱা হৈছে।

কুম্ভমেলাৰ স্বাস্থ্য বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে এইবাৰৰ কুম্ভমেলাত আৰম্ভণিৰ পৰা এতিয়ালৈকে ৩০০জনৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

যোৱা ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এইবাৰৰ কুম্ভমেলা ৩০ দিন ধৰি চলিব। কিন্তু কৰ’নাই যিদৰে প্ৰভাৱ পেলাইছে সেয়া আগলৈ কেনে অৱস্থাৰ সৃষ্টি কৰে তাক লৈ উদ্বিগ্ন হৈ পৰিছে উত্তৰাখণ্ড চৰকাৰ।

কৰ’নাৰ সংহাৰৰ কথা মনত ৰাখি ৰাজ্য চৰকাৰে কিছুমান নিৰ্দেশনা প্ৰস্তুত কৰিছে। সেই অনুসৰি, আৰ টি- পিচিআৰ টেষ্টত নিগেটিভ পালেহে মেলাত প্ৰৱেশৰ অনুমতি দিয়া হ’ব। তদুপৰি, সেই ৰিপ’ৰ্ট সাত দিনৰ ভিতৰৰ হ’ব লাগিব।

দেশৰ আন আন প্ৰান্তৰ দৰে উত্তৰাখণ্ডতো কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাবলৈ লৈছে। সেয়ে মেলাৰ দায়িত্বত থকা বিষয়াসকল চিন্তিত হৈ পৰিছে।

এইবাৰৰ কুম্ভমেলাত ১২, ১৪ আৰু ২৭ এপ্ৰিলত তিনিটা চাহি স্নানৰ যোগ আছে। উক্ত দিনত এই স্নানত লাখ লাখ লোকে অংশ ল’ব।

স্বাভাৱিকতেই সেই সময়ছোৱাত কৰ’না বিধি কিমানদূৰ পালন সম্ভৱ হ’ব আৰু তাৰ পাছত কৰ’না পৰিস্থিতিয়ে কি ৰূপ লয় তাক লৈ ৰাজ্য চৰকাৰ শংকিত হৈ আছে।

Related News