• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , March 23, 2020 5:49 pm

2 min read

2.2k
VIEWS
Share on FacebookShare on Twitter

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে অধিক তৎপৰ হৈছে স্বাস্থ্য বিভাগ। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পৰিদৰ্শন কৰে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল।

মন্ত্ৰীগৰাকীয়ে হাস্পতালখনত শেহতীয়াকৈ প্ৰৱৰ্তন কৰা আইছ’লেশ্বন ৱাৰ্ড আৰু স্ক্ৰিনিং টেষ্ট ব্যৱস্থাৰ বুজ লোৱাৰ লগতে হাস্পতালখনৰ মুখ্য অধীক্ষক, অধীক্ষকসহ চিকিৎসক-চিকিৎসাকৰ্মীৰ সৈতেও মত বিনিময় কৰে।

ক’ভিড ১৯ প্ৰতিৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষক বিভিন্ন নীতি-নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ চিকিৎসক-চিকিৎসাকৰ্মীসকলক উৎসৰ্গিত মনোভাৱেৰে কৰ্তব্য পালন কৰি যাবলৈও অনুৰোধ জনায়। লগতে বিপদৰ সময়ত হাস্পতালখনৰ চিকিৎসক-চিকিৎসাকৰ্মীক বৰপেটা এৰি নাযাবলৈও আহ্বান জনায়।

দুই-এদিনতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰীক্ষাগাৰক আই চি এম আৰ কেন্দ্ৰই স্বীকৃতি প্ৰদান কৰিব বুলি মন্ত্ৰী শৰ্মাই ঘোষণা কৰে।

বিদেশ অথবা বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ১৪ দিনৰ বাবে ঘৰৰ ভিতৰত আছুতীয়াকৈ থকাত গুৰুত্ব আৰোপ কৰিবলৈ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। অন্যথা কোনো কোনোৱে নিজৰ পিতৃ-মাতৃ অথবা আত্মীয়ক হেৰুৱাবলগীয়া হ’ব পাৰে বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আশংকা ব্যক্ত কৰে।

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিৱ সমীৰ সিনহা উপস্থিত থাকে ৷

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd