Coronavirus India: উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়তে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ যোৱা ২৪ ঘন্টাত ৬শতাংশ হ্ৰাস পালে। সেইদৰে সক্ৰিয় ৰোগীৰ সংখ্যাও বিগত ১৯৯ দিনৰ ভিতৰত সৰ্বনিম্ন দেখা গৈছে।
দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ২২হাজাৰ ৮৪২ জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ২৪হাজাৰ ৩৫৪ জন লোক।
সেইদৰে, দেশত মুঠ কৰ’নাত আক্ৰন্তৰ সংখ্যা হৈছেগৈ ৩কোটি ৩৮লাখ ১৩ হাজাৰ ৯০৩জন।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২৪৪ জন কৰ’না আক্ৰান্ত লোকৰ মৃত্যু হৈছে।
সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪৮হাজাৰ ৮১৭জন।
দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ২৫হাজাৰ ৯৩০জন।
দেশত এতিয়ালৈকে মুঠ ৩কোটি ৩০ লাখ ৯৪হাজাৰ ৫২৯জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।
লগতে পঢ়ক: মুম্বাইৰ বিলাসী ক্ৰুজ পাৰ্টিত জব্দ ড্ৰাগছ; শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক জেৰা এনচিবিৰ
স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২লাখ ৭০হাজাৰ ৫৫৭জন। এয়া বিগত ১৯৯দিনৰ ভিতৰত সৰ্বনিম্ন।
আনহাতে, দেশত এতিয়ালৈকে ৯০কোটি ৫১ লাখ ৭৫ হাজাৰ ৩৪৮ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত প্ৰায় ৭৩লাখ ৫০হাজাৰতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন দিয়া হৈছে।
সেইদৰে বিগত ২৪ ঘন্টাত দেশত ১২লাখ ৬৫হাজাৰ লোকৰ কৰ’না পৰীক্ষা কৰা হৈছে।
ইপিনে, দেশত কৰ’না পৰিস্থিতিক কোনো কাৰণতে সহজভাৱে নল’বলৈ বিশেষজ্ঞসকলে আহ্বান জনাইছে।