NORTHEAST NOW (Assamese)

কভিড-১৯ত মৃত্যুবৰণ কৰা লোকসকল ‘গণহত্যা’ৰ বলি হৈছে! কোনে ক’লে?

March 27, 2021 10:17 am · এন ই নাও নিউজ

কভিড-১৯ত মৃত্যুবৰণ কৰা লোকসকলক ‘গণহত্যাৰ বলি’ হিচাপে গণ্য কৰিছে ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লুলা ডা চিলভাই।

দেশখনত এতিয়ালৈকে ৩০০,০০০জন কভিড ৰোগীয়ে মৃত্যুবৰণ কৰিছে, এইক্ষেত্ৰত কভিড ৰোগীৰ মৃত্যু তালিকাত দেশখনে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতকৈহে পাছ পৰি আছে।

মঙলাবাৰে দেশখনত ৩১৫৮ জনকৈ ৰোগীৰ মৃত্যু হয়।

”এয়া আমাৰ দেশৰ আটাইতকৈ ডাঙৰ গণহত্যা।”- লুলাই জাৰ্মানীৰ এখন সাপ্তাহিক কাকতৰ আগত এইদৰে কয়।

তদুপৰি দেশখনৰ ৰক্ষণশীল ৰাষ্ট্ৰপতি জাইৰ বলছনাৰো কভিড সম্পৰ্কে ব্ৰাজিলৰ জনসাধাৰণৰ আগত ফাঁকি মৰা বুলিও তেওঁ অভিযোগ কৰে।

”কভিড-১৯ৰ পৰা আমি ব্ৰাজিলক ৰক্ষা কৰিব লাগে।”- বলছনাৰোক সমালোচনা কৰি তেওঁ কয়- ”যদি এই লোকজনে এনেদৰে চৰকাৰ চলাই থাকে, তেন্তে ব্ৰাজিলে সহ্য নকৰিব।”

তদুপৰি বলছনাৰোক কভিড আক্ৰান্ত আৰু মৃত হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ ওচৰত ক্ষমা খুজিবলৈও প্ৰাক্তন ৰাষ্ট্ৰপতিজনে দাবী কৰে।

উল্লেখযোগ্য যে সোঁপন্থী ৰাষ্ট্ৰপতি বলছনাৰোৱে ক’ভিড-১৯ সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছিল কিন্তু নিজেও আক্ৰান্ত হৈ হাঁহিয়াতৰ পাত্ৰ হৈছিল।

Related News