বতাহৰ জৰিয়তে ক’ৰ’ণা ভাইৰাছ বিয়পিব নাযায় বুলি ইমান দিনে বিশ্ব স্বাস্থ্য সংস্থাই কৈ আহিছিল যদিও শেহতীয়াকৈ এই প্ৰসংগত সুৰ সলনি কৰিছে বিশ্বৰ শীৰ্ষ সংস্থাটোৱে।
বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰিকৰী শাখাৰ মুৰব্বী মাৰিয়া ভন কেৰখভে সংস্থাটোৰ পূৰ্বৰ স্থিতি সলনি কৰি কৈছে যে বতাহৰ জৰিয়তেও ক’ৰ’ণা ভাইৰাছ বিয়পিব পাৰে।
তেওঁ এই প্ৰসংগত কয় যে বতাহৰ জৰিয়তে ক’ৰ’ণা ভাইৰাছ বিয়পি পৰাৰ উদাহৰণ পোৱা গৈছে।
ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই কৈছিল যে কেৱল ৰোগীয়ে কাঁহিলে বা হাঁচিয়ালে যি কণিকা চিটিকি পৰে তাৰ পৰাহে ক’ৰ’ণা ভাইৰাছ বিয়পিব পাৰে।
সেই বাবে সামাজিক দূৰত্ব বজাই ৰখাৰ বিষয়ত সকলোৱে গুৰুত্ব দি আহিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়াৰ সঞ্চালক ড. পুনম ক্ষেত্ৰপাল সিঙেও বতাহত ক’ৰ’ণা ভাইৰাছ বিয়পি নাযায় বুলি কৈছিল আৰু তেওঁ সেয়ে কেৱল হাত ধোৱা তথা মাস্ক পিন্ধাৰ বিষয়তহে গুৰুত্ব দিছিল।
কিন্তু শেহতীয়াকৈ আমেৰিকাৰ পৰা প্ৰকাশিত নিউয়ৰ্ক টাইমছত প্ৰকাশ পোৱা এক খবৰ মতে ক’ৰ’ণা ভাইৰাছ কেৱল ৰোগীৰ কাঁহ, হাঁচিৰ পৰা ওলোৱা জল কণিকাৰ পৰাই বিয়পি নাযায়,ৰোগীৰ উশাহ-নিশাহ বতাহত মিলি গ’লেও বতাহৰ পৰাই ক’ৰ’ণা ভাইৰাছ বিয়পিব পাৰে।
এই ক্ষেত্ৰত সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই পূৰ্বে যি ঘোষণা কৰিছিল সেয়া সলনি কৰিবলৈ আহ্বান জনাইছিল বিশ্বৰ ৩২ খন দেশৰ ২৩৯ গৰাকী বিজ্ঞানীয়ে।
এই সকল বিজ্ঞানীয়ে এই বুলি কৈছিল যে কেৱল ড্ৰপলেটৰ জৰিয়তে নহয়,বতাহত ভাঁহি ফুৰা ক’ৰ’ণা ভাইৰাছৰ সৰু কণিকা এটাৰ পৰাও লোক এজন ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হব পাৰে।
বিশ্বৰ ৩২ খন দেশৰ ২৩৯ গৰাকী বিজ্ঞানীয়ে কৰা দাবীকে সঁচা বুলি মানি লৈ বিশ্ব স্বাস্থ্য সংস্থাই দিলে ভয়াৱহ বতৰা—বতাহত বিয়পে ক’ৰ’ণা ভাইৰাছ !