ক’ৰ’না ভাইৰাছ : বাতিল কৰা হৈছে ঢেকীয়াখোৱা বৰনামঘৰ বিভিন্ন কাৰ্যসূচী

সমগ্র বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছ যাতে সংক্ৰমিত হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উজনি অসমৰ অন্যতম পবিত্ৰস্থান ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে কেতবোৰ বিশেষ সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে।

আজিৰ পৰা যোৰহাট জিলাৰ লাহদৈগড়ত অৱস্থিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘত কেৱল দৈনিক নাম প্ৰসংগৰ বাহিৰে ভাওনা আদি সকলো কাৰ্যসূচী বাতিল কৰা হয়।

ইয়াৰো উপৰি ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে  নামঘৰ প্ৰাঙ্গনত থকা পৰ্যটন গৃহ, আলহী ঘৰ আদি সকলো অহা ২৯ মাৰ্চ পৰ্যন্ত পৰ্যটকৰ বাবে বন্ধ কৰি দিছে।

উল্লেখযোগ্য যে অসমত বৰ্তমানলৈকে ক’ৰ’না ভাইৰাছত আক্ৰান্ত কোনো ৰোগী ধৰা পৰা নাই। অসমত এই পৰ্যন্ত মূঠ ৫৫জন লোকক টেষ্ট কৰা হৈছে যদিও আটাইকেইটা চাম্পলেই নিগেটিভ বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমক জনায়।